অসম বাজেট ২০২৪-২০২৫ সম্পৰ্কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে বহনক্ষম বিকাশৰ বাবে এক বাস্তৱসন্মত ৰূপৰেখা সৃষ্টি কৰিবলৈ এই বাজেটখন সক্ষম হৈছে। তেওঁ কয় যে এই পথেৰে অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত উদীয়মান ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দিশত অগ্ৰসৰ হ’ব পৰা যাব।
“এই বাজেটে সংস্থাপনৰ সুযোগ সৃষ্টি কৰি বহনক্ষম বিকাশৰ বাবে এক বাস্তৱসন্মত ৰূপৰেখা সৃষ্টি কৰিছে। আমাৰ অৰ্থনৈতিক উন্নয়নে ধাৰাবাহিকভাৱে দেশৰ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ অতিক্ৰম কৰিছে। ২০১৬ চনত ৰাইজে ডাবল ইঞ্জিন চৰকাৰখনক ভোট দিয়াৰ পাছৰেপৰা ৰাজ্যখনৰ জনমূৰি উপাৰ্জন দুগুণতকৈও অধিক হৈছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত বৰ্তমান মূলধনী ব্যয়ৰ ধাৰা এক ঐতিহাসিক শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে আৰু ২০২২-২৩ বৰ্ষত ১৬,০০০ কোটি টকাৰ বিপৰীতে পৰৱৰ্তী বিত্তীয় বৰ্ষত ই ২০,০০০ কোটি টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যখনৰ বিভাগসমূহৰ মাজত সমন্বয়ৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এয়াই হৈছে অসমৰ উন্নয়ন যাত্ৰা সফলতাৰ দিশলৈ গতি কৰাৰ কাৰণ।
“আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান, বৰপেটা সত্ৰ আৰু মাজুলীক হেৰিটেজ বেল্ট আৰু ব্লক হিচাপে গঢ়ি তুলিম য’ত খিলঞ্জীয়া লোকৰ বাহিৰে আন কোনোৱে ভূমি ক্ৰয় কৰিব নোৱাৰে৷ এই সিদ্ধান্তই অনাগত সময়ত সত্ৰ আৰু অসমৰ পৱিত্ৰ স্থানসমূহৰ নিৰাপত্তা নিশ্চিত কৰি সুৰক্ষা
ড॰ হিমন্ত বিশ্ব শৰ্মা
প্ৰদান কৰিব”
মুখ্যমন্ত্ৰীগৰাকীয়ে বাজেট সম্পৰ্কে উল্লেখ কৰি কয় যে এই বাজেটখনত প্ৰস্তাৱিত মূলধনী বিনিয়োগে বৰ্তমানৰ ৬.৪৩ লাখ কোটি টকাৰ বিপৰীতে অদূৰ ভৱিষ্যতে ৰাজ্যখনক ১০ লাখ কোটি টকাৰ অৰ্থনীতিত পৰিণত কৰাৰ দিশত অৰিহণা যোগাব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালৰ সময়ছোৱাত ভাৰতক বিকশিত ভাৰতলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল দৃষ্টিভংগীৰপৰা অনুপ্ৰেৰণা লাভ কৰিছে ‘অসম বাজেট ২০২৪-২০২৫’-য়ে। তেওঁ কয়, “প্ৰথমবাৰৰ বাবে অসমে স্পষ্ট কৰি দিছে যে অসম এখন আত্মনিৰ্ভৰশীল ৰাজ্য হৈ পৰিব। যিসময়ত ভাৰত পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হোৱাৰ সময়ত অসমে আনৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য হৈ থাকিব নোৱাৰে। আমি এক অৱদানকৰ্তা ৰাজ্যৰ স্থান গ্ৰহণ কৰিব লাগিব।”
তেওঁ কয় যে এই চৰকাৰখনৰ লক্ষ্যসমূহ বাজেটত প্ৰতিফলিত হৈছে। “এই বাজেটত বহুতো নতুন ধাৰণা অন্তৰ্ভুক্ত কৰা হৈছে। ‘হেৰিটেজ বেল্ট আৰু ব্লক’ৰ বিষয়ে পূৰ্বতে কোনেও উল্লেখ কৰা নাছিল। অসম বহু আন্দোলনৰ সাক্ষী হোৱা সত্ত্বেও কোনেও ইয়াৰ সমিধান দিব পৰা নাছিল। এই বাজেটৰ জৰিয়তে আমি এই সমিধান স্পষ্ট কৰিছোঁ। গোপীনাথ বৰদলৈয়ে ৰাজ্যখনত জনজাতীয় বেল্ট আৰু খণ্ডৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। ৭৫ বছৰৰ পাছত আমি হেৰিটেজ বেল্ট আৰু ব্লক সৃষ্টিৰ পৰিকল্পনা কৰিছোঁ,” ৰাজ্যখনৰ প্ৰাক্তন বিত্ত মন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
বৈষ্ণৱ পুণ্যধাম সম্পৰ্কীয় ঘোষণা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰুশ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান, বৰপেটা সত্ৰ আৰু মাজুলীক হেৰিটেজ বেল্ট আৰু ব্লক হিচাপে গঢ়ি তুলিম য’ত খিলঞ্জীয়া লোকৰ বাহিৰে আন কোনোৱে ভূমি ক্ৰয় কৰিব নোৱাৰে। এই সিদ্ধান্তই অনাগত সময়ত সত্ৰ আৰু অসমৰ পৱিত্ৰ স্থানসমূহৰ নিৰাপত্তা নিশ্চিত কৰি সুৰক্ষা প্ৰদান কৰিব।”
ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষিত কৰাৰ বাবে বাজেটত গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “আমাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাটো বাজেটৰ এক অন্তৰ্নিহিত বিষয় হৈ আহিছে। মা কামাখ্যা কৰিড’ৰ নিৰ্মাণ, আমাৰ সত্ৰসমূহৰ আশে-পাশে ভূমি সংৰক্ষণ কৰা, অযোধ্যাৰ ৰাম মন্দিৰলৈ তীৰ্থযাত্ৰাৰ ব্যৱস্থা, ভাওনা আৰু ৰাসলীলাক উৎসাহিত কৰা আদি পদক্ষেপৰ জৰিয়তে সাংস্কৃতিক পৰিচয়ৰ অন্বেষণত গুৰুত্ব প্ৰদান কৰা হৈছে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি ৩০ লাখ মহিলালৈ সম্প্ৰসাৰিত কৰা, ক্ষুদ্ৰ ঋণ গ্ৰহণকৰ্তাসকলক অধিক সকাহ প্ৰদান কৰা আৰু মহিলা উদ্যমীসকলক বিত্তীয় সহায় প্ৰদান কৰা আদি ব্যৱস্থাৰ জৰিয়তে মহিলা সবলীকৰণৰ দিশটোক গুৰুত্ব প্ৰদান কৰা হৈছে।
এক অনুকূল পৰিৱেশৰ বাবে ৰাজ্যত ৰাজহ সংগ্ৰহ বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয়, “যোৱা বছৰৰ তুলনাত এই বিত্তীয় বৰ্ষত আমাৰ নিজৰ উৎসৰ পৰা ৰাজহ সংগ্ৰহ ৩০% বৃদ্ধি পাইছে। ৰাজ্যখনত আন্দোলনবিহীন এক পৰিৱেশ গঢ়ি উঠাৰ বাবে ই সম্ভৱোপৰ হৈছে। জিএছটি সংগ্ৰহৰ ক্ষেত্ৰতো ১৪% বৃদ্ধি পৰিলক্ষিত হৈছে। এয়া ৰাজ্যখনৰ বাবে এক শুভ লক্ষণ। আমি ৰাজ্য চৰকাৰৰ চাকৰিত ৯৪,০০০গৰাকী যুৱক-যুৱতীক নিয়োগ প্ৰদান কৰিছোঁ। এই বাজেটৰ জৰিয়তে ৩৫,০০০ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটত চাহ বাগিচা সম্প্ৰদায়ৰ কল্যাণৰ বাবে বিদ্যালয়সমূহত অধিক বিনিয়োগ, চৰকাৰী চাকৰিত ৩% সংৰক্ষণ আৰু তেওঁলোকৰ বকেয়া বিদ্যুতৰ দেয় পৰিশোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনাগত সময়ত ৰাজ্যখনৰ আন্তঃগাঁথনিগত বিকাশে এক বৃহৎ ৰূপ লাভ কৰিব। “অসম মালা ২.০ৰ শুভাৰম্ভ আৰু বহুতো গুৰুত্বপূৰ্ণ প্ৰকল্প হাতত লোৱাৰ লগে লগে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ বিকাশে এক বৃহৎ ৰূপ লাভ কৰিব। ইয়াৰ অসংখ্য ইতিবাচক প্ৰভাৱে সাধাৰণ নাগৰিকসকলক যথেষ্ট সহায় কৰিব,” তেওঁ কয়।
‘সেউজ অসমৰ বাবে সেউজ বিকাশ’ৰ বাজেট সম্পৰ্কীয় ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “সেউজ বিকাশ হৈছে ২০২৪ চনৰ বাজেটৰ এক অপৰিহাৰ্য অংশ। ইয়াৰ অধীনত আমি নতুনকৈ তিনি কোটি গছপুলি ৰোপণ কৰিম, বৈদ্যুতিক বাছৰ প্ৰৱৰ্তন কৰিম আৰু ১০০০ মেগাৱাটতকৈও অধিক নৱীকৰণযোগ্য শক্তি উৎপাদন কৰিম আৰু ঘৰৰ ছাদত স্থাপন কৰা সৌৰ প্ৰকল্প স্থাপন কৰিম।”