লখিমপুৰ জিলাৰ সদৰ উত্তৰ লখিমপুৰ চহৰৰপৰা প্ৰায় ৩০ কিল’মিটাৰ পশ্চিমে অৱস্থিত পাভ সংৰক্ষিত বনাঞ্চল চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ অন্যতম কাৰণ হ’ল অসম চৰকাৰে ইয়াৰ বেদখলৰ বিৰুদ্ধে চলোৱা অভিযান৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বন্যজীৱন সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ দৃঢ় স্থিতি অটুট ৰাখিছে৷ এই বছৰৰ আৰম্ভণিতে ১০ৰপৰা ১৪ জানুৱাৰীলৈ সংৰক্ষিত বনাঞ্চলৰ অধিসূচিত অঞ্চলসমূহত এক বৃহৎ উচ্ছেদ অভিযান চলোৱা৷ লখিমপুৰৰ জিলা বন বিষয়া অশোক কে আৰ দেৱচৌধুৰীয়ে অসম বাৰ্তাক কয়, “মুঠ ৫০৭টা পৰিয়ালক ম’হখুলি আৰু আধাখনা অঞ্চলৰপৰা উচ্ছেদ কৰা হৈছিল আৰু প্ৰায় ৪,১৬৩ হেক্টৰ মাটি সুৰক্ষিত কৰা হৈছিল৷”
উচ্ছেদৰ তাৎক্ষণিক ফলাফল সন্মুখলৈ আহিছিল এই অভিযানৰ কেইদিনমান পাছতে৷ স্থানীয় বাসিন্দাসকলে তাত তিনিটা গঁড় দেখা পালে৷ এই সংৰক্ষিত বনাঞ্চলখন সেৰেঙা গছ-গছনিৰ সৈতে ৪৬২৫.৮৫ হেক্টৰ মাটিত বিয়পি আছে৷
জিলা বন বিষয়াগৰাকীয়ে কয় যে পাভৰ পৰিস্থিতিতন্ত্ৰ ম’হ আৰু গঁড়ৰ বাবে উপযুক্ত৷ এই সংৰক্ষিত বনাঞ্চলখন দ’ হোৱাৰ লগতে জলাশয় আৰু জলাহভূমিৰে পূৰ্ণ৷
জলাহভূমি অঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাই দেখা যায়৷ সংৰক্ষিত বনাঞ্চল এলেকাৰ ম’হখুলি-বৰগোলাৰ বাসিন্দা মোঃ চামেদ আলীয়ে (৭২) কয়, “১৯৭২ চনলৈকে আমি বৃহত্তৰ পাভ অঞ্চলত বনৰীয়া ম’হ দেখা পাইছিলোঁ, কিন্তু সেইবাৰ অহা এক বৃহৎ বানৰ পাছত সেইবোৰ ম’হ দেখা নোপোৱা হ’লো৷”
আলীয়ে উল্লেখ কৰে যে ১৯৭০১ দশকত এই অঞ্চলটোত বেদখল আৰম্ভ হৈছিল৷ “বন বিভাগৰ নিয়মীয়া জাননী স্বত্বেও বেদখলকাৰীসকলে গছ কটা আৰম্ভ কৰি তাত ধান আৰু সৰিয়হৰ খেতি কৰিবলৈ আৰম্ভ কৰে৷”
দ’ আৰু বাম অঞ্চলভেদে সংৰক্ষিত বনাঞ্চলখনিৰ বিস্তীৰ্ণ এলেকা বাৰিষাৰ সময়ত সোৱণশিৰি নদীৰ বানত প্লাৱিত হয়৷ স্থানীয় লোকসকলৰ মতে, ই সংৰক্ষিত বনাঞ্চলৰ মাজেৰে বৈ যোৱা সোৱণশিৰি নদীৰ সুঁতি পাভ নদীৰ বানে বিস্তৰ ক্ষতি কৰে৷
এই সংৰক্ষিত বনাঞ্চলখনৰ এটা অংশ উত্তৰ লখিমপুৰ ৰেঞ্জ কাৰ্যালয়ৰ অধীনত থকাৰ বিপৰীতে বাকী অংশ হাৰমতী ৰেঞ্জ কাৰ্যালয়ৰ অধীনত আছে৷
“বৰ্তমান তিনিটা শিবিৰত থকা বনৰক্ষীসকলে এই সংৰক্ষিত বনাঞ্চলক বেদখলৰপৰা সুৰক্ষিত কৰে৷ অঞ্চলটিৰ পৰিস্থিতি যথেষ্ট শংকাজনক কিন্তু আমি সংকল্পবদ্ধ,” সংৰক্ষিত বনাঞ্চলৰ তিনিওটা শিবিৰৰ মুৰব্বী অসম আৰক্ষীৰ হাবিলদাৰ বাবুল পলঙে কয়৷
হাৰমতী বন সংমণ্ডল বিষয়া গুণজিৎ তালুকদাৰে এই প্ৰতিৱেদকক কয় যে জিলা প্ৰশাসন আৰু আৰক্ষীৰ সৈতে বন বিভাগৰ এক সমন্বিত প্ৰচেষ্টাৰ বাবে এই উচ্ছেদ অভিযান সফল হৈছিল৷ অৱশ্যে, লখিমপুৰৰ জিলা বন বিষয়াগৰাকীয়ে অনুভৱ কৰে যে উন্নত আন্তঃগাঁথনি আৰু অতিৰিক্ত সুৰক্ষা কৰ্মী নিয়োজিত কৰিলে ভৱিষ্যতলৈ বেদখল প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সফল হ’ব পৰা যাব৷
বিভাগটোৱে এই সংৰক্ষিত বনাঞ্চলখনত এক বৃহৎ গছপুলি ৰোপণ অভিযানৰ প্ৰস্তুতি কৰিছে যাতে বনাঞ্চলখনৰ পুৰণি ৰূপটোৰ পুনৰুদ্ধাৰ কৰিব পাৰি৷ বৰ্তমান এই সংৰক্ষিত বনাঞ্চলখনত অসম বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰকল্প (এপিএফবিচি) আৰু লগতে ক্ষতিপূৰণ বনানীকৰণ পুঁজি ব্যৱস্থাপনা আৰু পৰিকল্পনা কৰ্তৃপক্ষ (কাম্পা)ৰ বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ অধীনত এক গছপুলি ৰোপণ অভিযান অব্যাহত আছে৷
পৰিৱেশ আৰু বন বিভাগৰ সামাজিক বন শাখাই সংৰক্ষিত বনাঞ্চলখনিৰ বৃহত্তৰ এলেকাত নিজৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে৷ ইয়াৰ পূৰ্বে তেওঁলোকে সংৰক্ষিত বনাঞ্চলখনৰ ৮০ একৰ ভূমিত গছপুলি ৰোপণ কৰিছিল৷
“বৰ্তমান, আমি এপিএফবিচিৰ অধীনত ১০০ একৰ ভূমিত গছপুলি ৰোপণ সম্পূৰ্ণ কৰিছোঁ৷ আঁচনিখনৰ অধীনত বাকী থকা অঞ্চলত জমা হৈ থকা পানী শুকুৱাৰ পাছত গছপুলি ৰোপণ পুনৰ আৰম্ভ কৰা হ’ব৷ আমি কাম্পাৰ অধীনত ৩০০ একৰ এলেকাত গছপুলি ৰোপণ অভিযানো আৰম্ভ কৰিছোঁ,” জিলা বন বিষয়াগৰাকীয়ে এই সংবাদপত্ৰিকাখনক জনায়৷
কাম্পাৰ অধীনত গছপুলি ৰোপণ অভিযানৰ বাবে লখিমপুৰ খণ্ডই ইতিমধ্যে জিলাখনৰ কাকৈ সংৰক্ষিত বনাঞ্চলৰ কাষৰ “নাৰ্ছাৰীত বিভিন্ন প্ৰজাতিৰ ৮.২৫ লাখ গছপুলি সাজু কৰিছে৷
“নাৰ্ছাৰীখনত আমি বিভিন্ন প্ৰজাতিৰ গছপুলি গজাইছোঁ৷ এই গছপুলিসমূহ কাম্পাৰ অধীনত পাভ সংৰক্ষিত বনাঞ্চলত ৰোপণ কৰাৰ বাবে প্ৰতিপালন কৰা হৈছে৷ ইয়াত আজাৰ, শিমলু, চোম, শিলিখা, নিম, ঔটেঙা, নাহৰ আদি ভিন্ন প্ৰজাতিৰ গছৰ পুলি আছে,” লখিমপুৰ বন সংমণ্ডলৰ ৰেঞ্জাৰ হৰিষ নাথে কয়। তেখেতৰ তত্ত্বাৱধানতেই নাৰ্ছাৰীখনৰ পুলিসমূহ প্ৰতিপালন কৰা হৈছে৷