এডভাণ্টেজ আছাম ২.০-এ এক ঐতিহাসিক সফলতা অর্জন কৰিছে। এই সন্মিলনত ৫.১৮ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে আৰু এই সংখ্যা হৈছে এডভাণ্টেজ আছাম প্ৰথম সংস্কৰণত হোৱা বিনিয়োগৰ প্ৰায় পাঁচগুণ। এই বৃহৎ বিনিয়োগে অসমক এখন অগ্ৰণী ব্যৱসায়িক কেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰত এক পৰিৱর্তনশীল যুগৰ সূচনা কৰিছে। আগশাৰীৰ উদ্যোগসমূহৰ অংশগ্ৰহণে অনাগত দিনত অসমৰ উদ্যোগ আৰু আন্ত:গাঁথনিত নতুন বিকাশ আৰু প্ৰগতিৰ বাট দেখুৱাব।
সন্মিলনৰ প্ৰথম দিনাই টাটা পাৱাৰে অসম চৰকাৰৰ লগত এক চুক্তিত স্বাক্ষৰ কৰে। যাৰ জৰিয়তে ৰাজ্যখনত ৫০০০ মেগাৱাট নৱীকৰণযোগ্য শক্তি প্রকল্প যেনে সৌৰ, বতাহ, জলবিদ্যুৎ আৰু শক্তি সংৰক্ষণ উদ্যোগ স্থাপন হ’ব। এই খণ্ডত আগন্তুক ৫ বছৰত ৩০,০০০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব।
তদুপৰি এছাৰ গ্ৰুপে সৌৰ শক্তি, বেটাৰী সংৰক্ষণ আৰু কয়লাক সামৰি ২,১০০ কোটি টকাৰ বিনিয়োগৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।
দেশৰ অন্যতম বৃহৎ উদ্যোগ বেদান্ত গ্ৰুপে ৰাজ্যখনৰ তেল-গেছ খণ্ডৰ অন্বেষণ, ক্ৰীড়া আৰু আনুষংগিক খণ্ডত ৫০,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। এই বিনিয়োগৰ লক্ষ্য হৈছে অহা দুবছৰৰ ভিতৰত গোলাঘাট, যোৰহাট আৰু শিৱসাগৰত ১,০০,০০০ বেৰেল তেল উৎপাদন কৰা।
জে এছ ডব্লিউ গ্ৰুপে ৰাজ্যখনত চিমেণ্ট, নৱীকৰণযোগ্য শক্তি আৰু তাপ বিদ্যুৎ উদ্যোগ স্থাপন কৰিবলৈ ৭,০০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা অসমত এক বৃহৎ তাপ বিদ্যুৎ কেন্দ্র স্থাপন কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত গ্ৰুপটোৰ শক্তিশালী প্ৰভাৱ নিশ্চিত কৰি উদ্যোগ আৰু আন্ত:গাঁথনিত নতুন দিশৰ সূচনা কৰিব।
গেছ আৰু পৰিবহণ খণ্ডৰ উত্তৰণ নিশ্চিত কৰি আদানী ট’টেল গেছে নগৰ গেছ বিতৰণ, ইভি চার্জিং, বায়’মাছ, এল এন জি ব্যৱস্থাপনা আদিৰ বাবে ৫,০০০ কোটি টকাৰ বিনিয়োগ কৰিব।
অইল ইণ্ডিয়া লিমিটেডেও অসমত অন্বেষণ আৰু উৎপাদন বৃদ্ধি, চি এন জি আৰু পি এন জি যোগানৰ বাবে ২৩,৩০০ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে।
নুমলীগড় ৰিফাইনেৰী লিমিটেডে ছালফাৰ প্লাণ্ট, মাল্টিম’ডেল টাৰ্মিনেল, ৰেল-সংযোগযুক্ত টাৰ্মিনেল, এল পি জি বটলিং, বিমান ইন্ধন আৰু গ্ৰীণ হাইড্ৰ’জেনৰ বাবে ১০,৭১১ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে।
ইন্দ্ৰধনুষ গেছ গ্ৰীডে গেছ যোগান নেটৱৰ্ক উন্নত কৰিবলৈ ১,২০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে, যাৰ জৰিয়তে সংযোগ স্থাপনৰ লগতে আন বিভিন্ন ক্ষেত্ৰত সহায় হ’ব।
বিৰিঞ্চি হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডে গুৱাহাটীত ৫০০খন বিছনাযুক্ত চুপাৰ-স্পেচিয়েলিটি হাস্পতাল স্থাপনৰ বাবে ৭০০ কোটি টকাৰ বিনিয়োগৰ চুক্তিত স্বাক্ষৰ কৰিছে।
আল্ট্ৰা টেক চিমেণ্টে চিমেণ্ট গ্ৰাইণ্ডিং ইউনিট আৰু চিমেণ্ট-বাল্ক টাৰ্মিনেল স্থাপন কৰিবলৈ ৭০০ কোটি টকাৰ চুক্তি কৰিছে। তদুপৰি কপাৰ প্লাছ হ’ল্ডিং এছ এ কে-এ খননকাৰ্যৰ অন্বেষন আৰু সংশ্লিষ্ট সেৱাৰ বাবে ১,০০০ কোটি টকাৰ বিনিয়োগ কৰিব।
কাজিৰঙাত পাঁচ তাৰকাযুক্ত বিলাসী ইক’ ৰিজ’ৰ্ট গঢ়ি তোলাৰ বাবে তামাৰা লেজাৰ এক্সপিৰিয়েন্স প্ৰাইভেট লিমিটেডে ২৭৫ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
ইয়াৰ উপৰি গ্ল’বেল হেল্থ লিমিটেডে অসমৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৫০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
আন আন আগশাৰীৰ বিনিয়োগকাৰীসকলৰ ভিতৰত আছে ডি পি ৱৰ্ল্ড, ৱেলছপান, এ এম ইউ এল আৰু বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যন আদি।
অসম চৰকাৰৰ সৈতে দুখন অবিত্তীয় বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ পাছত আই টি ই শিক্ষা সেৱা ছিংগাপুৰৰ প্ৰতিনিধিয়ে অসম বাৰ্তাৰ প্ৰতিৱেদকক কয়, ‘এয়া সঁচাকৈয়ে মানৱ সম্পদ গঢ় দিয়া তথা ইয়াৰ বিকাশৰ বাবে লোৱা এক বৃহৎ সিদ্ধান্ত। এই প্ৰচেষ্টাত অসম চৰকাৰৰ সৈতে সহযোগিতা কৰি আমি উৎফুল্লিত হৈছোঁ। আমি একেলগে কাম কৰি ৰাজ্যখনক ভাৰতৰ পৰৱৰ্তী শক্তিকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিম।”
এই বিষয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়, ‘অহা এমাহৰ পৰা আমি ২ লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদানৰ সম্ভাৱনা থকা বুজাবুজি চুক্তিসমূহৰ বিষয়ে আলোচনা কৰিম। স্বাক্ষৰিত চুক্তিৰ ৭০% কাৰ্যকৰী কৰিব পাৰিলেও আগন্তুক ৫ বছৰত অসমে উন্নয়নৰ নতুন ৰূপৰ সাক্ষী হ’ব।”
তেখেতে লগতে কয় যে কোম্পানীসমূহৰ সৈতে ব্যক্তিগত আলোচনা শীঘ্ৰে আৰম্ভ হ’ব। “অহা ৬ মাহত আমি তেওঁলোকৰ সৈতে প্ৰস্তুতিমূলক ৰোডমেপৰ বাবে আলোচনা কৰিম।”