কটন কলেজ (বৰ্তমানৰ কটন বিশ্ববিদ্যালয়)ৰ ছাত্ৰী হিচাপে সাত বছৰ অধ্যয়ন কৰাৰ পাছত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশৰ শিক্ষা ব্যৱস্থাৰ অধীনত এদিন শিক্ষকতা কৰিম বুলি মই কেতিয়াও কল্পনাই কৰা নাছিলো৷ মোৰ এই জীৱনযাত্ৰাৰ বিভিন্ন পৰ্যায়ত মোক নানা কথা শিকোৱা মোৰ প্ৰতিগৰাকী শিক্ষক আৰু আন সকলোৰে প্ৰতি মই চিৰ কৃতজ্ঞ ৷ যেতিয়া মই জীৱনৰ সেই পুৰণি দিনবোৰলৈ ওভতি চাওঁ, মোৰ হাইস্কুলৰ শিক্ষকে অন্যমনস্ক হোৱাৰ বাবে মোক মাতি পঠিওৱা মনত পৰে৷ মোৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° সাবিত্ৰী বৰদলৈ বাইদেৱে মাতি নি Fejervaria limnocharis (অসমৰ স্থানীয় ভেকুলীৰ এটা প্ৰজাতি)ৰ ওপৰত গৱেষণা কৰিবলৈ কৈছিল৷ মোৰ বাবে এই সকলোবোৰ আছিল একো একোটা জীৱন সলনি কৰিবপৰা মুহূৰ্ত৷ মোৰ যত্ন লোৱা প্ৰতিজন ব্যক্তিৰপৰা কিবা এটা শিকিছিলো৷ মই এজন আজীৱন শিক্ষাৰ্থী আৰু মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ পৰা মই শিকিবলৈ চেষ্টা কৰোঁ- এগৰাকী মাতৃ, শিক্ষক, গৱেষক আৰু এজন চিন্তক হিচাপে৷ ক’ভিড মহামাৰীয়ে ২০২২ আৰু তাৰ পাছৰ সময়খিনিৰ বাবে ভৱিষ্যত নীতি আৰু কাৰ্যপন্থাৰ পথ প্ৰশস্ত কৰিছে৷ শিক্ষাৰ্থীসকলক সফল জীৱনদক্ষতাৰ বাবে প্ৰস্তুত কৰিবলৈ কেৱল তথ্য মুখস্থ কৰাটো এতিয়া কাৰ্যকৰী উপায় হৈ থকা নাই৷ তেওঁলোকৰ শিক্ষাৰ পৰিপূৰক হ’বলৈ কিছুমান গুৰুত্বপূৰ্ণ দক্ষতা যেনে সমালোচনামূলক চিন্তা, সমস্যা সমাধান, যোগাযোগ, বোধগম্যতা ইত্যাদি, শিক্ষাৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ গোলকীয় শিক্ষা নীতিয়ে ২০৩০ চনৰ ভিতৰত পূৰণ কৰিবলগীয়া ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য- (UN SDG4)ৰ অধীনত আখৰৰজ্ঞান আৰু সংখ্যাজ্ঞানৰ বাহিৰেও দক্ষতা বা “দক্ষতাৰ প্ৰসাৰতা”ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷[1]৷ ই এতিয়া বিশ্বৰ দেশসমূহৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত লাহে লাহে প্ৰতিফলিত হ’বলৈ ধৰিছে৷ ২০৩০ চনত মুকলি হ’বলগীয়া এছজিডি4-ৰ কৰ্পোৰেট হেণ্ডবুকৰ সহ-লেখক হিচাপে, মই এই দক্ষতাবোৰৰ বিষয়ে আলোচনা কৰাত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছোঁ যি ব্ৰুকিংছ ইনষ্টিটিউচনৰ চেণ্টাৰ ফৰ ইউনিভাৰ্চেল এডুকেশ্বনৰ এটা প্ৰকল্প- Skills of a Changing World [2] ত উল্লেখ কৰা হৈছে৷
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰণালীত অভিজ্ঞতা অৰ্জন কৰা এজন শিক্ষক হিচাপে, মই অনুভৱ কৰো যে শিক্ষকসকলৰ পেছাদাৰী বিকাশ আৰু প্ৰতিটো শিক্ষা প্ৰণালীৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ চিনাক্ত কৰাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ এই জীৱন দক্ষতাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত৷ যিহেতু আমাৰ বিদ্যালয়সমূহত অজস্ৰ সমস্যাই প্ৰভাৱিত কৰে৷ গতিকে, সক্ৰিয় আৰু তৃণমূল পৰ্যায়ত আনিব পৰা পৰিৱৰ্তনবিলাক বিচাৰি উলিওৱাটো অতিকৈ গুৰুত্বপূৰ্ণ৷ আমাৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন সমস্যা যেনে ব্যাপক নিৰক্ষৰতা, সম্পদৰ অপচয়, স্থানীয় ভাষাৰ প্ৰতি অৱহেলা, ব্যয়বহুল উচ্ছ শিক্ষা, পিতৃ-মাতৃৰ আৰ্থ-সামাজিক স্থিতি আদিৰ সৈতে জড়িত সমস্যাবোৰ এক সঠিক দৃষ্টিভংগীৰে সমাধান কৰিব পাৰি৷ এই সকলোবোৰ নিৰ্ভৰ কৰে শিক্ষক আৰু তেওঁলোকৰ সদিচ্ছাৰ ওপৰত৷ মই ব্যক্তিগতভাৱে মোৰ কামৰ সময়ৰ বাহিৰত মোৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰি সপ্তাহত প্ৰায় ৩০ ঘণ্টাতকৈ অধিক সময় অতিবাহিত কৰোঁ, তেওঁলোকক বিশ্বাস দিওঁ যে মই তেওঁলোকৰ কাষত আছোঁ; তেওঁলোকক সাহস দিওঁ যে তেওঁলোকে যিকোনো সময়তে মোৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু লগতে তেওঁলোকৰ বাবে এক সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰিব পৰা যায়৷ এজন শিক্ষাৰ্থীয়ে এইটো অনুভৱ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ যে, বিদ্যালয়ৰ পৰিৱেশৰ বাহিৰৰ সমস্যাবোৰ নিৰ্বিশেষে, তেওঁলোকে ওৰেটো জীৱনৰ বাবে দক্ষতা অৰ্জন কৰিছে, যিয়ে তেওঁলোকক ভৱিষ্যতে সফল হোৱাত সহায় কৰিব৷
প্ৰতিটো শিশু নিজ নিজ ধৰণে বিশেষ৷ গতিকে, আমাৰ বিদ্যালয়বোৰে এনে এক পৰিৱেশ সৃষ্টিৰ উপায় বিচাৰি উলিয়াব লাগিব য’ত শিশুজনক কেৱল পুথিগত শিক্ষাই নহয়, জীৱনৰ আৰম্ভণিতে শিশুটিৰ ইচ্ছাপূৰণৰ সুযোগো দিয়া হয়৷ সঠিক পৰামৰ্শ দিয়াৰ লগতে শিশুৰ আশা-প্ৰত্যাশাক সমানে অগ্ৰাধিকাৰ দিয়া উচিত আৰু সঠিক প্ৰশিক্ষণ থকা শিক্ষকসকলক শিশুটোৰ স্বকীয়তা চিনাক্ত কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিব লাগে৷ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক শিক্ষা, কলা আৰু গণিত (STEAM) কেৱল কিতাপতে সীমাবদ্ধ নহৈ তেওঁলোকৰ জীৱনৰ অংশ হোৱা উচিত৷ আহক, তেওঁলোকক শিকাওঁ যে চিত্ৰকলাৰ কালাংশত বিভিন্ন ৰং মিহলি কৰাটো প্ৰকৃততে বিজ্ঞানহে৷
কোনো এখন ক্ৰিকেট খেলত, বলৰ স্পিন আৰু ক্ৰিকেট বেটৰ সৈতে বলৰ সম্পৰ্কও হৈছে বিজ্ঞান৷ আমাৰ দৈনন্দিন ৰন্ধন প্ৰণালীত মাছৰ টেঙা আৰু ইয়াৰ জুতি লৈ প্ৰকাশ কৰা আমাৰ প্ৰতিক্ৰিয়া আচলতে জিভাত ৰাসায়নিক সংকেতৰ সংমিশ্ৰণৰ বাহিৰে আন একো নহয়৷ আমি কেৱল খাই ভাল পোৱাৰ বাবেই নহয়, প্ৰকৃততে আমি বাস কৰা বতৰৰ পৰিস্থিতিৰ বাবেহে আমি “খাৰখোৱা” আৰু ইয়াৰ আঁৰতো আছে বিজ্ঞান৷ আহক, আমি বিষয়বোৰ ভিন্ন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰোঁ আৰু আমাৰ পাঠ্যক্ৰমক মাথোঁ এটা গ্ৰেডৰ বাবে বাধ্যতামূলক অধ্যয়ন হিচাপে সীমাবদ্ধ কৰি নাৰাখি সৃষ্টিশীল শিক্ষণ পদ্ধতি আৰু শিক্ষকসকলৰ উদ্ভাৱনশীলতাৰ জৰিয়তে ইয়াক এক ৰোমাঞ্চকৰ কাৰ্যকলাপ হিচাপে গ্ৰহণ কৰোঁ৷ কেৱল প্ৰযুক্তি বা প্ৰযুক্তিগত উদ্যোগতে নহয়, শিক্ষাৰ ক্ষেত্ৰতো বিনিয়োগ কৰকক্ক উদ্যোগ বা স্টাৰ্ট আপবোৰ তেতিয়াহে ঠন ধৰি উঠিব যদি শিক্ষাৰ্থীসকলক তেওঁলোকৰ পাঠ্যক্ৰমৰ বাহিৰলৈ গৈ ন ন চিন্তা কৰাৰ সুযোগ দিয়া
হয়৷ মই আশ্বাস দিব পাৰোঁ যে তেওঁলোকে আমাৰ সপোনৰো উৰ্ধত গৈ নতুনজ্ঞানেৰে সমৃদ্ধ হ’ব, ভৱিষ্যতে উদ্যোগীও হ’ব আৰু বাস্তৱ পৃথিৱীৰ সমস্যাবোৰ এক অভিনৱ উপায়েৰে সমাধান কৰাত আগভাগ ল’ব৷
এই বিনিয়োগৰ যুগত আমাৰ শিক্ষকসকলৰ ওপৰতো বিনিয়োগ কৰাৰ এক পৰিৱেশ গঢ় লৈ উঠক৷
- United Nations. (2016). The Sustainable Development Goals Report. Retrieved from http://unstats.un.org/sdgs/report/2016/The%20Sustainable%20Development%20Goals%20Report%202016.pdf
- https://www.brookings.edu/series/skills-for-a-changing-world/
(লেখিকা, ২০২২ বৰ্ষত টাইম আলোচনীৰদ্বাৰা স্বীকৃতি প্ৰাপ্ত এগৰাকী উদ্ভাৱনী শিক্ষক। তেওঁ Dream Research Innovative Problem/Project Based Learning (DRIPBL)ৰ জৰিয়তে STEAM শিক্ষাৰ সৈতে জড়িত হৈ আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিজোনা কলেজ প্ৰেপ-হাইস্কুলত শিক্ষাদান কৰে।)