এডভাণ্টেজ আছাম ২.০ৰ বিশ্বব্যাপী প্ৰচাৰৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকী বিষয়াই শেহতীয়াকৈ দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰে। ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ভ্ৰমণকালত তেওঁলোকে ব্যৱসায়ী, বিনিয়োগকাৰী, উদ্যোগপতি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলক সাক্ষাৎ কৰি এডভাণ্টেজ আছাম ২.০ৰ বিষয়ে অৱগত কৰে।
২০ জানুৱাৰীৰ দিনা মুখ্যমন্ত্রীগৰাকীয়ে কোৰিয়াৰ ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ উদ্যোগত আয়োজিত এখন বৈঠকত ১০০ৰো অধিক কোৰিয়ান উদ্যোগপতি-নেতাৰ সৈতে অংশগ্ৰহণ কৰে। তেখেতে উদ্যোগপতিসকলক অসমত বিনিয়োগৰ সম্ভাৱনাসমূহ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে আৰু কোৰিয়াৰ এটি প্ৰতিনিধি দলক বৃহৎ সন্মিলখনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়।
তেখেতে দক্ষিণ কোৰিয়াৰ ছিউলত কোৰিয়া ট্ৰেড-ইনভেষ্টমেণ্ট প্ৰমোশ্যন এজেন্সী (KOTRA)-ৰ অধ্যক্ষ কাং কিউংছুং আৰু তেখেতৰ দলৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হয়। উক্ত বৈঠকত অসম আৰু কোৰিয়াৰ ব্যৱসায়কেন্দ্ৰিক পাৰস্পৰিক লাভালাভক প্ৰাধান্য দি ব্যৱসায়, বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত বিকাশ আৰু উন্নয়নৰ হেতু অংশীদাৰিত্বৰ পথ অন্বেষণ কৰাৰ বাবে যৌথ ৰণকৌশলৰ বিষয়ে আলোচনা কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
কোৰিয়া অটোমোবাইল পাৰ্টছ ইণ্ডাষ্ট্ৰি প্ৰমোশ্যন ফাউণ্ডেশনৰ এটি প্ৰতিনিধি দলৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্রীগৰাকীয়ে ১০০ বিলিয়ন ডলাৰৰ ভাৰতীয় অটোমোবাইল উদ্যোগৰ সম্ভাৱনা আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে বজাৰ সংযোগৰ সম্পৰ্কে ব্যাখ্যা কৰে। তদুপৰি যদি কোৰিয়ান অটোমোবাইল উদ্যোগ তথা গোট অসমত স্থাপন কৰা হয়, তেন্তে চৰকাৰে পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব বুলি তেখেতে আশ্বাস দিয়ে।

“দক্ষিণ কোৰিয়াৰ অটোমোবাইল খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মুখ্য কার্যবাহী বিষয়া আৰু নেতাসকলৰ সৈতে হোৱা বৈঠকত অসমত তেওঁলোকৰ এটা আধাৰ গঢ়ি তুলিবলৈ আহ্বান জনাওঁ,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
এডভাণ্টেজ আছাম ২.০ৰ অংশস্বৰূপে দক্ষিণ কোৰিয়াত অনুষ্ঠিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় ৰোড শ্ব’ৰ প্ৰথম পৰ্যায়ৰ অন্তিম দিনটোত তেখেতে বিভিন্ন প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ উল্লেখ কৰে যে দক্ষিণ কোৰিয়া হৈছে ছেমিকণ্ডাক্টৰ উদ্যোগৰ অন্যতম মুখ্য স্তম্ভ।
মুখ্যমন্ত্ৰীগৰাকীয়ে ছিউলত অন্যতম বৃহৎ ছেমিকণ্ডাক্টৰ গোট এছ কে হাইনিক্সৰ উপাধ্যক্ষ ড° জুন চয় আৰু ছিউল ভাইঅ’চিছৰ মুখ্য কাৰ্যবাহী বিষয়া লী য়ং জুৰৰ সৈতে পৃথকে দুখন বৈঠকত মিলিত হয় আৰু অসম চৰকাৰৰ উদ্দেশ্যৰ কথা ব্যাখ্যা কৰে। অসমত আৰম্ভ হ’বলগীয়া ছেমিকণ্ডাক্টৰ ইক’ছিষ্টেমত যোগদান কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক আমন্ত্ৰণ জনায় আৰু এক নতুন ছেটেলাইট চিটী নিৰ্মাণৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সৰ্বোচ্চ স্তৰৰ সহায়-সমৰ্থনলৈকে সকলো প্ৰধান ছেমিকণ্ডাক্টৰ উদ্যোগৰ অংশীদাৰসকলক আদৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কয়।
ইয়াৰ লগতে কোৰিয়া গণৰাজ্য চৰকাৰৰ এছ এম ই আৰু ষ্টাৰ্টআপৰ মন্ত্ৰী অ’হ য়ংজুৰ সৈতে সাক্ষাতত মিলিত হৈ অসম আৰু দক্ষিণ কোৰিয়াত অৱস্থিত উদ্যোগী আৰু ষ্টাৰ্টআপৰ মাজত সহযোগিতা ৰক্ষাৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয়ত আলোচনা কৰে। তদুপৰি জি এছ গ্ৰুপৰ উপাধ্যক্ষ য়ং হা ৰুৰ সৈতেও বৈঠকত মিলিত হৈ ২০৩০ চনৰ ভিতৰত ৩০০০ মেগাৱাট স্বচ্ছ শক্তি উৎপাদনৰ বাবে অসমৰ লক্ষ্যৰ বিষয়ে বিস্তৃতভাৱে বাৰ্তালাপ কৰে।

ড° হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ শেষৰটো দিনত ছিউলৰ পাংগ্য’ টেকন’ ভেলী ভ্ৰমণ কৰে৷ ইয়াক দক্ষিণ কোৰিয়াৰ ছিলিকন ভেলী বুলিও কোৱা হয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে, “টেকন’ ভেলী হৈছে এক উদ্ভাৱনীমূলক কোৰিয়ান ধাৰণা, যিয়ে বিভিন্ন প্ৰযুক্তিগত পটভূমিৰ ষ্টাৰ্টআপ আৰু উদ্যমীসকলক আই টি, বায়’টেক আৰু সংস্কৃতিক একেডাল সূতাৰে গঁথাৰ দৰে ৰাখে৷”
অসম আৰু পাংগ্য’ টেকন’ ভেলীৰ উদ্যোগী আৰু ষ্টাৰ্টআপৰ মাজত সহযোগিতা নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আগ্ৰহ প্ৰকাশ কৰে। তদুপৰি শীঘ্ৰেই এই সম্পৰ্কত এখন চুক্তি স্বাক্ষৰিত হ’ব বুলিও তেখেতে ঘোষণা কৰে।
এডভাণ্টেজ আছাম ২.০ক আগুৱাই লৈ যাবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ট’কিঅ’ত ১৬০গৰাকীৰো অধিক জাপানী ব্যৱসায়িক নেতা আৰু জাপান চৰকাৰৰ ৫গৰাকীৰো অধিক মন্ত্ৰীক সাক্ষাৎ কৰে।
ট’কিঅ’ত জাপানৰ ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী কোমুৰা মাছাহিৰো, ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ফুৰুকাৱা য়াছুছিৰ সৈতে হোৱা পৃথক বৈঠকত অসমৰ পৰ্যটন খণ্ডৰ উন্নয়ন আৰু জাপানী কোম্পানীসমূহৰ বাবে নিবেদিত এখন ঔদ্যোগিক উদ্যান স্থাপনৰ অসম চৰকাৰৰ উদ্দেশ্যৰ বিষয়েও আলোকপাত কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কামেদা ছেইকাৰ মুখ্য কাৰ্যবাহী বিষয়া লেখ ৰাজ জুনেজাৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হৈ অসমৰ সমৃদ্ধিশালী খাদ্য সংসাধন খণ্ডত বিনিয়োগৰ বাবে আমন্ত্ৰণ জনায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে জাপানত মাইক্ৰন মেম’ৰী ফেচিলিটী ভ্ৰমণৰ সময়ত কোম্পানীটোৰ উপাধ্যক্ষ জোছুয়া লীৰ সৈতে মত বিনিময় কৰি তেখেতসকলক অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিকাশ যাত্ৰাৰ অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনায়।
তেখেতে কয়,”জাগীৰোডৰ ইলেক্ট্ৰ’নিক টাউনশ্বিপখন বিশ্বব্যাপী অৰ্ধপৰিবাহী হাব হিচাপে গঢ়ি সুবিধাসম্পন্ন কৰি তোলা হ’ব আৰু মাইক্ৰনৰ দৰে ফেব্ৰিকেশ্যন ফেচিলিটীৰ অগ্ৰণী প্ৰতিষ্ঠানে আমাৰ অৰ্ধপৰিবাহী মূল্য শৃংখলক অতিশয় শক্তিশালী কৰিব পাৰে।”
ওছাকাত আয়োজিত এডভাণ্টেজ আছাম ২.০ৰ ৰোড শ্ব’ত ৮০ৰো অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰে। ২০১৩-১৪ চনৰ ২৯ বিলিয়ন ডলাৰৰ পৰা ২০২৩-২৪ চনত ৬৮.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱা অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “
জাপান ভ্ৰমণৰ সময়ত ৮০গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত আজি ২০৩০ চনৰ ভিতৰত অসমৰ জি এছ ডি পিক আমি ১৪৩ বিলিয়ন আমেৰিকান ডলাৰলৈ লৈ যোৱাৰ লক্ষ্যৰ বিষয়ে উল্লেখ কৰোঁ। গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে জনাবলৈ পাই আনন্দিত হৈছোঁ যে অসম ভাৰতৰ পৰৱৰ্তী অৰ্থনৈতিক কেন্দ্ৰ হ’বলৈ সাজু হৈছে। বিশ্বৰ ভিন্ন প্ৰতিষ্ঠানসমূহৰ বাবে আমাৰ ১২ বিলিয়ন আমেৰিকান ডলাৰৰ আন্তঃগাঁথনি বিনিয়োগৰ পৰিকল্পনা এক বৃহৎ সুযোগ হিচাপে পৰিগণিত হ’ব। ২০২৪ চনত আমি ৪ বিলিয়ন আমেৰিকান ডলাৰৰ ব্যক্তিগত বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই পৰিসংখ্যা এতিয়ালৈকে সৰ্বাধিক।”
মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জনসাধাৰণৰ হৈ ওছাকাৰ উদ্যোগীসকলক এডভাণ্টেজ আছাম-২.০ত ভাগ ল’বলৈ আমন্ত্ৰণ জনায়। তদুপৰি তেখেতে কানছাই পেইণ্টৰ মুখ্য কার্যবাহী বিষয়া তথা ভাৰত ব্যৱসায়ৰ মুৰব্বী প্ৰবীণ চৌধাৰীৰ সৈতে এক সাক্ষাতত মিলিত হয় আৰু ‘এডভাণ্টেজ আছাম-২.০’ৰ জৰিয়তে অসমত সুযোগ অন্বেষণৰ বিষয়ে আলোচনা কৰে।
ড° হিমন্ত বিশ্ব শৰ্মাই এনৰিচন ইণ্ডিয়া কেপিটেলৰ প্রতিষ্ঠাপক আৰু মুখ্য কার্যবাহী বিষয়া যুচুকে কাকিমোটোৰ সৈতে এখন বৈঠকত অংশ লয় আৰু অসমৰ ষ্টার্টআপ পৰিস্থিতিতন্ত্ৰৰ বিকাশ কৰি ষ্টার্টআপৰ উদ্যোগীসকলক প্রশিক্ষণ দিবলৈ আহ্বান জনায়।
জাপান ভ্ৰমণকালৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে টকিঅ’ ইলেক্ট্ৰনৰ কাৰ্যবাহী উপাধ্যক্ষ তাকেছি অকুব’ৰ সৈতে সাক্ষাতত মিলিত হয়।
উল্লেখযোগ্য যে ছেমিকণ্ডাক্টৰ যোগান শৃংখলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই কোম্পানীটো চিপ নিৰ্মাণকাৰী সঁজুলিৰ আৰ্হি প্ৰস্তুত কৰাত বিশেষজ্ঞ।
ইয়াৰ পাছত য়ক’গাৱাৰ উপাধ্যক্ষ য়োছিয়াকি আছাকুৰাৰ সৈতে ড° হিমন্ত বিশ্ব শৰ্মা সাক্ষাতত মিলিত হয়। এই প্ৰতিষ্ঠানটিয়ে নুমলীগড় শোধনাগাৰ লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডৰ সৈতে সহযোগিতামূলকভাৱে অসমত কাম কৰি আছে আৰু অসমত তেওঁলোকৰ বর্তমানৰ ভিত্তি সম্প্ৰসাৰিত কৰা আৰু অন্যান্য সুযোগ অন্বেষণ কৰাৰ বিষয়ে আলোচনা কৰে।
মিঝুহো ছিকিউৰিটিজ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া তাকাও হোছোয়াৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় আৰু সামাজিক মাধ্যমত প্ৰকাশ কৰে, “মিঝুহো ছিকিউৰিটিজ ইণ্ডিয়া এক আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান; যি উদ্ভাৱনীমূলক বিত্তীয় সমাধান আৰু ক্রেডিট সুবিধা প্ৰদান কৰাত ইয়াৰ দক্ষতাৰ বাবে জনাজাত। আমি অসমৰ কোম্পানীলৈ ক্রেডিট-লিংকেজ সম্প্ৰসাৰিত কৰা আৰু জাপানী কোম্পানীৰ অসমত বিনিয়োগৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ সন্দর্ভত আলোচনা কৰোঁ।”
তেখেতে টকিঅ’ত টয়’টা মটৰ কর্পৰেশ্যনৰ টেৰুতোছী হামানো আৰু তেওঁৰ দলৰ সৈতে এক অতি ফলপ্ৰসূ বৈঠকত মিলিত হয় আৰু ৰাজ্যত এক অটোমোবাইল আনুষংগিক গোট স্থাপনৰ সম্ভাৱনাৰ সন্দর্ভত বার্তালাপ কৰে।
জাপানৰ বিনিয়োগ অসমলৈ আকৰ্ষণ কৰাৰ প্ৰয়াসত অধিক গতি প্রদানৰ বাবে জাপান ইণ্টাৰনেশ্যনেল ক’পাৰেশ্যন এজেন্সীৰ জ্যেষ্ঠ উপাধ্যক্ষ হাৰা ছোহেইৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক ফলপ্ৰসূ আলোচনাত মিলিত হয়। অসম চৰকাৰে জাইকা আৰু জাপান এক্সটার্নেল ট্রেড অর্গেনাইজেশ্যন (জেট্র’)ৰ সৈতে অংশীদাৰ হৈ জাপানী কোম্পানীসমূহৰ বাবে কিদৰে এক বিশেষ ঔদ্যোগিক উদ্যান স্থাপন কৰিব পাৰিব, তাৰ ব্যৱস্থাপনা নিৰ্ধাৰণৰ দিশত কাম কৰি আছে বুলি ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে।
জাপানৰ পৰা উভতি অহাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে জাপান চৰকাৰ আৰু জাপানবাসীক উষ্ম আতিথ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তদুপৰি জাপানত ভাৰতীয় দূতাবাসৰ পৰা লাভ কৰা অপৰিসীম সমৰ্থন আৰু সহযোগিতাৰ বাবেও তেওঁলোকক ধন্যবাদ জনায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এডভাণ্টেজ আছাম ২.০-ত ভালেসংখ্যক জাপানী প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব আৰু ইয়াৰ দ্বাৰা অসমত নতুন বিনিয়োগৰ পৰিৱেশ সৃষ্টি হ’ব।











