গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ‘ত্ৰিৰংগা’ উন্মোচন কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। তেখেতে উল্লেখ কৰে যে ৰাজ্যখনত স্থাপন হোৱা শান্তিৰ পৰিৱেশে অসমক বিভিন্ন খণ্ডত দ্ৰুত গতিত আগুৱাই নিছে।
“উন্নয়ন আৰু সমৃদ্ধিৰ বাবে শান্তিয়েই হৈছে প্রাথমিক সমল। অসমত আজি সর্বাংগীণ উন্নয়ন হোৱা আমি দেখিবলৈ পাইছোঁ, কাৰণ ৰাজ্যখনত আজি শান্তি বিৰাজ কৰিছে। শান্তি চুক্তিৰ ক্ষেত্ৰত বিগত বৰ্ষটোত দুটা উল্লেখযোগ্য সাফল্য লাভ কৰা হৈছে। ২০২৩ চনৰ ২৯ ডিচেম্বৰত আলফাৰ সৈতে হোৱা ঐতিহাসিক চুক্তিৰ দ্বাৰা শান্তিৰ এক নতুন যুগৰ সূচনাৰে ভাৰত চৰকাৰে এক সক্রিয় দৃষ্টিভংগী গ্রহণ কৰিছে, যাৰ দ্বাৰা দশক দশক ধৰি চলি থকা সংঘাতৰ অৱসান ঘটিছে। ইয়াৰ পূৰ্বতে ২০২৩ চনৰ ২৭ এপ্ৰিলত স্বাক্ষৰিত ডিমাচা চুক্তিৰ দ্বাৰা ডিমাচা লোকসকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ প্ৰয়াস কৰাৰ লগতে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ দিশত গুৰুত্ব প্রদান কৰি সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু ডিমাছা লোকে বাস কৰা অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰিবলৈ বিচৰা হৈছে,” তেওঁ কয়।
তেখেতে সীমা বিবাদৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত থকা দূৰত্ব হ্ৰাস পোৱাৰ বিষয়েও উল্লেখ কৰে। ৰাজ্যপালগৰাকী কয়, “এইক্ষেত্ৰত এক বৃহৎ সফলতা হ’ল যোৱা ২০ এপ্ৰিল ২০২৩ তাৰিখে ভাৰতৰ গৃহমন্ত্রী শ্রী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক বুজাবুজিৰ চুক্তি।”
ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে যে সীমান্ত অঞ্চলৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে ৰাজ্য চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ আৰু সকলো আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত জিলাত বাৰমাহেই কাৰ্যক্ষম হৈ থকা পথ সংযোগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে।
কাটাৰিয়াই বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰো শলাগ লয়।
তেখেতে ৰাজ্যিক ঘাইপথ আৰু মুখ্য জিলা পথসমূহক উচ্চ গতিৰ পথ কৰিড’ৰলৈ উন্নীত কৰা ‘অসম মালা’ আঁচনিৰ লগতে অসমত আন্তঃগাঁথনিগত উন্নয়নৰ বিষয়েও উল্লেখ কৰে। ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী কাটাৰিয়াই নিয়মীয়াকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰি ১৫৪২টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
তেওঁ কয় যে বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা সৰ্বাংগীণ প্ৰচেষ্টাৰ বাবে ৰাজ্যখনৰ অৰ্থনীতিয়ে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।
তেওঁ কয়, “এইক্ষেত্রত ২০২২-২৩ বিত্তীয় বৰ্ষত আমাৰ চৰকাৰখনে ১.২০ লাখ কোটি টকাতকৈ অধিক বাজেট ব্যয় কৰিবলৈ সক্ষম হৈছে আৰু অর্থনীতিয়ে ৫ লাখ কোটি টকাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ সীমা অতিক্রম কৰিছে।”
তেওঁ লগতে কয়, “ঔদ্যোগিক বিকাশৰ বাবে আৰু ৰাজ্যখনলৈ বিনিয়োগক আকর্ষণ কৰাৰ অৰ্থে ১০০ কোটি টকাৰ প্ৰাৰম্ভিক বিনিয়োগেৰে বিনিয়োগকাৰীসকলৰ বাবে এখন নতুন কাষ্টমাইজড ঔদ্যোগিক নীতি প্রস্তুত কৰা হৈছে। এই নীতিৰ অধীনত ১০,৪৫০টা নিয়োগৰ সুযোগেৰে মুঠ ১১,৩১৫.১৪ কোটি টকাৰ বিনিয়োগেৰে ১৪টা বৃহৎ বিনিয়োগকাৰীৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। ”
তেওঁ ধান ক্ৰয় কাৰ্যসূচীৰ অধীনত ধান খেতিৰ কৃষকসকোলে লাভ কৰা ন্যূনতম সমৰ্থন মূল্যৰ বিষয়েও উল্লেখ কৰে।
কামৰূপ জিলাৰ চাংসাৰিত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ (এইমছ) উদ্বোধন আৰু কোকৰাঝাৰ, নলবাৰী আৰু নগাঁৱত স্থাপন হোৱা তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় ৰাইজলৈ উৎসৰ্গা কৰা বিষয়টোৱেও তেওঁৰ ভাষণত স্থান লাভ কৰে।
ৰাজ্য চৰকাৰৰ ধ্বজাবাহী স্বাস্থ্য কাৰ্যসূচী আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ (এএ-এমএমজেএৱাই) সফলতাৰ বিষয়ে উল্লেখ কৰি কাটাৰিয়াই কয় যে এই আঁচনিখনৰ অধীনত ২৮ লাখ পৰিয়ালক অতিৰিক্তভাৱে সামৰি নগদবিহীন চিকিৎসাৰ বাবে যোগ্য কৰি তোলা হৈছে। ৰাজ্যপালগৰাকীয়ে কয়, “আয়ুষ্মান ভাৰত -প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু এএ-এমএমজেএৱাইৰ একত্ৰীকৰণে প্ৰায় ১.৯৮ কোটি হিতাধিকাৰীৰে ৫৮ লাখ পৰিয়ালক প্ৰতি বছৰে প্ৰতিটো পৰিয়াললৈ ৫ লাখ টকাৰ নগদবিহীন চিকিৎসা সেৱা প্ৰদান কৰিবলৈ সক্ষম কৰি তুলিছে।”
তেওঁৰ ভাষণত ৰাজ্যখনত মহিলাসকলৰ শিক্ষা, আৰু আৰ্থ-সামাজিক বিকাশ, বিশেষকৈ অৰুণোদয় আৰু নতুন অৰুণোদয় ২.০-ৰ সফলতাৰ বিষয়েও উল্লেখ কৰে। অৰুণোদয় ২.০ – ৰ অধীনত অন্ত্যোদয়া মহিলাসকলৰ লগতে দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ বৰ্তমানৰ হিতাধিকাৰীসকলকো সামৰি লোৱাৰ বিষয়ে তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে।