অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা শাখাই ৰাজ্যত সূচনা কৰিছে এক নৱ ডিজিটেল বিপ্লৱৰ৷ ৰাজ্যৰ লাখ লাখ লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱা এই বিপ্লৱৰ আঁৰত আছে শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰৰ আশাশুধীয়া প্ৰচেষ্টা আৰু দীৰ্ঘদিনীয়া সপোন৷ অদম্য কৰ্মস্পৃহা আৰু প্ৰবল ইচ্ছাশক্তিৰে আগবাঢ়ি সীমিত সামৰ্থ্যৰ ব্যৱহাৰেৰে তেখেতে সৃষ্টি কৰিছে এক নতুন ডিজিটেল যুগৰ৷
ডিজিটেল দক্ষতা বিকাশৰ পথ প্ৰশস্ত কৰি বৰঠাকুৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই পদক্ষেপে শিক্ষা সংসদৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহৰ লগতে ৰাজ্যৰ বহু ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক উপকৃত কৰিছে৷ ইয়াৰ লগতে এক বুজন পৰিমাণৰ ধন ৰাহি হোৱাৰ লগতে বহুজনৰ কষ্টও লাঘৱ হৈছে৷
“পূৰ্বৰ দৰে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে ধুবুৰী বা জোনাইৰপৰা পৰীক্ষা সংক্ৰান্তীয় বিভিন্ন কাম-কাজ, উত্তৰ বহী পুনৰীক্ষণ, নাম শুধৰণি আদি কৰিবলৈ গুৱাহাটীলৈ আহিব নালাগে৷ তাৰ পৰিৱৰ্তে ই-মেইলযোগে তথা অনলাইন মাধ্যমেৰে তেওঁলোকে নিজ নিজ অঞ্চলত থাকিয়েই বিনামূল্যে তথা প্ৰয়োজন অনুসৰি ন্যূনতম মাচুলৰ বিনিময়ত এই সকলো কামৰ সুবিধা গ্ৰহণ কৰিব পাৰে,” অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত বৰঠাকুৰে কয়৷
তেখেতৰ ‘Digitization of existing examination process of AHSEC’ৰ ধাৰণাটিক ভাৰত চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে প্ৰশংসা কৰাৰ লগতে ৰাষ্ট্ৰীয় ই-গভাৰ্নেঞ্চ ২০১৯-২০ বঁটাৰ বাবে প্ৰকল্প উপস্থাপন (Presentation) কৰিবলৈ বাছনি কৰে৷ উল্লেখযোগ্য যে দেশৰ ১৬০০তকৈও অধিক প্ৰকল্পৰ মাজৰপৰা উপস্থাপন কৰিবলৈ নিৰ্বাচিত কৰা ৩৬টা প্ৰকল্পৰ তালিকাত পংকজ বৰঠাকুৰৰ প্ৰকল্পটোৱেও স্থান লাভ কৰিছিল৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া, পৰামৰ্শদাতাৰ সন্মুখত বৰঠাকুৰে মূলতঃ চাৰিটা কামৰ বৰ্ণনা দাঙি ধৰিছিল৷ আয়ুষ্মান ভাৰত, ভাৰতীয় ডাক বিভাগ, ভাৰতৰ নিৰ্বাচন আয়োগ আদিৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বৰঠাকুৰৰ প্ৰকল্পটো পদকৰ তালিকাত অন্তৰ্ভুক্ত নহ’লেও উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷
“পৰীক্ষা নিয়ন্ত্ৰক হিচাপে যোগদান কৰাৰ প্ৰায় এবছৰৰ ভিতৰত শিক্ষা সংসদৰ ১৫০০তকৈও অধিক শিক্ষানুষ্ঠানত
পংকজ বৰঠাকুৰ (পৰীক্ষা নিয়ন্ত্ৰক, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ)
ই-মেইল নেটৱৰ্কৰ জৰিয়তে বাৰ্তাসমূহ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয়”
২০১৮ বৰ্ষত শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে যোগদান কৰা পংকজ বৰঠাকুৰে প্ৰকল্প উপস্থাপনৰ এই চাৰিটা বিষয়বস্তুৰ সন্দৰ্ভত কয়, “পৰীক্ষা নিয়ন্ত্ৰক হিচাপে যোগদান কৰাৰ প্ৰায় এবছৰৰ ভিতৰত শিক্ষা সংসদৰ ১৫০০তকৈও অধিক শিক্ষানুষ্ঠানত ই-মেইল নেটৱৰ্কৰ জৰিয়তে বাৰ্তাসমূহ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয়৷”
“পূৰ্বে শিক্ষানুষ্ঠানসমূহলৈ আমাৰ কাৰ্যালয়ৰপৰা ডাক ব্যৱস্থাৰে মাহত কমেও ৪খন চিঠি প্ৰেৰণ কৰা হৈছিল৷ এখন চিঠি প্ৰেৰণৰ বাবদ ৩৪ টকাকৈ ব্যয় হ’লে ১৫০০তকৈও অধিক শিক্ষানুষ্ঠানলৈ এখন চিঠি প্ৰেৰণ কৰিবলৈয়ে খৰচ হয় ৫১,০০০ টকা৷ গতিকে মাহত কেৱল ৪খন চিঠি প্ৰেৰণৰ বাবেই বছৰজুৰি ২৪ লাখতকৈও অধিক ধন ব্যয় হয়৷ এই সম্পূৰ্ণ পদ্ধতিৰ পৰিৱৰ্তন ঘটাই কোনো অতিৰিক্ত ধন ব্যয় নকৰাকৈ সমগ্ৰ ব্যৱস্থাটো ই-মেইললৈ স্থানান্তৰ কৰাৰপৰা লাখ লাখ টকা ৰাহি হোৱাৰ লগতে অতি কম সময়তে বাৰ্তাসমূহ প্ৰেৰণ কৰাৰ সুবিধা লাভ কৰিলোঁ,” বৰঠাকুৰে অসম বাৰ্তাৰ প্ৰতিৱেদকক জনায়৷
ইয়াৰ লগতে এখন উপযুক্ত অনলাইন মঞ্চ প্ৰদান কৰি পৰীক্ষাৰ নামভৰ্তিকৰণ তথা প্ৰ-পত্ৰ পূৰণ, উত্তৰ বহীৰ পুনৰীক্ষণ আদিৰ ব্যৱস্থাই শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিছে৷ ১৯৮৬ চনৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীৰ নম্বৰ তালিকা তথা প্ৰয়োজনীয় সকলো তথ্য ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰাৰ ব্যৱস্থাই পূৰ্বৰ পোন্ধৰ দিনীয়া কাম এটি এতিয়া দুই-তিনি মিনিটতে সমাপন কৰিছে বুলি বৰঠাকুৰে ব্যক্ত কৰে৷
“পূৰ্বে উত্তৰ বহীৰ পুনৰীক্ষণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকল তথা অভিভাৱকসকল দূৰ-দূৰণিৰপৰা গুৱাহাটীলৈ আহিব লাগে৷ কিন্তু এতিয়া তেওঁলোকে আমাৰ কাৰ্যালয়লৈ অহাৰ পৰিৱৰ্তে অনলাইনযোগে সকলো যোগাযোগ কৰিব পাৰে৷ ইয়াৰ জৰিয়তে কষ্ট, সময় ৰাহি হোৱাৰ লগতে সংসদৰ পুঁজিত বহু ধন সঞ্চয় হৈছে৷ তদুপৰি বিদ্যালয়সমূহলৈ ই-মেইলযোগে ফলাফল প্ৰেৰণৰ ব্যৱস্থাই সকলো কাম সহজ কৰি পেলাইছে,” পংকজ বৰঠাকুৰে কয়৷
উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ ক’ভিডকালীন জটিল পৰিস্থিতিৰ সময়ত দেশৰ বহু ৰাজ্যই উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল৷ কিন্তু এই পৰিস্থিতিতো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কঠিন প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি সুপৰিকল্পনাৰে পৰীক্ষা সংক্ৰান্তীয় সকলো কাম সমাপন কৰাৰ লগতে দেশৰ ভিতৰত পঞ্চম স্থানত থাকি ফলাফল ঘোষণা কৰিবলৈও সক্ষম হৈছিল৷
ধুবুৰী জিলাৰ জৰুৱাৰ চৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ছাজিদুৰ ৰহমানে ডিজিটেল পদ্ধতিৰ সুফল লাভৰ কথা উল্লেখ কৰি কয়, “আমাৰ অঞ্চলৰপৰা গুৱাহাটীলৈ ভ্ৰমণ কৰিবলৈ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়৷ কিন্তু বৰ্তমান মেইলযোগে আমি সকলো তথ্য সময়মতে লাভ কৰোঁ৷ অনলাইন ব্যৱস্থাই যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণেৰে খৰচ ৰাহি কৰাৰ লগতে সকলো দিশৰপৰাই আমাক সুবিধা দিছে৷”
অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত জোনাই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ৰাজেশ্বৰ পেগুৱেও অনলাইন ব্যৱস্থাটিৰ ফলপ্ৰসূ ৰূপায়ণ হোৱাত আনন্দ প্ৰকাশ কৰে৷
“সীমান্তৱৰ্তী এলেকা হোৱা হেতুকে ডাকযোগে চিঠি এখন পাওঁতে আগতে প্ৰায় ২০-৩০ দিন লাগিছিল৷ এতিয়া দৈনন্দিন আমি শিক্ষা সংসদৰ পৰীক্ষা শাখাৰ সৈতে সংযুক্ত হৈ থাকিব পাৰোঁ,” ৰাজেশ্বৰ পেগুৱে কয়৷
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ সভাপতি কল্পনা গগৈয়েও ডিজিটেল পদ্ধতিৰ সদ্ব্যৱহাৰৰদ্বাৰা উপকৃত হৈছে বুলি উল্লেখ কৰি কয়, “শিক্ষা সংসদৰ যিকোনো সিদ্ধান্তৰ সবিশেষ বৰ্তমান মেইলযোগে লাভ কৰাৰ হেতুকে কম সময়তে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ৷ এতিয়া কোনো নথি-পত্ৰ হেৰুওৱাৰ ভয় নাথাকে৷ সকলো ডিজিটেলী উপলব্ধ৷”
ডিজিটেল পদ্ধতিৰে গ্ৰহণ কৰা এই পদক্ষেপক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বুঢ়াগোহাঁয়ে প্ৰশংসা কৰি কয়, “এই পদক্ষেপে কাগজৰ প্ৰয়োজনীয়তাক নাইকীয়া কৰি পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লগতে যোগাযোগ সম্পৰ্কীয় ব্যৱধান দূৰ কৰিব পাৰে৷ চৰকাৰী আন বিভাগসমূহ বিশেষকৈ শিক্ষা বিভাগে শিক্ষা সংসদৰ পৰীক্ষা শাখাৰ এই কাৰ্যসূচী অনুসৰণ কৰিলে এক বৃহৎ পৰিমাণৰ ধন ৰাহি হোৱাৰ লগতে সাধাৰণ ৰাইজেও সকাহ পাব৷”