২০১৪ চনত অনুষ্ঠিত আছিয়ান ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা এক্ট ইষ্ট পলিচী (এইইপি)ৰ প্ৰস্তাৱটো বিশেষ কাৰণত গুৰুত্বপূৰ্ণ আছিল৷ ‘এক্ট ইষ্ট পলিচী’ৰ উদ্দেশ্য হৈছে দ্বিপাক্ষিক, আঞ্চলিক আৰু বহুপাক্ষিক পৰ্যায়ত নিৰন্তৰ সুসম্পৰ্ক ৰক্ষাৰ জৰিয়তে এছিয়া- প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ সৈতে অৰ্থনৈতিক সহযোগিতা, সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰাৰ লগতে কৌশলগত সম্পৰ্ক গঢ়ি তুলি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে চুবুৰীয়া দেশসমূহৰ সংযোগ বৃদ্ধি কৰা৷
এক্ট ইষ্ট পলিচীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত এক সংযোগ সেতু নিৰ্মাণ কৰিছে৷ দ্বিপাক্ষিক আৰু আঞ্চলিক পৰ্যায়ৰ বিভিন্ন পৰিকল্পনাৰ মাজত আছে বাণিজ্য, সাংস্কৃতিক বিনিময়, দুয়োপক্ষৰ জনসাধাৰণৰ মাজত সুসম্পৰ্ক গঢ়ি তোলাৰ লগতে আন্তঃগাঁথনি (পথ, বিমানবন্দৰ, দূৰসংযোগ, শক্তি আদি) নিৰ্মাণৰ জৰিয়তে আছিয়ান দেশসমূহৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ দৃঢ় প্ৰচেষ্টা আদি৷ এই নীতিৰ অধীনৰ কেইটিমান মুখ্য প্ৰকল্প হৈছে- কালাদান মাল্টি-মডাল ট্ৰাঞ্জিট ট্ৰান্সপ’ৰ্ট প্ৰকল্প, ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ প্ৰকল্প, ৰাই-টিডিম পথ প্ৰকল্প, সীমান্ত হাট ইত্যাদি৷
এক্ট ইষ্ট পলিচীয়ে আছিয়ান দেশসমূহৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ প্ৰতি অধিক আগ্ৰহ দেখুওৱাৰ উপৰি, এই সহযোগিতা অৰ্থনৈতিক, সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক সুৰক্ষা, এই তিনিওটা স্তম্ভতে সম্পন্ন কৰাৰ ক্ষেত্ৰতো স্পষ্ট ইংগিত প্ৰদান কৰিছে৷ এইপৰ্যন্ত, অৰ্থনৈতিক স্তম্ভটোৱে অধিক গুৰুত্ব লাভ কৰিছে৷ আনহাতে, সামাজিক-সাংস্কৃতিক স্তম্ভটো সহযোগিতাৰ এক পৰম্পৰাগত ক্ষেত্ৰ হিচাপে পৰিগণিত হৈ আহিছে৷ এতিয়া, ৰাজনৈতিক সুৰক্ষা স্তম্ভটোতো সমানেই গুৰুত্ব প্ৰদান কৰা হৈছে৷
এক্ট ইষ্ট পলিচীৰ আন এটা উল্লেখযোগ্য দিশ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা৷ কিয়নো ম্যানমাৰ আৰু থাইলেণ্ডৰ নিকটতম হৈছে দেশৰ উত্তৰ-পূৰ্বাঞ্চল৷ এই দুয়োখন আছিয়ান দেশৰ সৈতে ভাৰতৰ স্থল সংযোগ আছে৷ তাৎপৰ্যপূৰ্ণভাৱে, ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত দুটা মুখ্য প্ৰকল্প, কালাদান মাল্টি-মডাল ট্ৰাঞ্জিট পৰিবহণ প্ৰকল্প আৰু ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ প্ৰকল্প, দুয়োটা হৈছে উত্তৰ-পূব ভাৰতৰ বাবে ম্যানমাৰ আৰু থাইলেণ্ডলৈ নতুন সংযোগ সেতু৷ এই প্ৰকল্পবোৰ কেৱল ভাৰত-আছিয়ান সম্পৰ্কৰ অধীন নহয়৷ পূব এছিয়া সন্মিলন (East Asia Summit)আৰু বিমষ্টেক (BIMSTEC)ৰ অধীনতো এই প্ৰকল্পসমূহ সামৰি লোৱা হৈছে৷
উত্তৰ-পূব ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত যোগাযোগ উন্নত কৰাৰ অন্যতম উদ্দেশ্য হৈছে অৰ্থনৈতিক সম্পৰ্ক আৰু পাৰস্পৰিক বিকাশ পূৰ্বতকৈ বৃদ্ধি কৰা৷ ত্ৰিপাক্ষিক ঘাইপথ আৰু কালাদান মাল্টিম’ডাল প্ৰকল্পৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পৰা পুঁজি প্ৰদান কৰা হৈছে৷ কিন্তু, এই পুঁজি ভাৰতত ব্যয় কৰিব নোৱাৰি৷ ভাৰতে নিজৰ উৎস সৃষ্টি কৰিব লাগিব৷ ইতিমধ্যে উত্তৰ-পূব ভাৰতৰ উন্নয়নত অৰিহণা যোগোৱাৰ বাবে ইণ্ডিয়া নৰ্থ ইষ্ট ফ’ৰামৰ জৰিয়তে জাপানক আমন্ত্ৰণ জনোৱা হৈছে৷
ভাৰত আৰু জাপানে সন্মিলিতভাৱে ২০১৭ চনত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ লগতে দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ বৃদ্ধিৰ বাবে এক্ট ইষ্ট ফ’ৰাম (এইএফ) স্থাপন কৰিছিল৷ এইএফ-এ ভাৰতৰ এইইপি আৰু জাপানৰ এখন স্বাধীন মুক্ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে৷
এই পদক্ষেপৰ অধীনস্থ কাৰ্যপন্থাৰ পৰিসৰ এইএফ-ৰ ছত্ৰছায়াত সামৰি লোৱা হ’ব আৰু এনইআৰৰ অভ্যন্তৰীণ ক্ষমতাৰ আধাৰত নিৰ্মাণ কৰা হ’ব৷ পাৰস্পৰিক পৰামৰ্শ আৰু সন্মতিৰ জৰিয়তে প্ৰকল্পবোৰক অন্তৰ্ভুক্ত বা সংশোধন কৰি এই নীতি সময়ে সময়ে উন্নীত কৰা হ’ব৷ এইএফ-ৰ অধীনত অন্তৰ্ভুক্ত কৰিবলগীয়া সম্ভাব্য ক্ষেত্ৰবোৰৰ ভিতৰত আছে লঘু আৰু মধ্যমীয়া উদ্যোগ খণ্ডৰ জৰিয়তে কৃষি আৰু কৃষিভিত্তিক উদ্যোগৰ উন্নীতকৰণ, পৰ্যটন আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰচাৰ, স্কিল ইণ্ডিয়াৰ প্ৰচাৰ, নগৰাঞ্চলৰ বিকাশত সহযোগিতা, স্বাস্থ্যসেৱা প্ৰদান, বনজ সম্পদৰ বহনক্ষম ব্যৱহাৰ, নতুন আৰু নৱীকৰণযোগ্য শক্তিৰ বিকাশ, দুৰ্যোগ পৰৱৰ্তী সংস্থাপন, সংযোগ৷ কিন্তু, এই খণ্ডবোৰত ৰাজ্যসমূহেও নিজাববীয়াকৈ কাম কৰিব পাৰে৷
আছিয়ান দেশসমূহৰ সৈতে সংযোগ সৃষ্টিৰ বাবে সম্পদ নিৰ্মাণ কৰাৰ উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সামগ্ৰিক বিকাশ আৰু সমৃদ্ধি৷ কিন্তু, এই দিশত ব্যৱহাৰিকভাৱে কি কৰিব পাৰি?
প্ৰথমতে, ভাৰতত সম পৰ্যায়ৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰয়োজন আছে৷ ত্ৰিপাক্ষিক ঘাইপথটো সম্পূৰ্ণ হোৱাৰ পাছত, ভাৰতৰ ৰাজ্যসমূহতো উন্নত বাট-পথৰ প্ৰয়োজনীয়তা আহি পৰিব যাতে ইয়াৰ পৰা মোৰেহলৈ পাব পাৰে৷ মোৰেহৰ পৰা ম্যানমাৰ আৰু তাৰ পাছত থাইলেণ্ডত প্ৰৱেশ কৰিব পৰা যাব৷ দ্বিতীয়তে, সীমান্ত বাণিজ্যৰ উৰ্ধবত এটা ভিজন বা দৃষ্টিভংগী থাকিব লাগিব৷ বৰ্তমান, সীমান্ত বাণিজ্যই হৈছে মুখ্য বাণিজ্য কিয়নো নতুন সম্ভাৱনা সৃষ্টিৰ বাবে বিনিয়োগৰ প্ৰয়োজন৷ জাপানৰ সহযোগিতাৰে বাঁহ আৰু অন্যান্য আনুষংগিক ঔদ্যোগিক গোটবোৰত দৃষ্টি নিক্ষেপ কৰাৰ কিছু প্ৰচেষ্টা কৰা হৈছে৷ প্ৰতিখন ৰাজ্যৰ এক বিশেষ পৰিপূৰক ঔদ্যোগিক বিনিয়োগৰ বাবে চিন্তন প্ৰক্ৰিয়া থাকিব লাগিব যাৰ ফলত উৎপাদনশীলতা বৃদ্ধি পাব৷ ইয়াৰ জৰিয়তে উন্নত বজাৰসমূহত প্ৰৱেশাধিকাৰৰ বাবে নতুন আন্তঃগাঁথনিসমূহ ব্যৱহাৰ কৰিব পাৰিব৷
তৃতীয়তে, প্ৰতিখন ৰাজ্যই একেটাই কাম কৰাৰ পৰিৱৰ্তে অঞ্চলটোৰ বাবে এক মান-শৃংখলাৰ ধাৰণা (Value Chain Concept) গঢ় দিয়া উচিত৷ উত্তৰ-পূৰ্বাঞ্চলত উপলভ্য স্থানীয় সামগ্ৰী আৰু ক্ষমতাৰ ব্যৱহাৰেৰে কিছুমান ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াত সীমাবদ্ধতা থাকিব পাৰে৷ চতুৰ্থতে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আন্তঃগাঁথনি নিৰ্মাণৰ ফলত ৰাজ্যসমূহৰ মাজত আকাংক্ষিত বজাৰৰ বাট মুকলি হ’ব৷
আন্তঃগাঁথনি উন্নয়ন, সংযোগ আৰু বাণিজ্যৰ সুবিধাসমূহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে সম্পূৰ্ণৰূপে বুজি উঠিব লাগিব৷
(লেখক হৈছে জাৰ্মানী, ইণ্ডোনেছিয়া, ইথিওপিয়া, আছিয়ান আৰু আফ্ৰিকান ইউনিয়নৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আৰু আফ্ৰিকাত ত্ৰিপাক্ষিক সহযোগিতাৰ বাবে গঠিত চিআইআই টাস্ক ফ’ৰ্চৰ অধ্যক্ষ)