সময়ত সাৱধানতা অৱলম্বন কৰিলে পাছত ডাঙৰ বিপদৰ পৰা হাত সাৰিব পাৰি ~ এনেধৰণৰ বাক্য আমি প্ৰাথমিক বিদ্যালয়ৰ পৰাই শুনি আহিছোঁ। কিন্তু এই সহজ বাক্যটিৰ মাজতো লুকাই থকা জ্ঞানৰ গুৰুত্ব ৰাজ্য আৰু চৰকাৰী ব্যৱস্থাপনাত অতি কমেই দেখা পোৱা যায়। যিসকলে এই নীতি পালন কৰে, তেওঁলোকে শেষত প্ৰায় সকলো ক্ষেত্ৰতেই লাভৰ অংশীদাৰ হয়।
অসম চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা বাল্য বিবাহবিৰোধী অভিযান এই প্ৰবাদ বাক্যৰ এক সফল উদাহৰণ। আৰম্ভণিৰ পৰাই চৰকাৰে আইনী ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ছাত্ৰী শিক্ষা, সবলীকৰণ আৰু আৰ্থিক স্থিৰতাৰ দিশতো একেলগে কাম কৰিছে। ইয়াৰ ফলত ২০২২ চনৰ এপ্ৰিলৰ পৰা ২০২৫ মাৰ্চৰ ভিতৰত ছোৱালীৰ মাজত বাল্য বিবাহ ৮৪% হ্ৰাস পায়, যি সংখ্যাই দেশৰ অন্য ৰাজ্যসমূহতকৈ বহুগুণে শ্ৰেষ্ঠ বুলি “চেণ্টাৰ ফৰ লিগেল একচন এণ্ড বিহেভিয়ৰ চেঞ্জ ফৰ চিলড্ৰেন (চি-লেব)”ৰ সমীক্ষাত প্ৰকাশ পায়।
ছোৱালীসকলৰ ক্ষেত্ৰত এই হ্ৰাস ৮৪% হলেও পুৰুষৰ ক্ষেত্ৰত হ্ৰাসৰ হাৰ হৈছে ৯১%।
“Tipping Point to Zero: Evidence Towards a Child Marriage Free India” নামৰ এই প্ৰতিবেদনখনত অসম চৰকাৰৰ বলিষ্ঠ আইনী কাৰ্যপদ্ধতিলৈ এই সফলতাৰ সৰ্বাধিক কৃতিত্ব দিয়া হৈছে। তথাপিও, এনেধৰণৰ দূৰদৰ্শী নীতিৰ বাস্তৱিক প্ৰভাৱ ভৱিষ্যতেও নিৰ্ধাৰণ কৰিব যেতিয়া এই শিশুসকলে শিক্ষাৰ জৰিয়তে, নিজৰ প্ৰচেষ্টাৰ জৰিয়তে, আৰু শ্ৰমৰ যোগেদি বিশ্বমঞ্চত নিজৰ স্থান দখল কৰিব পাৰিব।
সময়ৰ আগতে কৰা এক সঠিক পদক্ষেপে ভৱিষ্যতৰ বহু সমস্যাক আঁতৰাই পেলায়। অসম চৰকাৰে এই সত্যটো প্ৰমাণ কৰিছে যে সঠিক সময়ত লোৱা সিদ্ধান্তই বহু সমস্যাৰ অন্ত পেলাব পাৰে।










