অসম বাৰ্তাৰ এই সংখ্যাটোত প্ৰকাশিত হৈছে জনসাধাৰণ আৰু প্ৰশাসনৰ মাজত সহযোগিতাৰ এক সেতুৰে সুখময়তা আৰু আত্মনিৰ্ভৰশীলতাৰ পথ অংকিত হোৱাৰ বাৰ্তা। অমৃত বৃক্ষ আন্দোলন ২.০ৰ সফলতাৰ বাবে অসম আগুৱাইছে সেউজীয়া আৰু বৃক্ষ অৰ্থনীতিৰে সবল হোৱাৰ দিশে। চৰকাৰৰ এক ইতিবাচক পদক্ষেপলৈ ৰাইজে আগবঢ়াইছে সহযোগিতা। মানৱ জীৱনত গছৰ গুৰুত্বক অনুধাৱন কৰোৱা এই পদক্ষেপে ৰাইজক সজাগ কৰি তুলিছে।
কৃষকসকলৰ পৰা সৰিয়হৰ বীজ ক্ৰয় পদক্ষেপে ৰাইজলৈ কঢ়িয়াইছে আশাৰ বতৰা। অভিলেখ পৰিমাণৰ সৰিয়হৰ বীজৰ ক্ৰয় আৰু বৰ্ধিত সময়সীমাই চৰকাৰৰ কৃষকমুখী নীতিক প্ৰতিফলিত কৰিছে।
একেদৰে মুকুতা খেতিৰ সফলতাৰ কাহিনী হৈছে এক সামূহিক প্ৰচেষ্টাৰ নিদৰ্শন। নগাঁৱৰ এগৰাকী মহিলাৰ উদ্যমশীলতা আৰু সঠিক সময়ত প্ৰশাসনৰ হস্তক্ষেপৰ জৰিয়তে ঠন ধৰি উঠিছে অঞ্চলটোত মুকুতা খেতিৰ সম্ভাৱনা। এই পদক্ষেপে ভৱিষ্যৎ অসমৰ আত্মনিৰ্ভৰশীলতাৰ দিশত এটা নতুন পথৰ সৃষ্টি কৰিছে।
উপেন্দ্ৰ ৰাভা আৰু তেওঁৰ সফলতাৰ কাহিনীৰ সাক্ষ্য ‘উপেন্দ্ৰ ৰাইচ’। উপেন্দ্ৰ ৰাভাৰ কৰ্মনিষ্ঠা আৰু উৎপাদনমুখী চিন্তাৰ ফচল এই বিশেষ ক’লা চাউলবিধ। তেওঁ পৰম্পৰাগত ব্যৱস্থাৰ বিপৰীতে এক গৱেষণামুখী খেতিত নিজকে নিয়োজিত কৰাৰ বাবে আৰু কঠোৰ পৰিশ্ৰমৰ বাবে বাণিজ্যিকভাৱে সফল হৈছে আৰু কৃষিকৰ্মত সফলতাৰ চানেকি গঢ়িছে।