ক’লা চাউল – ঔষধি গুণসম্পন্ন উত্তৰ-পূৰ্বাঞ্চলৰ এই চাউলবিধে সমগ্ৰ বিশ্বতেই সমাদৰ লাভ কৰিছে। শেহতীয়াকৈ অনুষ্ঠিত ৩২সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদ সন্মিলনৰ উদ্বোধনী কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম, মণিপুৰ আৰু মেঘালয়ৰ ক’লা চাউলৰ প্ৰশংসা কৰে। তেখেতে ভাষণ প্ৰসংগত ক’লা চাউলৰ ঔষধি গুণৰ বাবে উৎকৃষ্ট খাদ্যত পৰিণত হোৱাৰ কথা সদৰী কৰি ইয়াৰ সম্ভাৱনাময় দিশটোৰ কথা কয়।
অসমৰ প্ৰসংগত ক’লা চাউলৰ উৎপাদনমুখিতাৰ বিষয়ে আলোচনা কৰিবলৈ গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৱৰ্তী আমগুৰিপাৰা নিৱাসী উপেন্দ্ৰ ৰাভাৰ কথা উল্লেখ কৰিব লাগিব। ক’লা চাউলৰ উৎপাদনৰ ক্ষেত্ৰত তেখেতে নিজ কৃষিভূমিৰ পৰাই আৰম্ভ কৰিছিল সোণসেৰীয়া যাত্ৰা। এই যাত্ৰাৰ আঁৰত আছে এক সুকীয়া কাহিনী।
২০১১ চনত ৰাজস্থানত অনুষ্ঠিত কৃষি মেলাত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী ড০ উত্তম কুমাৰ বৰুৱাই অংশ লয়। এই সময়ত মেলাৰ এখন বিপণীত তেখেতে দেখিবলৈ পালে এবিধ ক’লা বৰণৰ ধান। তেখেতৰ উৎসুকতা বাঢ়িল আৰু ১ কিল’গ্ৰাম ধান ক্ৰয় কৰিলে। পৰৱৰ্তী সময়ত এই ধানৰ সম্ভাৱনাময় ক্ষেত্ৰৰ বিভিন্ন দিশ সন্দৰ্ভত তেখেতে গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ তদানীন্তন বিষয় বিশেষজ্ঞ (শস্য বিজ্ঞান) ড০ হৰি চৰণ কলিতাৰ সৈতে আলোচনা কৰি প্ৰাৰম্ভিক পদক্ষেপ হিচাপে কৃষক উপেন্দ্ৰ ৰাভাক প্ৰায় ১ কিল’গ্ৰাম ক’লা ধানৰ বীজ প্ৰদান কৰে। এনেদৰেই আৰম্ভ হ’ল ক’লা চাউল উৎপাদনৰ জয়যাত্ৰা।
“ক’লা চাউলৰ উৎপাদন ক্ষেত্ৰৰ সৈতে জড়িত হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা কৃষকসকলক সহায় আগবঢ়াবলৈ মই সাজু আছোঁ। কৃষি বিজ্ঞানীসকলেও প্ৰায়েই আমাৰ কৃষিভূমি পৰিদৰ্শন কৰি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াই আহিছে। এই দিশত চৰকাৰেও অনাগত দিনত আমাক সহযোগিতা কৰিব বুলি আমি আশাবাদী” – উপেন্দ্ৰ ৰাভা
“ধানৰ বীজ সিঁচাৰ প্ৰায় এসপ্তাহৰ পাছতো ১টা ধানৰহে গজালি ওলোৱা পৰিলক্ষিত হৈছিল। এইক্ষেত্ৰত কৃষি বিজ্ঞানীসকলে আগবঢ়োৱা দিহা-পৰামৰ্শক সাৰোগত কৰি ক’লা ধানৰ খেতি কৰাৰ পণ লৈছিলোঁ। ১টা ধানৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাটোৰ অংশ হিচাপে প্ৰাৰম্ভিকতে ১৫০ গ্ৰাম ধান উৎপাদন হয়। পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে ৪৮ কিল’গ্ৰাম আৰু ৪০ মোন ধান লাভ কৰোঁ আৰু এই সংখ্যা বৃদ্ধি হ’বলৈ ধৰে,” উপেন্দ্ৰ ৰাভাই কয়।
উপেন্দ্ৰ ৰাভাক উৎসাহিত কৰি গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰই তেখেতৰ দ্বাৰা উৎপাদিত ক’লা চাউলক ‘উপেন্দ্ৰ ৰাইচ’ হিচাপে স্থানীয়ভাৱে নামকৰণ কৰে। পৰৱৰ্তী সময়ত এই নামটোৰে জনপ্ৰিয়তা অৰ্জন কৰি ক’লা চাউলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উপেন্দ্ৰ ৰাভাই স্থানীয় কৃষকসকলৰ সৈতে ‘আমগুৰিপাৰা ক’লা ধান উৎপাদন সমিতি’ গঠন কৰে আৰু খেতিয়কসকলক উদগনি যোগায়। এই সমিতিখনৰ কৃষকসকলৰ সৈতে বিস্তৃত পৰিসৰত কাম কৰাৰ পাছত কিছু কাৰণবশতঃ ‘উপেন্দ্ৰ ব্লেক ৰাইচ জইণ্ট ফাৰ্মিং কো-অপাৰেটিভ ছ’চাইটী লিমিটেড’ হিচাপে নতুনকৈ নামকৰণ কৰি তেখেতে আন এক যাত্ৰা আৰম্ভ কৰে।
“স্থানীয় বজাৰত ‘উপেন্দ্ৰ ৰাইচ’ৰ মূল্য প্ৰতি কিল’গ্ৰামত ১০০-২০০ টকা। দেশৰ অন্য প্ৰান্তত ইয়াতকৈও অধিক মূল্যত বিক্ৰী কৰা হয়। দেশ-বিদেশৰ বিভিন্ন স্থানলৈ উপেন্দ্ৰ ৰাইচ ইতিমধ্যে ৰপ্তানি কৰা হৈছে। যদিহে এই দিশত আমি আৰু সুযোগ-সুবিধা পাওঁ, তেন্তে নতুন চিন্তা-চৰ্চাৰে আগবাঢ়িব পাৰিম। এটা ধানৰ পৰা আৰম্ভ হোৱা আমাৰ এই যাত্ৰাত সহযোগ কৰিবলৈ কৃষকসকলৰ অৱদান আৰু সহযোগিতা অনস্বীকাৰ্য,” এই কথা সদৰী কৰি উপেন্দ্ৰ ৰাভাই পুনৰ কয় যে উচিত বজাৰ মূল্য, খেতি কৰাৰ কিছু পদ্ধতিগত দিশ, ক’লা চাউলৰ সঠিক গুণাগুণ অব্যাহত ৰাখিবলৈ কৃষকসকলক প্ৰশিক্ষণৰ প্ৰয়োজন।
“ক’লা চাউলৰ উৎপাদন ক্ষেত্ৰৰ সৈতে জড়িত হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা কৃষকসকলক সহায় আগবঢ়াবলৈ মই সাজু আছোঁ। কৃষি বিজ্ঞানীসকলেও প্ৰায়েই আমাৰ কৃষিভূমি পৰিদৰ্শন কৰি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াই আহিছে। এই দিশত চৰকাৰেও অনাগত দিনত আমাক সহযোগিতা কৰিব বুলি আমি আশাবাদী,” উপেন্দ্ৰ ৰাভাই কয়।
১৯৮৫ চনৰ পৰাই কৃষিকাৰ্যৰ সৈতে জড়িত হোৱা উপেন্দ্ৰ ৰাভাই আৰম্ভণিতে শাক-পাচলিৰ খেতিৰে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছিল। ‘উপেন্দ্ৰ ৰাইচ’ৰ জৰিয়তে আৰম্ভ কৰা তেখেতৰ নৱতম যাত্ৰাৰ স্বীকৃতিস্বৰূপে বিভিন্ন বঁটা-সন্মানৰ লগতে অসম চৰকাৰে ২০২৩ বৰ্ষৰ ‘অসম গৌৰৱ’ বঁটা প্ৰদান কৰে।
উপেন্দ্ৰ ৰাভাৰ এই সফলতাৰ আঁৰত থকা অন্যতম এগৰাকী ব্যক্তি, বৰ্তমান আইচিএআৰ, কৃষি বিজ্ঞান কেন্দ্ৰ, লংলেং, নাগালেণ্ডত জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী হিচাপে কৰ্মৰত ড০ হৰি চৰণ কলিতাই কয়, “উপেন্দ্ৰ ৰাভাই ক’লা চাউলেৰে আৰম্ভ কৰা কৃষি বিপ্লৱে ৰাজ্যখনৰ কৃষকসকলক উদগনি যোগাব। মণিপুৰৰ দৰে আমাৰ ৰাজ্যতো ক’লা চাউলৰ গুণগত মান অক্ষুণ্ণ ৰাখিবলৈ কৃষকসকলে বিশেষজ্ঞৰ পৰা কাৰিকৰী দিহা-পৰামৰ্শ লোৱা উচিত।”
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপেন্দ্ৰ ৰাভাৰ পদক্ষেপক প্ৰশংসা কৰি শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যক্ত কৰি কয়, “এগৰাকী পৰিশ্ৰমী কৃষক শ্ৰীউপেন্দ্ৰ ৰাভাই অসমত ক’লা চাউল উৎপাদনৰ ক্ষেত্ৰত নেতৃত্ব দি আহিছে আৰু এই উৎপাদনৰ বলত যথেষ্ট লাভান্বিতও হৈছে৷”