অসমৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে যোৱা ৫ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ পদক্ষেপৰ শুভ উদ্বোধন কৰে৷ ৰাজ্যৰ ১১ খন জিলাত ১৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে বিভিন্ন উন্নয়নমূলক আঁচনি আৰু প্ৰকল্পৰ শিলান্যাসেৰে এই পদক্ষেপৰ প্ৰথমটো পৰ্যায়ৰ সামৰণি পৰে ২৪ ডিচেম্বৰত৷ (বক্সত চাওক)
মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ নেতৃত্বত যোৱা ৩০ নৱেম্বৰত শিলচৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
‘বিকাশৰ বাবে এটা পষেক’
মুখ্যমন্ত্ৰীগৰাকীয়ে ৫ ডিচেম্বৰত বঙাইগাঁও জিলাত ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে৷ অনুষ্ঠানত তেখেতে এখন আদৰ্শ চিকিৎসালয় উদ্বোধন কৰাৰ লগতে ৬৯৩.২৯ কোটি টকা ব্যয়সাপেক্ষে এখন নতুন চিকিৎসা মহাবিদ্যালয়, সংহত উপায়ুক্তৰ কাৰ্যালয় আৰু কনভেনচন চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ লগতে বঙাইগাঁও পলিটেকনিক মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰো পৰিকল্পনা হাতত লোৱা হৈছে৷ প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত জিলাসমূহত প্ৰায় একেধৰণৰ বহুকেইটা পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
বঙাইগাঁৱৰ অনুষ্ঠানৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতাৰ ভিত্তিত ৰাজ্যখনত উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণ কৰা হৈছে৷
“অসমবাসীয়ে আন্দোলন আৰু বিদ্ৰোহ নিবিচাৰে, অসমবাসীৰ কাম্য হৈছে উন্নয়ন যাতে নিজৰ লগতে তেওঁলোকৰ সন্তানেও সম্ভাৱনাময় ভৱিষ্যতৰ অন্বেষণ কৰিব পাৰে৷ আগন্তুক ৫-১০ বছৰ এই ধাৰা অব্যাহত ৰাখিলে আমি বহু ইতিবাচক পৰিৱৰ্তনৰ সাক্ষী হ’ব পাৰিম,” মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়৷
কাৰ্যসূচীৰ দ্বিতীয় দিনা নলবাৰী জিলাত ৬৭৮.৪৩ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও পথ মেৰামতি আৰু নিৰ্মাণৰ লগতে সৌন্দৰ্যবৰ্ধন আৰু ক্ৰীড়া প্ৰকল্পৰ শিলান্যাস কৰা হয়৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নলবাৰী উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয় আৰু এটা তাৰকাগৃহৰ শুভ উদ্বোধনো অনুষ্ঠানটিৰ উল্লেখ্য দিশ আছিল৷
এটা সময়ত জনসাধাৰণে তেওঁলোকৰ প্ৰাপ্য দাবীসমূহ পূৰণৰ স্বাৰ্থত ধৰ্মঘট বা আন্দোলন কৰিবলৈ বাধ্য হোৱাৰ উনুকিয়াই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বৰ্তমানৰ চৰকাৰে জনসাধাৰণক প্ৰকৃত প্ৰাপ্য প্ৰদান কৰিবলৈ সদাতৎপৰ৷
‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত তামুলপুৰ, মৰিগাঁও, গোলাঘাট, বিশ্বনাথ, মাজুলী, যোৰহাট, লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়কে ধৰি ১১খন জিলাক সামৰি লোৱা হৈছে৷
কচুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গণেশ ৰাভাই কয়, “তামুলপুৰত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনে আমাৰ এই অঞ্চলৰ ৰাইজক যথেষ্ট সকাহ প্ৰদান কৰিব আৰু অন্যান্য প্ৰকল্পসমূহৰ জৰিয়তে নতুন এই জিলাখনে উন্নয়নৰ মাত্ৰা লাভ কৰিব৷”
প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে সৰ্বাধিক বিনিয়োগ কৰা জিলা হিচাপে পৰিগণিত হোৱা গোলাঘাটত ১৪টা উন্নয়নমূলক প্ৰকল্পত ১৫০০ কোটি টকা বিনিয়োগ কৰিব৷
‘বিকাশৰ বাবে এটা পষেক ’ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ কাম দুবছৰত সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে৷ তেওঁ কয় যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত এই স্থান ৰাজ্যৰ অন্যতম পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ’ব৷
২৪ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ টিংখাঙত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ সামৰণি পৰে৷ অনুষ্ঠানত ৯৭৩.৩৮ কোটি টকা ব্যয়সাপেক্ষে জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ঘোষণা কৰা হয়৷