প্ৰকৃতিয়ে অসমত পুনৰ ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে৷ শেহতীয়াকৈ ৰাজ্যখনত নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনে আমাক পুনৰ শংকিত কৰি তুলিছে৷ বাৰিষাৰ আৰম্ভণিতে বজালী, দৰং আৰু কামৰূপ জিলা বানপানীৰ কৱলত পৰে আৰু পাছলৈ কাছাৰ, বিশেষকৈ শিলচৰ চহৰৰ প্ৰলয়ংকৰী বানৰ সংহাৰী ৰূপে সকলোকে জোকাৰি যায়৷ এই অভাৱনীয় প্ৰাকৃতিক পৰিঘটনাটোৱে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ উন্নয়নমূলক কাম-কাজসমূহ ব্যাহত কৰি জনসাধাৰণৰ আৰ্থ-সামাজিক দিশত যথেষ্ট প্ৰভাৱ পেলাইছে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অহৰহ প্ৰচেষ্টা সত্ত্বেও, এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত কিন্তু সদায় প্ৰকৃতিয়েই গ্ৰহণ কৰে৷
ডিমা হাচাওত ভূমিস্খলনৰ দৃশ্যটো আচলতে প্ৰকৃতিৰ দীৰ্ঘদিনীয়া ক্ৰোধৰ ভৱিষ্যতবাণীৰ এটা অংশহে৷ শিলচৰ চহৰত হোৱা অভূতপূৰ্ব বান পৰিস্থিতি আৰু গুৱাহাটীত হোৱা কৃত্ৰিম বানপানীয়ে জনজীৱনক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিলে৷ ই মানৱসৃষ্ট নে প্ৰাকৃতিক, তাক লৈ বিতৰ্ক অব্যাহত থাকিব পাৰে৷ কিন্তু, ৰাজ্যখনত প্ৰতিবছৰে হৈ থকা গৰাখহনীয়া আৰু বানপানীৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবে বৰ্তমানৰ দৃষ্টিভংগী সলনি কৰিব লাগিব৷
বৰ্তমানৰ চৰকাৰখনে যোৱা বছৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰেপৰা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক বিশেষভাৱে তৎপৰ হোৱা দেখা গৈছিল৷ তেওঁ বান্ধ, মথাউৰি আদি নিয়মীয়াকৈ পৰিদৰ্শন কৰি বান নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আন্তঃবিভাগীয় সহযোগিতা বৃদ্ধিৰ বাবে আহ্বান জনাইছিল৷ কিন্তু, এনে জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰৰ আৰু অধিক চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে৷
বানপানীৰ ফলত জীৱন আৰু সম্পত্তি হানি হোৱাটো একপ্ৰকাৰে অৱধাৰিত যদিও পূৰ্বৰ অভিজ্ঞতাৰ বিশ্লেষণেৰে ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পৰাটোৱেই হৈছে চৰকাৰ এখনৰ সফলতাৰ পৰিচায়ক৷ অসমৰ চিৰস্থায়ী সমস্যা হৈ পৰা বানপানীৰ পুনৰাবৃত্তিয়ে পৰ্যায়ক্ৰমে ৰাজ্যখনৰ বিকাশৰ সম্ভাৱনাক উপলব্ধি কৰাত বাধা দি আহিছে৷ কেন্দ্ৰ আৰু ৰাজ্যৰ সমন্বিত সাহায্য তথা পুনৰ্সংস্থাপন ব্যৱস্থাই কেৱল হ্ৰস্বম্যাদী আৰু সীমিত সমাধানৰ পথ দেখুৱাব পাৰে যদিও স্থায়ী বান নিয়ন্ত্ৰণ পদ্ধতিৰ বাহিৰে কোনো বিকল্প নাই৷
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে বানপানী আৰু গৰাখহনীয়া হ্ৰাস কৰাৰ উদ্দেশ্যে কিছু হ্ৰস্ব আৰু মধ্যম্যাদী নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সঁচা৷ কিন্তু, অচিৰেই এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে এক দীৰ্ঘম্যাদী বৈজ্ঞানিক পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ প্ৰয়োজন৷