• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Friday, June 9, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home

এখন সৰ্বাংগসুন্দৰ বাজেট

AB Bureau by AB Bureau
April 1, 2023
in অসমীয়া, দৃষ্টিভংগী
0
0
এখন সৰ্বাংগসুন্দৰ বাজেট

এখন বাজেটে বছৰটোৰ বাবে প্ৰস্তাৱিত ৰাজহ আৰু ব্যয়ৰ পৰিসংখ্যা প্ৰদান কৰাৰ সমান্তৰালকৈ ইয়াৰ সামগ্ৰিক উদ্দেশ্যৰ বিষয়েও ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰে৷ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অসম বাজেটে সামাজিক খণ্ড আৰু আন্তঃগাঁথনি নিৰ্মাণত নতুনকৈ গুৰুত্ব প্ৰদানৰ লগতে¸ পূৰ্বতে ঢুকি নোপোৱা অঞ্চলসমূহতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন কৰি সম উন্নয়নৰ বাট মুকলি কৰিছে৷ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগৰ বাজেট ভাষণ অধ্যয়ন কৰিলে তেওঁ উল্লেখ কৰা এটা কথাত চকু পৰিব- “উন্নয়ন হৈছে দৰিদ্ৰতা, নিবনুৱা সমস্যা দূৰীকৰণেৰে এখন সমতাপূৰ্ণ সমাজ গঢ়ি তোলা৷”

জনমূৰি আয়ৰ ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত হ’বলৈ ৰাজ্যখন দ্ৰুতগতিত আগুৱাই যাব লাগিব৷ বিগত কেইবছৰমানত দেখিবলৈ পোৱা উন্নত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ জৰিয়তে আমি সেই স্থানত উপনীত হ’বলৈ সক্ষম যেন বোধ হয়৷ এই দিশটোৰ উপৰি আমি সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষা, স্বাস্থ্য আৰু কল্যাণৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব যি এই বাজেটখনতো প্ৰতিফলিত হৈছে৷ শিক্ষাখণ্ডত প্ৰায় ২০,০০০ কোটি টকা আবণ্টন আৰু স্বাস্থ্যখণ্ডত কেইবাখনো আঁচনিৰ সূচনাৰে প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ প্ৰক্ৰিয়া শক্তিশালী কৰি দৰিদ্ৰতা আৰু বৈষম্যৰ বিৰুদ্ধে সবল পদক্ষেপ লোৱা দেখা গৈছে৷ আন্তঃগাঁথনি নিৰ্মাণ, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এম এছ এম ই) আৰু অন্যান্য উপাৰ্জন সৃষ্টিকাৰী/স্ব-নিয়োজন আঁচনিৰ শিতানত কৰা ব্যয়ে নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব৷

পথ আৰু দলং নিৰ্মাণৰ ক্ষেত্ৰত বাজেটখনে প্ৰদান কৰা গুৰুত্ব প্ৰশংসনীয়৷ এই পথসমূহৰ নিৰ্মাণকাৰ্য সঠিকৰূপত সম্পাদন কৰিলে দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাও ক্ৰমাগতভাৱে হ্ৰাস পাব৷ উন্নত বাট-পথৰ কাষত বাস কৰা লোকসকলৰ মাজত সাধাৰণতে দৰিদ্ৰতা দেখা নোপোৱা কথাষাৰ সত্য যেন অনুভৱ হয়, কিয়নো উন্নত বাট-পথে উপাৰ্জনৰ পৰ্যাপ্ত সুযোগ-সুবিধা প্ৰদান কৰে৷ পথ নিৰ্মাণৰ জৰিয়তে দূৰত্ব আৰু ভ্ৰমণৰ সময় বহু পৰিমাণে হ্ৰাস কৰিব পাৰি- এই কথা চৰকাৰখনে উপলব্ধি কৰিছে৷ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং দুখন সম্পূৰ্ণ হৈ উঠিলে গুৱাহাটীৰ যান-জঁটো হ্ৰাস পাব৷ এনেধৰণৰ কৌশলগত আন্তঃগাঁথনি নিৰ্মাণে কম সময়ৰ ভিতৰতে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে৷

হাজাৰ হাজাৰ নতুন উদ্যমী সৃষ্টিৰ বাবে, এই বাজেটখনে যুৱপ্ৰজন্ম আৰু মহিলাসকলৰ বাবেও বিভিন্ন ব্যৱস্থা কৰিছে৷ কেন্দ্ৰই আত্মসহায়ক গোটসমূহক শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাজ্য চৰকাৰেও বহুতো মহিলাক মাইক্ৰ’ফাইনেন্সৰ ঋণৰ বোজাৰপৰা মুক্ত কৰাৰ দিশত এখোজ দুখোজকৈ আগবাঢ়িছে৷ চৰকাৰে একে সময়তে আত্মসহায়ক গোটৰ সদস্যসকলক ব্যৱসায় স্থাপনত সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷ উৎপাদকসকলক সহায় কৰিবলৈ এনে বহুতো গোট বিপণন আৰু সেৱাখণ্ডত আছে৷ আন বহুকেইখন ৰাজ্যৰ দৰে অসমতো বিপণনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজনীয়৷

ছিংগাপুৰস্থিত আই টি ই ই এছৰ সহযোগত যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰচেষ্টাই ইতিমধ্যে বৃহৎ অগ্ৰগতি লাভ কৰিছে৷ মঙলদৈত আৰম্ভ হ’বলগীয়া দক্ষতা বিশ্ববিদ্যালয় কাৰ্যক্ষম হৈ উঠাৰ লগে লগে ৰাজ্যখনত এচাম সুদক্ষ মানৱ সম্পদৰ সৃষ্টি হ’ব৷ সৰু চহৰসমূহত অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটো সৰু সৰু চহৰবোৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ দৰেই এক অতিকৈ আদৰণীয় পদক্ষেপ৷ আমি সদায় বিচাৰি আহিছিলোঁ যে কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি মূলসুঁতিৰ দৃষ্টিৰে চাওক, অসম চৰকাৰে তেনে কৰাৰ বাবে পথ দেখুৱাইছে৷

গাঁওসমূহত লোকগীত প্ৰতিযোগিতাৰ প্ৰচাৰকে ধৰি ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বাবে হাতত লোৱা পদক্ষেপসমূহো উল্লেখনীয়৷ অৱশ্যে, এইটোও ক’ব লাগিব যে সংগীতে এতিয়াও প্ৰাপ্য মৰ্যাদা পোৱা নাই৷ উত্তৰ-পূৰ্বাঞ্চলতো বিশেষ প্ৰতিভা আছে আৰু চৰকাৰে ইয়াক উপলব্ধি কৰিব লাগিব আৰু এইক্ষেত্ৰত কাম কৰিবলৈ বেংকৰপৰা ঋণ প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব৷ ডিজিটেল ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু ইয়াৰ ব্যৱহাৰত যোগোৱা উৎসাহ, ৰাজহুৱা সেৱাৰ নতুন অধিকাৰ আইনে ৰাজ্যবাসীক অধিক উপকৃত কৰিব৷ হয়, ভিতৰুৱা অঞ্চলসমূহত ইণ্টাৰনেটৰ সুবিধা আগবঢ়াবলৈ জনগণক উন্নত সংযোগ আৰু স্মাৰ্ট ফোনৰ দৰে আহিলাৰ প্ৰয়োজন৷ অন্যথা ডিজিটেল সেৱাৰ সম-বিতৰণত এক ব্যৱধানৰ সৃষ্টি হ’ব৷

এই বাজেটখনে জলবায়ু পৰিৱৰ্তনৰ দিশতো সঠিক গুৰুত্ব আৰোপ কৰিছে৷ অসম এটি অসুৰক্ষিত অঞ্চলৰ অংশ৷ ইয়াৰ অৰ্থ হ’ল যে যাৱতীয় পদক্ষেপ হাতত নল’লে গ্ৰাম্য অৰ্থনীতি প্ৰভাৱিত হ’ব পাৰে৷ গতিকে সেউজ শক্তি, সেউজ বিকাশ, বৃত্তাকাৰ অৰ্থনীতি হৈছে এনে কেইটিমান প্ৰয়োজনীয় শব্দ যিবোৰ অসমৰ সকলোৰে শব্দকোষত সন্নিৱিষ্ট হোৱা উচিত৷ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে দৰিদ্ৰ জনগণক ন্যূনতম মৌলিক সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত অসম অগ্ৰণী স্থানত থাকিব লাগিব৷

অৰুণোদয় আঁচনিয়ে ইতিমধ্যে এক ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অনাগত দিনতো এই আঁচনিৰ অধিক সম্প্ৰসাৰণ আৰু অন্যান্য ডিবিটি আঁচনিৰ সৈতে ইয়াৰ একত্ৰীকৰণৰ প্ৰয়োজন৷ অৰুণোদয়ৰ হিতাধিকাৰীসকল অলস বা কৰ্মবিমুখ হৈ পৰিছে বুলি শুনিবলৈ পোৱা অভিযোগৰ বিষয়েও গৱেষণা কৰাটো প্ৰয়োজনীয়৷ এই ক্ষেত্ৰত, চৰ্তসাপেক্ষ অনুদানৰ মেক্সিকান পৰীক্ষণৰ ব্যৱস্থাটো যথেষ্ট প্ৰাসংগিক৷ এই ব্যৱস্থাত এনে কিছুমান চৰ্ত আছে যিবোৰ অনুদানপ্ৰাপকসকলে পৰৱৰ্তী বছৰৰ অনুদান পাবলৈ পূৰণ কৰিব লাগিব৷

সকলোৰে বাবে স্বাস্থ্যসেৱা উপলভ্য কৰাটোও এটি উল্লেখনীয় পদক্ষেপ৷ স্বাস্থ্য সম্পৰ্কীয় সা-সুবিধাৰ লগতে আমি নিয়ন্ত্ৰিত জনসংখ্যা আৰু সামৰ্থতকৈ অধিক ব্যয় কৰাৰ প্ৰৱণতা হ্ৰাস কৰিব লাগিব৷ বাল্য বিবাহ বিৰোধী অভিযানৰ জৰিয়তে আওপকীয়াকৈ মাতৃৰ মৃত্যু হাৰ আৰু শিশু মৃত্যুৰ হাৰ হ্ৰাস কৰাত যথেষ্ট সহায় হ’ব৷

অসমৰ চাহে দুশ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে৷ কিন্তু, এতিয়াও চাহ জনগোষ্ঠীটো অসমৰ আটাইতকৈ পিছপৰা সম্প্ৰদায় হিচাপে থাকি গ’ল৷ বাজেটত এই কথা স্বীকাৰ কৰা হৈছে আৰু খণ্ডটোৰ প্ৰতি ব্যাপক সহায়-সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে৷

শেষত উল্লেখ কৰিবই লাগিব যে অসমলৈ শান্তি ঘূৰি অহা দেখা গৈছে৷ আৰক্ষী বাহিনীৰ সবলীকৰণ, যুৱ নেতৃবৰ্গৰ সৈতে নিৰন্তৰ আলোচনা, মানুহ আৰু জীৱ-জন্তুৰ সংঘাত প্ৰতিহত কৰাৰ উদ্যোগ ল’লে ৰাজ্যৰ যিকোনো অঞ্চলত বাস কৰা লোকসকলৰ জীৱন হৈ পৰিব শান্তিপূৰ্ণ৷

প্ৰতিবছৰে উপস্থাপন কৰা ৰাজ্যিক বাজেটখন হৈছে এক আশা-আকাংক্ষাৰ স্থলী৷ আগন্তুক বছৰটোত ১,৩৯,০০০ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতিয়ে সেই আশাক বাস্তৱায়িত কৰি তুলিব পাৰে৷

(লেখক ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ কাৰ্যবাহী সঞ্চালক)

ShareTweetShare

Related Posts

উন্নয়নৰ মানচিত্ৰ
দৃষ্টিভংগী

উন্নয়নৰ মানচিত্ৰ

June 1, 2023
0
সংস্থাপনৰ বাট মুকলি কৰি..
সম্পাদকীয়

সংস্থাপনৰ বাট মুকলি কৰি..

June 1, 2023
0
মুখ্যমন্ত্ৰীৰ বাৰ্তা
মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ বাৰ্তা

June 1, 2023
0
কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি
বিশেষ বাৰ্তা

কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি

June 1, 2023
0
জীৱন গঢ়াৰ তপস্যা – তপোবন
বাটকটীয়া

জীৱন গঢ়াৰ তপস্যা – তপোবন

June 1, 2023
0
অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি
বিশেষ বাৰ্তা

অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি

June 1, 2023
0
Load More

By Categories

  • Anniversary Special
  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Article
  • Special Feature
  • असम प्रगति के पथ पर
  • असम बजट विशेष
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • परिवर्तक
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वर्षगांठ विशेषांक
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • विशेष लेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বৰ্ষপূৰণ বিশেষ
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ নিবন্ধ
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In