বিশ্বনাথ জিলাৰ মুখৰ গাঁৱৰ স্বপ্না কেওট৷ ১৬ ছেপ্টেম্বৰত স্বপ্নাই দুটা গছপুলি গাঁও পঞ্চায়তৰ পৰা সংগ্ৰহ কৰে৷ ‘অমৃত বৃক্ষ আন্দোলন’ৰ প্ৰতি স্বপ্নাৰ এক সুকীয়া উৎসাহ আছিল৷ অমৃত বৃক্ষ আন্দোলনত পঞ্জীয়ন কৰা তেওঁ হৈছে প্ৰথমগৰাকী মহিলা৷ ১৭ ছেপ্টেম্বৰৰ পুৱাই বাণিজ্যিক প্ৰজাতিৰ পুলি দুটা ৰোপণ কৰি স্বপ্নাই জিঅ’ টেগসহ নিজৰ ফ’ট’ নিৰ্ধাৰিত প’ৰ্টেলত আপল’ড কৰে৷
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত স্বপ্নাই কয়, “এয়া মোৰ বাবে এক বিশেষ অনুভৱ আছিল৷ মই সেউজীয়া ভাল পাওঁ আৰু মোৰ পুলি দুটা ডাঙৰ কৰিবলৈ মই সকলোধৰণৰ দায়িত্ব ল’ম৷”
মূলতঃ যোৱা ৯ৰ পৰা ১৭ ছেপ্টেম্বৰলৈ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ সময় আছিল যদিও এই আন্দোলনৰ প্ৰতি ৰাইজৰ সঁহাৰি বহু আগৰে পৰা পৰিলক্ষিত হৈছিল৷ বিশেষকৈ অভিলেখ গঢ়া স্থানসমূহত ৰাইজে স্বেচ্ছামূলকভাৱে বন বিভাগক যথেষ্ট সহায় কৰিছিল৷ এইকেইটা দিনত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ তত্ত্বাৱধানত ৰাজ্যখনে মুঠ ৯টা গীনিজ বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে প্ৰচেষ্টা চলায় (সবিশেষ ৩য় পৃষ্ঠাত)৷
অমৃত বৃক্ষ আন্দোলন প্ৰচেষ্টাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ পত্ৰখনিত তেখেতে উল্লেখ কৰে যে প্ৰকৃতি আৰু প্ৰগতিক একত্ৰিত কৰাটো নতুন ভাৰতৰ আৰ্হিৰ এক চিহ্ন৷
১৭ ছেপ্টেম্বৰৰ দিনটো অসমৰ বাবে হৈ পৰিল বিশেষ আত্মসহায়ক গোট, স্বেচ্ছাসেৱী সংগঠন, সামাজিক সংস্থা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি ৰাজ্যখনৰ ৭০ লক্ষাধিক লোকে অসমৰ সেউজ আৱৰণ গঢ়ি বৃক্ষ অৰ্থনীতিক সবল কৰাৰ এই অভিযানতৰ অংশীদাৰ হয়৷
তেনে এগৰাকী অংশীদাৰ হ’ল শিৱসাগৰ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী প্ৰিন্সী মহন৷ ১৬ ছেপ্টেম্বৰত গছ ভালপোৱা প্ৰিন্সীয়ে আন শিক্ষাৰ্থীসকলৰ সৈতে গেলেকীৰ এক বিশেষ স্থানত গছপুলি ৰোপণৰ অনুশীলনত ভাগ লয়৷ ১৭ ছেপ্টেম্বৰৰ দুপৰীয়া প্ৰিন্সীৰ সৈতে মুঠ ১২২৯গৰাকী মহিলাই গেলেকী আঠখেল চাহ বাগিচাত এটা অভিলেখ গঢ়ে — সৰ্বাধিক লোকৰ দ্বাৰা একেলগে একে সময়তে গছপুলি ৰোপণ৷
প্ৰিন্সীয়ে কয়, “এয়া মোৰ বাবে এক সুকীয়া অনুভৱ আছিল৷ গছ থাকিলেহে মানুহ আৰু পৃথিৱী থাকিব, আমাৰ ধৰাক সেউজ কৰি ৰখাৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে আমি ধন্যবাদ জনাইছোঁ৷” বিহুৰ বিশ্ব অভিলেখতো অংশগ্ৰহণ কৰা প্ৰিন্সীয়ে আনন্দৰে কয়, “এতিয়া মোৰ ওচৰত গীনিজ ৰেকৰ্ড কৰাৰ দুখনকৈ প্ৰমাণ পত্ৰ থাকিব৷”
প্ৰকৃতি আৰু নাৰীৰ মাজৰ সম্পৰ্ক, নাৰী সবলীকৰণ আদি দিশসমূহক প্ৰতিনিধিত্ব কৰি প্ৰচেষ্টা কৰা এই অভিলেখত অংশ লৈছিল শিৱসাগৰ মহাবিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী কুঁহিৰাণী কাশ্যপে৷ কুঁহিয়ে কয়, “আমি একেলগে ৫৮.৪৮ ছেকেণ্ডত ১২২৯টা অগৰু পুলি একেলগে ৰোপণ কৰোঁ৷
শিৱসাগৰৰ এই অনুষ্ঠানত উপস্থিত থাকে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷
অমৃত বৃক্ষ আন্দোলনৰ ১৭ ছেপ্টেম্বৰৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এটি গছৰ পুলি ৰোপণ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এয়া অসমৰ বাবে এটা ঐতিহাসিক দিন৷ আজি আমি অসমত ১ কোটি গছপুলি ৰোপণৰ বিশ্ব অভিলেখ গঢ়াৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটো এটা অনলাইন প’ৰ্টেলত আপল’ড কৰাৰ প্ৰচেষ্টা কৰিছোঁ৷” ৯ ছেপ্টেম্বৰৰ পৰা চলি থকা অভিযানটোৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই অভিযানে কেৱল অসমকে নহয় বিশ্বকে গছপুলি ৰোপণৰ বাবে উৎসাহিত কৰিব৷ তেওঁ অনলাইন যোগে গছপুলিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে সংকল্প ল’বলৈ অসমবাসীক আহ্বান জনায়৷
অমৃত বৃক্ষ আন্দোলন ১৭ ছেপ্টেম্বৰলৈকে ১ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল৷ লগতে এই গছপুলিসমূহ ৰোপণ কৰাৰ ফ’ট’গ্ৰাফেৰে বিশ্বৰ সৰ্ববৃহৎ ফ’ট’ এলবামৰ অভিলেখ গঢ়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ অভিযানকালত ৰোপণ কৰা গছপুলিসমূহ বাণিজ্যিক প্ৰজাতিৰ হোৱা বাবে অহা ১০ বছৰত ইয়াৰ পৰা অৰ্থনৈতিকভাৱে লাভাম্বিত হ’ব পৰা যাব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমি অহা তিনি বছৰত গছপুলিসমূহৰ পুনৰ ফ’ট’গ্ৰাফ ল’ম আৰু ইয়াৰে ৮০ শতাংশতকৈও অধিক গছপুলি জীয়াই ৰাখিবলৈ বন বিভাগ প্ৰতিশ্ৰুতিবদ্ধ৷” তেওঁ লগতে উল্লেখ কৰে যে অহা বছৰ তিনিদিনৰ ভিতৰত অবনাঞ্চল অঞ্চলত ৩ কোটি গছপুলি ৰোপণ কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব৷