ক্ৰীড়া আৰু সংস্কৃতিৰ দুই বৃহৎ আয়োজনেৰে ৰাজ্যখনৰ চাৰিওফালে এক অনন্য পৰিৱেশৰ সূচনা কৰিছে৷ অসম সাংস্কৃতিক মহাসংগ্ৰামত অসমৰ সাংগীতিক প্ৰতিভাই গুণগুণাব জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সুৰীয়া সৃষ্টি আৰু নৃত্যশিল্পীসকলে লহৰ তুলিব পৰম্পৰাগত নৃত্যৰ ছন্দত৷ এই মঞ্চখনে অসমৰ সাংস্কৃতিক প্ৰতিভাসমূহক এক মঞ্চ প্ৰদান কৰাৰ লগতে সংস্কৃতিৰ মাধ্যমেৰে একতাৰ এনাজৰীডাল সুদৃঢ় কৰিব৷ এই মহাসংগ্ৰামৰ জৰিয়তে আমি সাক্ষী হ’ম দহ লক্ষাধিক প্ৰতিভাই তিনি সহস্ৰাধিক মঞ্চত উপস্থাপন কৰা সংস্কৃতিৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ৷ ৰাজ্য আৰু জিলা প্ৰশাসনে এই মহাসংগ্ৰামক সফল কৰি তুলিবলৈ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰখা দেখা গৈছে৷
খেল মহাৰণৰ ক্ষেত্ৰতো একেটা কথাই পৰিলক্ষিত হৈছে৷ ৫টা বিভাগত আয়োজন হ’বলগীয়া খেল মহাৰণত ৫০ লক্ষাধিক ক্ৰীড়া প্ৰতিভাই অংশগ্ৰহণ কৰাৰ আশা প্ৰকাশ কৰা হৈছে৷ প্ৰতিভাৰ অন্বেষণৰ এয়া এক মঞ্চ৷ শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতে লাভ কৰা সফলতা আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ পৰা অনুধাৱন কৰিব পাৰি যে চৰকাৰৰ এই প্ৰচেষ্টাই অসমৰ ক্ৰীড়া প্ৰতিভাক বহুদূৰ আগুৱাই নিব৷
এখন চৰকাৰৰ ভূমিকা হৈছে প্ৰতিভাসমূহৰ উৎকৰ্ষ সাধনৰ এক পৰিৱেশ গঢ় দিয়া৷ আমাৰ প্ৰতিভাসমূহক আগুৱাই নিয়াৰ বাবে বৰ্তমানৰ ব্যৱস্থাটোৱে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে৷ খেলৰ মাধ্যমেৰে হওক বা গানেৰে হওক বা নৃত্যৰে হওক, আমাৰ প্ৰতিভাসকলৰ বাবে মানুহৰ হৃদয়লৈ যোৱাৰ বাট মুকলি হৈছে৷ এতিয়া দিছপুৰে এই ধাৰণাটোক তৃণমূল পৰ্যায়ত কিদৰে কাৰ্যকৰী কৰিব সেয়া লক্ষণীয় হ’ব৷