২০২১ৰ ডিচেম্বৰত টেক মহিন্দ্ৰা বিজনেছ ছাৰ্ভিচত কৰ্মৰত আছিল জিনিয়াশ্ৰী ডেকা। সেই সময়তে এটা নতুন ব্যৱসায়ৰ বিষয়ে তেওঁৰ মনলৈ আহিল আৰু তাৰ বাবে প্ৰস্তুতিও আৰম্ভ কৰিলে। ২০২২ চনত চাকৰি এৰি জিনিয়াশ্ৰীয়ে সম্পূৰ্ণৰূপে ব্যৱসায়ত মন দিয়ে। তেওঁ হস্তশিল্পৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ প্ৰস্তুত কৰি বহুকেইখন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে আৰু নিজৰ এটা ৱেবছাইট প্ৰস্তুত কৰে নাম দিয়ে fairycore.in। জিনিয়াশ্ৰীয়ে নিজৰ এই ব্যৱসায়ৰ জৰিয়তে পৰিৱেশ বহনক্ষমতা আৰু অসমীয়া সংস্কৃতিৰ প্ৰচাৰতো গুৰুত্ব প্ৰদান কৰিছে। তেওঁ ফেয়াৰীক’ক এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড হিচাপে গঢ়ি তোলাৰ সপোন দেখিছে।
শিৱসাগৰৰ গেলেকীত পাৰ্থ প্ৰতিম গগৈৰ এটা বেগ প্ৰস্তুত কৰা ফেক্টৰী আছে। এই ফেক্টৰীত প্ৰস্তুত হয় পলিপ’পাইলিন বেগ। পূৰ্বতে আন ব্যৱসায়ৰ সৈতে জড়িত থকা পাৰ্থই যোৱা বছৰৰ পৰা এই ব্যৱসায়টোত মনোনিৱেশ কৰে। পাৰ্থৰ ফেক্টৰীত প্ৰস্তুত হোৱা বেগবোৰৰ বিশদ বিৱৰণৰ সৈতে এটা ৱেবছাইট সাজু কৰে – mpbags.in। লজিষ্টিকৰ সমস্যাৰ মুখামুখি হোৱাৰ পাছতো টাটাৰ চাহ বাগিচাৰ দৰে ক্লায়েণ্টক বেগ প্ৰদান কৰি থকা পাৰ্থই বিচাৰে বেগসমূহ ইকমাৰ্ছ প্লেটফৰ্মত উপলভ্য হোৱাটো।
জিনিয়াশ্ৰী, পাৰ্থৰ দৰে বহু উদ্যমী যুৱক-যুৱতীক উৎসাহিত কৰি নিজৰ ব্যৱসায় গঢ়াৰ ক্ষেত্ৰত অলপ সকাহ দিব পৰাকৈ আৰম্ভ হৈছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। উল্লেখ্য যে এয়া আছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ২ লাখ যুৱ উদ্যমীক উদগনি জনোৱাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশত এটা পদক্ষেপ।
যোৱা বছৰৰ ২৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনৰ আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত প্ৰাৰ্থীসকলে আবেদন দাখিল কৰিব পৰাকৈ এটা প’ৰ্টেল আৰম্ভ কৰা হৈছিল। এই প’ৰ্টেলযোগে ১,০৪,০৯১গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰে আৰু ইয়াৰ মাজৰে পৰা প্রথম পর্যায়ত প্ৰায় ২৫,০০০গৰাকীক বিত্তীয় সহযোগিতা প্ৰদান কৰা হয় যোৱা ৩০ ছেপ্টেম্বৰত। এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত।
বিত্তীয় সহযোগিতা প্ৰদানৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “আজি অসমক লৈ ভাৰতে গৌৰৱ কৰে।” জিলাসমূহত তিনিদিনকৈ যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “প্ৰথম কিস্তিত প্ৰদান কৰা ৭৫,০০০ টকাৰ পাছত অহা ১০ নবেম্বৰত বাকী ২৫,০০০ টকা প্ৰদান কৰা হ’ব।’’ এই আঁচনিৰ অধীনত প্ৰদান কৰা মুঠ ধনৰাশি ২ লাখ টকা বুলি উল্লেখ কৰি তেওঁ কয় যে, “আঁচনিৰ অধীনত লাভ কৰিবলগীয়া ২ লাখ টকাৰ ১ লাখ টকা তেওঁলোকে ওভতাই দিব নালাগে আৰু এক লাখ টকা তিনি বছৰৰ পাছৰ পৰা পাঁচ বছৰৰ ভিতৰত কিস্তি হিচাপে আদায় কৰিব লাগিব।”
আঁচনিখনৰ অধীনত লক্ষ্যত উপনীত হোৱাৰ দিশত নিৰীক্ষণ কৰিবলৈ উচ্চ প্ৰশিক্ষিত ব্যক্তিৰ এটা গোটক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ফেল’ হিচাপে নিয়োগ কৰা হ’ব। এবছৰৰ পাছত তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত যোগ্যসকলক বাকী এক লাখ টকা প্ৰদান কৰা হ’ব। উল্লেখ্য যে প্ৰথম পৰ্যায়ত মন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নিৰ্বাচিত ২৫,২৩৮গৰাকী উদ্যোগী যুৱক-যুৱতীক প্ৰথম কিস্তি হিচাপে ৭৫ হাজাৰ টকাকৈ মুঠ ৫১০ কোটি টকা আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই প্ৰক্ৰিয়া যদি সফল হয় তেন্তে সৰ্বমুঠ ২ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।” তেওঁ আশা প্ৰকাশ কৰে সে ৰাজ্যৰ যুৱপ্ৰজন্মক আত্মনিৰ্ভৰশীলতাৰ বাটেৰে আগুৱাই নিয়াৰ দিশত এয়া এক ঐতিহাসিক পদক্ষেপ আৰু লগতে তেওঁ আহ্বান জনাই যে, “আমাৰ যুৱ-উদ্যোগীসকলক তেওঁলোকে লাভ কৰা এই পুঁজি উচিতভাৱে ব্যৱহাৰ কৰি নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লগতে আন দহজনৰ বাবে আদৰ্শ হিচাপে উদ্ভাসিত হ’ব।”
যুৱ উদ্যমী পাৰ্থ প্ৰতিম বৰাই কয়, “ আঁচনিৰ পৰা লাভ কৰা ধনখিনি মই প্ৰচাৰৰ ক্ষেত্ৰত ব্যয় কৰিম বুলি পৰিকল্পনা কৰিছোঁ। যিহেতু আমাৰ ব্যৱসায়টোৱে এক ৰূপ পাইছে গতিকে এতিয়া প্ৰচাৰৰ অলপ প্ৰয়োজন হ’ব।” তেওঁ লগতে উল্লেখ কৰে যে এই আঁচনিখনে তেওঁলোকৰ দৰে উদ্যমীসকলক যথেষ্ট সহায় কৰিব।
জিনিয়াশ্ৰীয়ে কয়, “মোৰ পৰিকল্পনাক বাস্তৱ কৰি তুলিবলৈ মোক বৃহৎ পুঁজিৰ প্ৰয়োজন আৰু তাৰবাবে মই কৰ্মসূচী প্ৰস্তুত কৰিছোঁ। লাভ কৰা এই ধনে মোক এই দিশত সহায় কৰিব।”
মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়ে উল্লেখ কৰি কয়, “আজি যিসকলে ২ লাখ টকা পোৱাৰ বাবে যোগ্য বিবেচিত হৈছে, তেওঁলোকৰ যাত্ৰা ২ লাখ টকাতে শেষ হ’ব নালাগে৷ পৰৱৰ্তী সময়ত তেওঁলোকে যাতে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা ২০ লাখলৈকে পাব পাৰে, সেই বিষয়ত আঁচনি প্ৰস্তুত কৰিব লাগে আৰু তেওঁলোকেই সেই দিশত আগুৱাব লাগে।”