দিছপুৰৰ পৰা অহা এটি বাৰ্তাই অসমলৈ কঢ়িয়াই আনিছে আন এক সফলতাৰ খবৰ। উদ্যোগ আৰু বাণিজ্যৰ সৈতে জড়িত এই বিশেষ দিশটোত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মায়ো গুৰুত্ব দিছে। বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণ তথা ‘এডভাণ্টেজ অসম ২.০ : ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট ২০২৫’ বুলি জনাজাত এই কাৰ্যসূচী ২৪ আৰু ২৫ ফেব্ৰুৱাৰী ২০২৫ত গুৱাহাটীত অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা চলিত বৰ্ষৰ ২৪ নৱেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ঘোষণা কৰে।
সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে এই সন্মিলনখন উদ্বোধন কৰিব। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীথাৰমনক সামৰণী অধিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব।
এডভাণ্টেজ অসমৰ প্ৰথম সংস্কৰণ ২০১৮ বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সন্মিলনে ৰাজ্যখনৰ অৰ্থনীতিক উৎসাহিত কৰিব পৰা বিভিন্ন খণ্ডত এক লাখ কোটি টকাৰ অধিক বিনিয়োগ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল।
“এডভাণ্টেজ অসমৰ প্ৰথম সংস্কৰণত ৰাজ্যখনত বিনিয়োগৰ বাবে প্ৰায় ১ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ ভিতৰত, ইতিমধ্যে কিছুমান বিনিয়োগ সম্পূৰ্ণ হৈ উঠিছে। ক’ভিড অতিমাৰীৰ প্ৰভাৱৰ বাবে কিছুমান বিনিয়োগ সম্ভৱ হৈ নুঠিল। বিগত চাৰি বছৰত আমি এনে কোনো বিনিয়োগ সন্মিলন আয়োজন কৰা নাই যদিও আহি থকা বিনিয়োগৰ ধলে প্ৰমাণিত কৰিছে যে অসম আজি বিনিয়োগৰ এক উৎকৃষ্ট স্থান হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। আন্দোলনবিহীন আৰু শান্তিপূৰ্ণ পৰিৱেশে এয়া সম্ভৱ কৰি তুলিছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাৰ্যকৰী ফলাফলত মনোনিৱেশ কৰি সময়ৰ অপব্যয় হ্ৰাস কৰিবলৈ এডভাণ্টেজ অসম ২.০ক ব্যৱহাৰিক, বিষয়কেন্দ্ৰিক সন্মিলন ৰূপে সজোৱা হ’ব।
“প্ৰথম সংস্কৰণত আমি মূলতঃ বিনিয়োগৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিলোঁ। এইবাৰ বিনিয়োগৰ লগতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত অতিৰিক্ত গুৰুত্ব প্ৰদান কৰা হ’ব। সেয়ে আন্তঃগাঁথনি সম্পৰ্কীয় একাধিক অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে পথ পৰিবহণ খণ্ড সম্পৰ্কীয় এখন অধিৱেশন ইয়াত অন্তৰ্ভুক্ত হ’ব। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত ৰে’লৱে খণ্ডৰ এক অধিৱেশনৰ পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান কৃষি সম্পৰ্কীয় এখন অধিৱেশনত উপস্থিত থাকিব। অসামৰিক বিমান পৰিবহণ, ঔদ্যোগিক উদ্যান আৰু হাইড্ৰ’কাৰ্বন উদ্যোগ সম্পৰ্কীয় তিনিখন অধিৱেশনো সন্মিলনত অন্তৰ্ভুক্ত কৰা হ’ব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
তেওঁ উল্লেখ কৰে যে টাটাই মৰিগাঁও জিলাৰ জাগীৰোডত স্থাপন কৰা অৰ্ধপৰিবাহী গোটটোৰ পাছৰে পৰা বহু ঔদ্যোগিক গোটে ৰাজ্যখনৰ বিভিন্ন খণ্ডত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰদৰ্শন কৰিছে।
তেওঁ কয় যে সন্মিলনখনি সম্পৰ্কে সজাগতা সৃষ্টি আৰু অংশগ্ৰহণকাৰীক নিমন্ত্ৰণ কৰিবলৈ তিনিটা প্ৰতিনিধি দল বিদেশলৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰে এটা দলে ছিংগাপুৰ আৰু জাপান ভ্ৰমণ কৰিব আৰু আন দুটা দলে ক্ৰমে আমেৰিকা আৰু ব্ৰিটেইন ভ্ৰমণ কৰিব। তেওঁ লগতে উল্লেখ কৰে যে, “আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও ৰোড শ্ব’ৰ পৰিকল্পনা কৰা হৈছে। এই তিনিটা দলৰ এটাই একে উদ্দেশ্যে ডুবাই ভ্ৰমণো কৰিব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিনিয়োগকাৰীসকলৰ সৈতে সংযুক্ত হ’বলৈ আৰু সজাগতা বৃদ্ধিৰ বাবে ভাৰতৰ ছখনকৈ মুখ্য চহৰ- মুম্বাই, নতুন দিল্লী, হায়দৰাবাদ, বাংগালোৰ, চেন্নাই, আহমদাবাদ আৰু কলকাতাতো ৰোড শ্ব’ অনুষ্ঠিত কৰা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সন্মিলনৰ পূৰ্বে এটা দলে ভূটান ভ্ৰমণ কৰিব। তেওঁ কয়, “চুবুৰীয়া দেশ ভূটানৰ পৰা ৰাজ্যখনলৈ প্ৰবাহিত পানীৰ পৰিমাণ যথেষ্ট। শেহতীয়াকৈ আমি এই পানী ব্যৱহাৰ কৰি কেইবাখনো জল জীৱন মিছন আঁচনি সফলতাৰে ৰূপায়ণ কৰিছোঁ। ভূটানৰ পৰা অহা এই পানী নামনি অসম আৰু বিটিআৰত জলসিঞ্চন ব্যৱস্থাৰ বাবে ব্যৱহাৰ কৰিব পাৰিনে নোৱাৰি, সেই বিষয়ে আলোচনা কৰিবলৈ এটা প্ৰতিনিধি দল ভূটানলৈ যাব।”
উল্লেখ্য যে ৰাজ্য চৰকাৰে সন্মিলনৰ সময়ত এক বৃহৎ ঝুমইৰ নৃত্য প্ৰদৰ্শনৰো পৰিকল্পনা কৰিছে। এই প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলৰ প্ৰায় ৭,৫০০গৰাকী শিল্পীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমি গুৱাহাটীত ঝুমইৰ প্ৰদৰ্শনৰ পৰিকল্পনা পূৰ্বতেই গ্ৰহণ কৰিছিলোঁ। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে এই দুদিনীয়া সন্মিলনৰ সময়ত এই প্ৰদৰ্শনৰ আয়োজনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলক ৰাজ্যখনৰ সংস্কৃতিৰ এটা দিশ উপভোগ কৰিবলৈ সুবিধা প্ৰদান কৰিব।
তেওঁ লগতে কয় যে ৰাজ্যখনৰ ৮০০খন চাহ বাগিচাৰ সমসংখ্যক মহিলা আৰু পুৰুষৰ প্ৰতিনিধিত্বৰে এই প্ৰদৰ্শনে এক অভূতপূৰ্ব মাত্ৰা লাভ কৰিব।