দক্ষিণ শালমাৰা-মানকাচৰৰ ফেকামাৰী খণ্ডত জনস্বাস্থ্য আৰু তৃণমূল পৰ্যায়ৰ উন্নয়নৰ ক্ষেত্ৰত অসাধাৰণ অগ্ৰগতিৰ বাবে নিটি আয়োগৰ ‘এছপাইৰেশ্যনেল ব্লকছ প্ৰগাম’ৰ অধীনত ২ কোটি টকা প্ৰদান কৰা হৈছে।
এই খণ্ডটোৱে উচ্চ ৰক্তচাপ আৰু মধুমেহৰ বাবে পৰীক্ষা কৰা প্ৰতিগৰাকী ব্যক্তিক সামৰি ১০০% স্বাস্থ্য পৰীক্ষাৰে সুস্থ-সবল ভৱিষ্যতৰ ভেটি গঢ়ি তুলিছে। ইয়াৰ দ্বাৰা পুষ্টিহীনতাও প্ৰায় দূৰ হৈছে। খণ্ডটোৰ মহিলা আৰু শিশুৰ যত্ন শক্তিশালীকৰণৰ লগতে প্ৰায় ৯৯.৫২% অংগনৱাড়ী কেন্দ্ৰত এতিয়া বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হৈছে।










