বহু দশক পুৰণি বিদ্ৰোহৰ সমাপ্তিৰ সংকেতৰ সৈতে এক নৱ আলোকৰ পথ মুকলি কৰি আলোচনাপন্থী আলফা, অসম আৰু কেন্দ্ৰ চৰকাৰৰ মাজত স্বাক্ষৰিত হ’ল এক ত্ৰিপাক্ষিক শান্তি চুক্তি। উন্নয়নমূলক দৃশ্যপটৰ সম্ভাৱনাৰে পূৰ্ণ এই শান্তি চুক্তিখনক লৈ অসম তথা সমগ্ৰ দেশতে এক উৎসাহপূৰ্ণ পৰিৱেশ দেখা পোৱা গৈছে।
যোৱা ২৯ ডিচেম্বৰত নতুন দিল্লীত এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত ১.৫ লাখ কোটি টকাৰ উন্নয়নৰ টোপোলা ৰাজ্যখনলৈ অহাৰ বাট মুকলি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে কয়, “আজিৰ দিনটো অসমৰ শান্তি আৰু উন্নয়নৰ যাত্ৰাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই চুক্তিয়ে অসমত স্থায়ী প্ৰগতিৰ পথ প্ৰশস্ত কৰিছে। মই এই যুগান্তকাৰী সাফল্যৰ সৈতে জড়িত সকলোৰে প্ৰচেষ্টাক শলাগ লৈছোঁ। আমি একেলগে সকলোৰে বাবে একতা, বিকাশ আৰু সমৃদ্ধিৰে পূৰ্ণ ভৱিষ্যতৰ দিশত আগবাঢ়িছোঁ।”
দেশৰ ৰাজধানীৰ নৰ্থ ব্লকস্থিত গৃহ মন্ত্ৰ্যালয়ত এই শান্তি চুক্তিখনৰ স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতা অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ আলোচনাপন্থী গোটৰ দহজনৰো অধিক শীৰ্ষ নেতা উপস্থিত আছিল।
অমিত শ্বাহে কয় যে আলফাৰ সৈতে স্বাক্ষৰ হোৱা শান্তি চুক্তিখন সম্পাদন হোৱাৰ মুহূৰ্তটো আছিল এক “ঐতিহাসিক মুহূৰ্ত”।
গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা পাঁচটা বছৰত উত্তৰ-পূৰ্বাঞ্চলত নখন শান্তি চুক্তি আৰু সীমান্ত চুক্তি স্বাক্ষৰিত হৈছে। অমিত শ্বাহে লগতে কয় যে আফস্পাৰ অধীনত থকা অসমৰ ৮৫% এলেকাৰপৰা আইনখন প্ৰত্যাহাৰ কৰা হৈছে। গৃহ মন্ত্ৰীয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চুক্তিখন ৰূপায়ণ কৰাৰ বাবে আশ্বাস প্ৰদান কৰে।
“দীৰ্ঘদিন ধৰি ৰাজ্যখনত সংঘটিত বহু হিংসাত্মক ঘটনাত ১০,০০০ লোকৰ মৃত্যু হৈছে। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা উত্তৰ-পূৰ্বাঞ্চল আৰু দিল্লীৰ মাজৰ দূৰত্ব হ্ৰাস কৰাৰ লগতে অঞ্চলটোক উগ্ৰবাদমুক্ত, হিংসামুক্ত আৰু সংঘাতমুক্ত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল,” শ্বাহে উল্লেখ কৰে।
অমিত শ্বাহে চৰকাৰৰ ওপৰত বিশ্বাস প্ৰকাশ কৰি মীমাংসাৰ মেজলৈ আগবাঢ়ি অহাৰ বাবে আলফা নেতৃত্বক ধন্যবাদ জনায়। শ্বাহে কয়, “চৰকাৰে হিংসাৰ পথ পৰিহাৰ কৰি সংবিধানৰ পৰিকাঠামোৰ ভিতৰত দাবীসমূহ উপস্থাপন কৰিবলৈ বিচৰা প্ৰতিটো গোটৰ সৈতে আলোচনা কৰিবলৈ ইচ্ছুক।”
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই চুক্তিক এক ঐতিহাসিক পৰিঘটনা বুলি অভিহিত কৰি কয় যে চুক্তিখনে ৰাজ্যখনত দীৰ্ঘম্যাদী শান্তি আৰু প্ৰগতিৰ সূচনা কৰিব আৰু পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনকো আলোচনাৰ মেজলৈ অহাৰ পথ প্ৰশস্ত কৰিব।
ড০ শৰ্মাই উল্লেখ কৰে যে এই চুক্তিখনে অসমলৈ ১.৫ লাখ কোটি টকাৰ এক বৃহৎ উন্নয়নমূলক পেকেজৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। খিলঞ্জীয়াৰ বাবে বিধান সভা সমষ্টি সংৰক্ষণ, ভূমি অধিকাৰ নিশ্চিত কৰাৰ লগতে এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ হোৱা গণ প্ৰব্ৰজনত প্ৰতিবন্ধকতা আৰোপ কৰি অসমৰ জনসাধাৰণক ৰাজনৈতিক আৰু সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীজীৰ স্থায়ী শান্তি আৰু প্ৰগতিৰ বাবে দৃঢ় দৃষ্টিভংগীৰ দ্বাৰা নিৰ্দেশিত হৈ আজি অসমে এক ঐতিহাসিক প্ৰগতি লাভ কৰিছে। মাননীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহজীৰ নিৰ্দেশনাত স্বাক্ষৰিত এই বুজাবুজিৰ চুক্তিখন বহুতো কাৰণত গুৰুত্বপূৰ্ণ।
এই চুক্তিয়ে আলফাই অনুসৰণ কৰা অসমৰ আটাইতকৈ পুৰণি সশস্ত্ৰ বিদ্ৰোহটোৰ সাম কটাই আমাৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰি অঞ্চলটোৰ বিকাশ আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰিছে।
এসময়ত হিংসাৰ সৈতে জড়িতসকল এতিয়া দেশৰ প্ৰগতিৰ অংশীদাৰ হ’ব।
আজি ভাৰতৰ বাবে এটা বিশেষ দিন।
সন্ত্ৰাসবাদে অসমৰ এটা সম্পূৰ্ণ প্ৰজন্মৰ সম্ভাৱনাৰ হেঙাৰ হৈ পৰিছিল। ২০১৪ চনৰপৰা মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ সামগ্ৰিক বিকাশৰ দৃষ্টিভংগীৰ ফলস্বৰূপে এই পৰিৱৰ্তনশীল সফলতাই সম্প্ৰীতি আৰু একতাৰ নৱ উন্মেষৰ সংকেত প্ৰদান কৰিছে।
আলফাৰ শীৰ্ষ নেতা শশধৰ চৌধুৰীয়ে প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক শান্তি চুক্তিৰ বাবে ধন্যবাদ জনাই আশা প্ৰকাশ কৰে যে এই চুক্তিয়ে অসমত স্থায়ী শান্তি আৰু স্থিৰতা আনিব।
এই চুক্তিৰ জৰিয়তে আলফাৰ ৭২৬জন কেডাৰকে ধৰি প্ৰায় ৮,২০০ বিদ্ৰোহীয়ে মূলসুঁতিত যোগদান কৰিছে।
এই চুক্তিত খিলঞ্জীয়াক সাংস্কৃতিক সুৰক্ষা আৰু ভূমি অধিকাৰ প্ৰদান কৰাৰ উপৰি অসম সম্পৰ্কীয় দীৰ্ঘদিনীয়া ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বিষয়বস্তুসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
আলফাৰ অধ্যক্ষ অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত ১৬জনীয়া প্ৰতিনিধি দলটোৰ লগতে এই অনুষ্ঠানত ১৩টা নাগৰিক সমাজ সংগঠনৰ প্ৰতিনিধিও উপস্থিত আছিল
ৰাজখোৱা গোটৰ দুজন শীৰ্ষ নেতা অনুপ চেতিয়া আৰু শশধৰ চৌধুৰী এসপ্তাহৰ দেশৰ ৰাজধানীত উপস্থিত থাকি চৰকাৰী মধ্যস্থতাকাৰীসকলৰ সৈতে শান্তি চুক্তিখনক চূড়ান্ত স্পৰ্শ প্ৰদান কৰিছিল। চোৰাংচোৱা ব্যুৰ’ৰ সঞ্চালক তপন ডেকা আৰু উত্তৰ-পূব পৰিক্ৰমা বিষয়ত চৰকাৰৰ উপদেষ্টা এ কে মিশ্ৰ চৰকাৰী মধ্যস্থতাকাৰীসকলৰ অন্যতম আছিল।
আলফা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত অভিযান স্থগিতৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছৰেপৰা ৰাজখোৱা গোটে ৩ ছেপ্টেম্বৰ ২০১১ত চৰকাৰৰ সৈতে শান্তি প্ৰক্ৰিয়াত যোগদান কৰিছিল।
১৯৭৯ চনৰ ৭ এপ্ৰিলত ‘সাৰ্বভৌম অসম’ৰ দাবীত গঠন হোৱা এই সংগঠনটোৱে বিভিন্ন বিদ্ৰোহী কাৰ্যকলাপত জড়িত হোৱাৰ পাছত ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে ইয়াক নিষিদ্ধ কৰে।
শান্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত গৃহ মন্ত্ৰ্যালয়ৰ এজন শীৰ্ষ বিষয়াই কয়, “আজিৰ শান্তি চুক্তিয়ে বহু বছৰৰ ৰক্তক্ষয়ী সংঘাতৰ পাছতো যে আলোচনাৰ মাজেৰে স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিব পাৰি তাৰ ইংগিত প্ৰদান কৰিছে।” তেওঁ কয়, “আলফাই ১৯৮০ৰ দশকত দাবী কৰা এক সাৰ্বভৌম ৰাষ্ট্ৰৰ পৰিৱৰ্তে সংবিধানৰ পৰিকাঠামোৰ ভিতৰত এই চুক্তিৰ বাবে মীমাংসা কৰিছে। ২০১১ চনত যুদ্ধবিৰতিৰ পাছত, এয়া প্ৰকৃত বিকাশৰ দিশত এটি খোজ।”
“এই চুক্তিয়ে অসম আৰু সামগ্ৰিকভাৱে অঞ্চলটোৰ বহুতো দিশ সলনি কৰিব, বিশেষকৈ অৰ্থনৈতিক ক্ষেত্ৰত। আমি এতিয়া নতুন সুযোগ সৃষ্টিৰ আশা কৰিব পাৰোঁ,” চাৰি দশকৰো অধিক সময় ধৰি উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কে বাতৰি প্ৰচাৰ কৰা দিল্লীস্থিত জ্যেষ্ঠ সাংবাদিক দীপক দেৱানে কয়।