মানৱেন্দ্ৰ দেৱ ৰায় (এপিএছ)
২০২৫ চনৰ ফেব্রুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ অসম’ সন্মিলন হ’ব বৰ্তমানৰ অসম চৰকাৰৰ বিগত প্ৰায় ৩ বছৰৰো অধিক সময়ৰ এক অন্যতম প্ৰত্যাশিত অনুষ্ঠান। চৰকাৰখনে ৰাজ্যত বিশ্বাস আৰু সুৰক্ষাৰ পৰিৱেশ সৃষ্টিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে আৰু বৃহৎ পৰিসৰত ইয়াৰ সফলতাও প্ৰাপ্তি কৰিছে। এই সফলতাৰ স্বাভাৱিক দিশটো হৈছে ব্যক্তিগত খণ্ডৰ বিনিয়োগ বৃদ্ধি।
অসমৰ আইন-শৃংখলাৰ সন্দৰ্ভত থকা পূৰ্বৰ ধাৰণাবোৰ এতিয়া সলনি হ’ল। টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ লগতে ৰাজ্যখনত অধিক বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা কোম্পানীসমূহৰ দ্বাৰা অসমৰ সফলতাৰ পৰিসৰ বৃদ্ধি হোৱাটো নিশ্চিত হৈছে। সেয়েহে ৰাজ্যখনত বিনিয়োগৰ এক অনুকূল পৰিৱেশ সৃষ্টি কৰি সু-নিৰ্ধাৰিত নীতিৰে অৰ্থনৈতিক দিশত লাভান্বিত হোৱাৰ সময় আহি পৰিছে।
এই সন্মিলনৰ অংশ হিচাপে বিনিয়োগকাৰীৰ সন্মুখত কেৱল অসমৰ সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰাই নহয়, ইয়াৰ লগতে সুফল প্ৰাপ্তিৰ ক্ষেত্ৰত নিশ্চিতি দিয়া খণ্ডসমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে। সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ আৰু সম্ভাৱনাময় বিষয় তথা খণ্ডসমূহত বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।
অসম চৰকাৰে ইয়াৰ প্ৰথমখন সন্মিলনত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিসমূহ পুনৰ পৰ্যালোচনা কৰা উচিত। কাৰণ বুজাবুজিৰ চুক্তিসমূহে তৃণমূল পৰ্যায়ৰ পৰাই ৰাজ্যখনৰ ৰাইজক আৰ্থ-সামাজিক দিশত লাভান্বিত কৰিব।