যিকোনো কৰ্মৰ যাত্ৰাক উদযাপনৰ বাবে আৰু সেই যাত্ৰাক উভতি চোৱাৰ বাবে বৰ্ষপূৰ্তিৰ সময়খিনি হৈছে এক মাহেন্দ্ৰ ক্ষণ। ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যোৱা বিধানসভা নিৰ্বাচনত লাভ কৰা বৃহৎ বিজয়ৰ এবছৰীয়া উদযাপনত সোণত সুৱগা চৰাইছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰদল অগপৰ অতুলনীয় ফলাফলে।
এটা কথা স্বীকাৰ কৰিবই লাগিব যে এই চৰকাৰখনক, বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীক বিগত সময়ছোৱাত জনগণৰ মাজতেই দেখা পোৱা গ’লI ফলত সৰ্বসাধাৰণ আৰু চৰকাৰৰ মাজৰ ব্যৱধান হ্ৰাস পাই এটি সুসম্পৰ্ক গঢ় লৈ উঠিছেI প্ৰতি সপ্তাহত দিছপুৰ আৰু ৰাজ্যৰ আন আন জিলাসমূহত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা সিদ্ধান্তই প্ৰমাণ কৰিছে যে তেওঁ জনতাৰ স্ৱাৰ্থত কাম কৰিবলৈ বদ্ধপৰিকৰI
যি সময়ত চৰকাৰখন শাসনলৈ আহিছিল, সেই সময়ত ক’ভিড অতিমাৰীৰ দ্বিতীয়টো ঢৌৱে ৰাজ্যখনক পুনৰ ক্ষতিগ্ৰস্ত কৰিবলৈ আৰম্ভ কৰিছিল। ইতিমধ্যে ক’ভিডৰ প্ৰথমটো ঢৌৱে ৰাজ্যখনৰ লগতে দেশৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিলI কিন্তু অতিমাৰী আৰু অৰ্থনীতিৰ মাজত চলি থকা যুঁজখন জয় কৰি বিগত বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ দহকৰ সংখ্যা অতিক্ৰম কৰিলে। নুমলীগড় শোধনাগাৰ(NRL)ত ৰাজ্য চৰকাৰৰ বিনিয়োগ ১২.৩৫%ৰ পৰা ২৬%লৈ বৃদ্ধি কৰি দুগুণ কৰা হৈছে। শক্তি খণ্ডৰ সংস্কাৰমুখী ব্যৱস্থাৰ ফলত ৰাজহৰ পৰিমাণো বৃদ্ধি হৈছেI মাইক্ৰ’ফাইনেন্স ঋণ মাফৰ ক্ষেত্ৰত থকা বিত্তীয় প্ৰতিবন্ধকতা দূৰ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ অৰ্থনীতিৰ ওপৰতো পূৰ্ণ আস্থা ৰাখি এক সুদৃঢ় পৰিকল্পনাৰে আগবাঢ়িছে।
ড্ৰাগছ-বিৰোধী অভিযান, মানৱ সৰবৰাহ আৰু পশুধনৰ অবৈধ ব্যৱসায়ৰ ওপৰত চলোৱা অভিযানে ব্যাপক সফলতা লাভ কৰিছে I সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত লোৱা শান্তিপূৰ্ণ আৰু কঠোৰ দুই ধৰণৰ স্থিতিয়ে ইতিবাচক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, যাৰ ফলস্বৰূপে সৈন্যবাহিনীৰ বিশেষ ক্ষমতা আইনখন ৰাজ্যৰ ২৩খন জিলাৰ পৰা সম্পূৰ্ণৰূপে আৰু এখন জিলাৰ পৰা আংশিকভাৱে বাতিল কৰা হৈছেI চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সু-সম্পৰ্ক অটুট ৰখাৰ ক্ষেত্ৰতো সফলতাৰ ছবি দেখা পোৱা গৈছে I ঐতিহাসিক কাৰণবশতঃ সৃষ্টি হোৱা বাধা নেওচি এয়া চৰকাৰখনৰ বাবে এক নতুন সফলতাI
এক লাখ চৰকাৰী চাকৰি প্ৰদান কৰাৰ যি দলীয় নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, এইক্ষেত্ৰতো ইতিমধ্যে কাম আৰম্ভ হৈছেI
কিন্তু চৰকাৰখনে এটা কথা মনত ৰখা উচিত যে এয়া কেৱল আৰম্ভণিহেI এতিয়াও এনে কিছুমান ক্ষেত্ৰ আছে, য’ত চৰকাৰৰ যথেষ্টখিনি কৰিবলগীয়া আছে। ইয়াক পূৰ্ণ সফলতা বুলি ধৰি ল’লে প্ৰকৃত উন্নয়নমূলক কামত বাধা আহিব আৰু ৰাইজৰ মনতো এটা ভুল ধাৰণাৰ সৃষ্টি হোৱাৰ অৱকাশ নুই কৰিব নোৱাৰি।