দীপ্তি ৰাণী তালুকদাৰ, গোপী ডেকা, ছাইদুল আলী, বিনন্দ ৰাজবংশীৰ দৰে বিভিন্নজনৰ মুখৰ হাঁহিটিৰ আঁৰত বহুকেইটা কাৰণ লুকাই আছে। এওঁলোক সকলো হৈছে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ বিভিন্ন জনহিতকৰ আঁচনি দ্ৱাৰা উপকৃত হোৱা হিতাধিকাৰী।
এইসকল হৈছে বৰ্তমানৰ চৰকাৰখনৰ সম্ভাৱনাপূৰ্ণ এবছৰীয়া কাৰ্যকালৰ একো একোগৰাকী বাৰ্তাবাহক। যদি ছাইদুলে তেওঁৰ খুৰাই ক’ভিডত প্ৰাণ হেৰুওৱাৰ পাছত প্ৰাৰ্থনা আঁচনিৰ অধীনত আৰ্থিক সহযোগিতা পাইছে, দীপ্তিয়ে আকৌ অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১-ৰ অধীনত ঋণৰ এটা বৃহৎ অংশৰ বোজাৰপৰা মুক্ত হ’ব পাৰিছে। গোপী আৰু বিনন্দৰ দৰে আন বহুতো লোকে ৰাজ্য চৰকাৰৰ অন্যান্য সুপৰিকল্পিত আঁচনিসমূহৰ পৰা লাভান্বিত হৈছে।
ক’ভিড অতিমাৰীৰ প্ৰথম ঢৌৱে দেশৰ লগতে অসমৰ অৰ্থনীতিতো ব্যাপক প্ৰভাৱ পেলাইছিল। অৱশ্যে, দিছপুৰত নতুন চৰকাৰে শাসনলৈ আহি দ্বিতীয় ঢৌৰ সৈতে শক্তিশালী ৰূপত মোকাবিলা কৰিলে। যাৰ ফলত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP)ৰ হাৰ দহকৰ ঘৰ অতিক্ৰম কৰা দেশৰ একমাত্ৰ ৰাজ্য হৈ পৰিল অসম। ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২০২০-২১ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ১৩.৮৯%লৈ বৃদ্ধি পাইছে|
সামগ্ৰী আৰু সেৱা কৰ (GST) আৰু বিভিন্ন উৎসৰপৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত নুমলীগড় ৰিফাইনেৰী লিমিটেডত ৰাজ্য চৰকাৰৰ বিনিয়োগ ২,১৮৭ কোটি টকালৈ বৃদ্ধি কৰাটো সম্ভৱপৰ হৈছে। বিদ্যুৎ উপভোক্তাসকলৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে। ৰাজ্যখনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। লগতে, স্বাস্থ্য খণ্ডত বিশেষকৈ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
চৰকাৰে ১ লাখ নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন ব্যৱস্থা হাতত লৈছে।
ড্ৰাগছ আৰু পশুধনৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ পদক্ষেপে বিভিন্নজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
চৰকাৰখনৰ এটা উল্লেখযোগ্য পদক্ষেপ হৈছে বড়ো শান্তি চুক্তি আৰু আত্মসমৰ্পণকাৰী কেডাৰসকলৰ পুনৰ্সংস্থাপনৰ বাবে ২১২.৩০ কোটি টকাৰ বিতৰণ। চেষ্টাৰ অসাধ্য একো নাই। বিদ্ৰোহী গোটবোৰৰ সৈতে সমস্যা সমাধানৰ বাবে কৰা একান্ত প্ৰচেষ্টাৰ বাবে বহুকেইটা সংগঠন মূলসুঁতিলৈ উভতি আহিছে।
কেন্দ্ৰৰ পূৰ্ণ সমৰ্থনত এই চৰকাৰখনৰ ৰাজনৈতিক সদিচ্ছাৰ বাবে চুবুৰীয়া ৰজ্যসমূহৰ সৈতে থকা ঐতিহাসিক আৰু ভৌগোলিক বিবাদসমূহ সমাধান হোৱাৰ পথত। অসম আৰু মেঘালয়ৰ মাজত হোৱা ঐতিহাসিক সীমান্ত চুক্তি ইয়াৰ এক উৎকৃষ্ট উদাহৰণ।
অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰা প্ৰত্যক্ষ লাভালাভৰ পৰিমাণ ৮৩০ টকাৰপৰা ১,০০০ টকালৈ বৃদ্ধি কৰি আৰু বিদ্যুৎ মাচুলৰ বাবে অতিৰিক্ত ২৫০ টকাৰ ৰাজসাহায্য প্ৰদানৰ ঘোষণা কৰি আঁচনিখনক এক ন-ৰূপ দিয়া হৈছে।
মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি সম্পৰ্কীয় সেৱা বিতৰণ প্ৰক্ৰিয়াবোৰ সহজ কৰি তোলা হৈছে। তদুপৰি অসম লোকসেৱা অধিকাৰ আইনৰ অধীনত ৰাইজৰ অভিযোগসমূহৰ নিষ্পত্তিৰ হাৰ বৃদ্ধি পাইছে।
দৰঙৰ গৰুখুঁটি প্ৰকল্পই ৰাজ্যখনত চলি থকা কৃষি বিপ্লৱৰ চানেকি সগৌৰৱে বহন কৰিছে। প্ৰকৃতাৰ্থত, ৰাজ্যখনৰ উন্নয়নে এক নতুন গতিৰে আগুৱাই যোৱাটো পৰিলক্ষিত হৈছে।