অসমৰ বিনিয়োগ উপযোগী সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহৰ বিকাশ আৰু প্ৰসাৰেৰে ৰাজ্যখনৰ উন্নয়নক নতুন গতি দিবলৈ চলিত বৰ্ষৰ ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হয় ‘এডাভাণ্টেজ আছাম ২.০’। এই সন্মিলনখন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলে ভৱিষ্যৎমুখী এক নতুন যাত্ৰাৰ দিশলৈ আগবাঢ়িছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অপৰিসীম সম্ভাৱনা আৰু বিকাশক বিশ্বৰ সৈতে সংযোগ কৰাৰ এটা বৃহৎ পদক্ষেপ।”
২৫ ফেব্ৰুৱাৰী তাৰিখে সন্মিলনখন উদ্বোধন কৰাৰ সময়ছোৱাত বিনিয়োগকাৰী, উদ্যোগপতি, ৰাজনীতিবিদ আৰু কূটনীতিবিদসকল উপস্থিতি আছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আমি বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ দিশে আগবাঢ়ি থকাৰ সময়ত পূব ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলে নিজৰ প্ৰকৃত সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰিব,” এই কথা সদৰী কৰি তেখেতে এডভাণ্টেজ আছামক এই সম্ভাৱনাসমূহ প্ৰদৰ্শনৰ প্ৰতীক হিচাপে বৰ্ণনা কৰে আৰু এনে এক বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনায়।
২০১৩ চনত আগবঢ়োৱা নিজৰ বক্তব্যৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে আৰু ‘এ ফৰ আছাম’ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ দিনটো চমু চাপি আহিছে বুলি উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতৰ উন্নয়নত অসমৰ অৰ্থনৈতিক অৱদান ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০১৮ চনত অনুষ্ঠিত প্ৰথম এডভাণ্টেজ আছাম সন্মিলনৰ সময়ত অসমৰ অৰ্থনীতিৰ মূল্য আছিল ২.৭৫ লাখ কোটি টকা আৰু বৰ্তমান অসম প্ৰায় ৬ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্যত পৰিণত হৈছে। কেৱল ৬ বছৰতেই অসমৰ অৰ্থনীতি দুগুণ বৃদ্ধি হোৱাৰ লগতে অসম আজি অযুত সম্ভাৱনাৰ ৰাজ্য হিচাপে পৰিণত হৈছে।”

অসমে ২০৩০ চনৰ ভিতৰত ১৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি গঢ়াৰ বাবে কৰা লক্ষ্য নিৰ্ধাৰণৰ কথাও তেখেতে উল্লেখ কৰে আৰু অসমৰ জনতাৰ সহযোগিতামূলক মনোভাব তথা উন্নয়নৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰৰ বাবে এই লক্ষ্যত উপনীত হোৱাৰ বাটটো সহজ হৈ পৰিব বুলি কয়।
তেখেতে লগতে কয়, “দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ সংযোগস্থল হিচাপে অসমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই ভূমিকাৰ সঠিক প্ৰয়োগ কৰিবলৈ উত্তৰ-পূব পৰিৱৰ্তনশীল ঔদ্যোগীকৰণ আঁচনি ‘উন্নতি’ আৰম্ভ কৰা হৈছে, যাৰ জৰিয়তে অঞ্চলটোত উদ্যোগ, বিনিয়োগ আৰু পৰ্যটনৰ অভূতপূৰ্ব পৰিৱৰ্তন আহিব,” এই কথা সদৰী কৰি তেখেতে উদ্যোগীসকলক এই আঁচনিৰ লগতে অসমৰ সম্ভাৱনাসমূহৰ লাভালাভ প্ৰাপ্ত কৰিবলৈ আহ্বান জনায়।
নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে অসমে বিশ্ব বাণিজ্যত নিজৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰি আহিছে। ভাৰতৰ স্থলভাগত ৫০%তকৈ অধিক প্ৰাকৃতিক গেছ উৎপাদন অসমৰ পৰা হয় আৰু বিগত বছৰসমূহত শোধনাগাৰৰ ক্ষমতাও উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয়। ইলেক্ট্ৰ’নিক্স, ছেমিকণ্ডাক্টৰ আৰু সেউজ শক্তিৰ ক্ষেত্ৰতো অসমে দ্রুতগতিত আগবাঢ়ি গৈ আছে বুলি তেখেতে উল্লেখ কৰে। তদুপৰি চৰকাৰী নীতিৰ বাবে অসম উচ্চ প্ৰযুক্তিৰ উদ্যোগ আৰু ষ্টাৰ্ট-আপৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
শেহতীয়াকৈ কেন্দ্ৰীয় বাজেটত নামৰূপ-৪ প্ৰকল্পৰ অনুমোদনৰ কথা উল্লেখ কৰি তেখেতে কয়, “এই ইউৰিয়া উৎপাদন প্ৰকল্পই উত্তৰ-পূব আৰু ভাৰতৰ ইউৰিয়াৰ চাহিদা পূৰণ কৰিব। এইক্ষেত্ৰত পূব ভাৰতৰ এক বৃহৎ উৎপাদন কেন্দ্ৰ হিচাপে অসম পৰিগণিত হোৱাৰ দিনটো বেছি দূৰৈত নাই।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে গৌৰৱৰে কয় যে ভাৰতৰ ছেমিকণ্ডাক্টৰ উৎপাদনৰ ক্ষেত্ৰতো অসম এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। “ভাৰতৰ গতি আৰু পৰিসৰৰ লগে লগে দেশখনে অৰ্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত আগশাৰীৰ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব। যাৰ জৰিয়তে লাখ লাখ লোকৰ বাবে কৰ্মসংস্থাপন সৃষ্টি হ’ব আৰু অসমৰ অৰ্থনৈতিক দিশটোক লাভান্বিত কৰিব,” নৰেন্দ্ৰ মোদীয়ে কয়।
তেখেতে কয়, “উত্তৰ-পূব আৰু পূব ভাৰতে আজি অৰ্থনীতি, পৰ্যটন, কৃষি, উদ্যোগ, পৰিবহণ আৰু লজিষ্টিকছত দ্রুতগতিত আগবাঢ়ি গৈছে। ভাৰতৰ উন্নয়নৰ যাত্ৰাত এই অঞ্চলটোৱে অগ্ৰণী ভূমিকা লোৱাৰ দিশটো বিশ্ববাসীয়ে সোনকালেই প্ৰত্যক্ষ কৰিব।”
নৰেন্দ্ৰ মোদীয়ে সকলোকে অসমৰ উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হ’বলৈ আহ্বান জনায় আৰু ভাষণৰ সামৰণিত অসমক গ্ল’বেল ছাউথত ভাৰতৰ সামৰ্থ্যক নতুন উচ্চতালৈ লৈ যোৱা ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সংঘবদ্ধ প্ৰচেষ্টা আগবঢ়াবলৈ কয়।