ৰাজ্যখনত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অভিযানে জাতি, শ্ৰেণী, লিংগ আৰু ধৰ্ম নিৰ্বিশেষে ইতিবাচক সঁহাৰি লাভ কৰিছে৷ আমাৰ সমাজ ব্যৱস্থাত ইয়াৰ অৱকাশ বহুদিনৰে পৰা আছিল আৰু ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫ত লাভ কৰা তথ্যৰ পৰা এই কথাষাৰ স্পষ্ট হৈ পৰিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ ৰাজনৈতিক সদিচ্ছাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ৷ এই সদিচ্ছাৰ জৰিয়তে আমি বহু সামাজিক ব্যাধি নেওচিবলৈ সক্ষম হ’ম৷ ইয়াৰে অন্যতম হ’ল দৰিদ্ৰতা বা অন্য কাৰণত প্ৰাপ্তবয়স্ক নোহোৱা কন্যাসন্তানক আনলৈ গতাই দিয়াৰ মনোভাৱ৷
আশ্চৰ্য্যজনক বিষয়টো হ’ল যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (প’ক্স’), ২০১২ আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬১ দৰে আইনসমূহ থকা সত্ত্বেও, অসমত পূৰ্বৰে পৰা চলি থকা এই সংকটক অনুধাৱন কৰা হোৱা নাছিল৷ অনানুষ্ঠানিক তথ্য অনুসৰি ৰাজ্যখনত অপ্ৰাপ্তবয়স্ক বিবাহিত কন্যা আৰু মাতৃৰ সংখ্যা এক লাখতকৈও অধিক৷ বাল্য বিবাহৰ প্ৰভাৱৰ বাবে কিমানজনে প্ৰাণ হেৰুৱাইছে তাৰ পৰ্যাপ্ত তথ্য আমাৰ ওচৰত নাই৷ সেয়েহে, ৰাজ্য চৰকাৰে সমস্যাটোক পৰিপূৰক দৃষ্টিভংগীৰে চোৱাৰ বাবে আৰু ‘ভুক্তভোগীসকলক’ বিত্তীয় সাহায্য আৰু পুনৰ্সংস্থাপন দিয়াৰ দৰে পদক্ষেপ গ্ৰহণ কৰাটো প্ৰশংসনীয়৷
এই অভিযানৰ বাবে চৰকাৰৰ সমালোচনা কৰা আৰু ৰাজনৈতিক দৃষ্টিকোণেৰে কথাবোৰ বিশ্লেষণ কৰাসকলে ইয়াৰ বিৰুদ্ধে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিব পাৰে৷ অৱশ্যে এই সমালোচনাৰ উচিত প্ৰত্যুত্তৰ আছে৷ ইমানদিনে চলি অহা এটা সামাজিক ব্যাধিক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যিকোনো চৰকাৰী পদক্ষেপৰ প্ৰভাৱ দেখা যায়৷ কিন্তু, অভিযানটো আগবাঢ়ি গৈ থকাৰ লগে লগে আমি দেখা পাওঁ যে এই সমস্যাসমূহৰ সমাধানৰ বাটো মুকলি হ’বলৈ আৰম্ভ কৰে৷ বৰ্তমানৰ অভিযানৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো মন কৰিবলগীয়া হ’ব৷
এখন পৰিপক্ক চৰকাৰৰ মূল বৈশিষ্ট্য হৈছে যে নতুন কিবা এটা শিকা বা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ই কোনোধৰণৰ দ্বিধাবোধ নকৰে৷ যদি কোনো কাৰণত সংশোধনৰ প্ৰয়োজন হয়, তেন্তে তাক আদৰি লয়৷ চৰকাৰ এখনে সময়োচিত পদক্ষেপ গ্ৰহণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এয়া সকলো বিতৰ্কৰ ঊৰ্ধ্বত৷