ৰাষ্ট্ৰীয়, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলা পৰ্যায়ত বহুমাত্ৰিক দৰিদ্ৰতা সূচক সম্পৰ্কে নিটি আয়োগৰ এক শেহতীয়া প্ৰতিৱেদনে অসমলৈ কঢ়িয়াই আনিছে এক ইতিবাচক বাৰ্তা। এই প্ৰতিৱেদন অনুসৰি বিগত ন বছৰত ৰাজ্যখনত ৮০ লাখ লোক বহুমাত্ৰিক দৰিদ্ৰতাৰপৰা মুক্ত হৈছে।
নিটি আয়োগে ভাৰত চৰকাৰৰ ৰাজহুৱা নীতি নিৰ্ধাৰণৰ ৰূপৰেখাৰ আধাৰ হিচাপে কাম কৰে। দেশৰ প্ৰগতিৰ মূল ভিত্তি হ’ল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰবোৰৰ সমন্বয় তথা সমন্বয়েৰে কাম কৰা আৰু নিশ্চিত লক্ষ্যৰ দিশে আগুৱাই যোৱা। সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক আৰু অধিক সাৰ্থক কৰি অৰ্থনৈতিক বিকাশৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত নিটি আয়োগে অনুঘটক হিচাপে কাম কৰে।
প্ৰতিৱেদনখনত উল্লেখ কৰা হৈছে যে ভাৰতত এই সময়ছোৱাত ২৪.৮২ কোটি ব্যক্তি বহুমাত্ৰিক দৰিদ্ৰতাৰপৰা মুক্ত হৈছে। ২০২২-২৩ বৰ্ষৰ পৰিসংখ্যা অনুসৰি ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ জনসংখ্যাৰ ১৫%তকৈও কম ব্যক্তি এতিয়া বহুমাত্ৰিক দৰিদ্ৰতাৰ ভুক্তভোগী। অসমে ২০১৩-১৪ বৰ্ষত বহুমাত্ৰিক দৰিদ্ৰতাৰ হাৰ আছিল ৩৬.৯৭% আৰু ২০২২-২৩ চনত এই পৰিসংখ্যা ১৪.৪৭%লৈ হ্ৰাস পাইছে।
![](https://i0.wp.com/asombarta.com/wp-content/uploads/2024/02/Lead-2.jpg?resize=1024%2C522&ssl=1)
নিটি আয়োগে আলকিৰ-ফষ্টাৰ পদ্ধতি ব্যৱহাৰ কৰি বহুমাত্ৰিক দৰিদ্ৰতা সূচকৰ আধাৰত দৰিদ্ৰতাৰ হাৰ হ্ৰাসৰ মূল্যায়ন কৰে আৰু ইয়াৰ বাবে ১২টা সূচক সামৰি লয় – পুষ্টি, শিশু আৰু কিশোৰৰ মৃত্যুৰ হাৰ, মাতৃস্বাস্থ্য, বিদ্যালয় শিক্ষা গ্ৰহণ কৰা বছৰৰ সংখ্যা, বিদ্যালয়ত উপস্থিতি, ৰন্ধনৰ বাবে ইন্ধন, অনাময়, খোৱা পানী, বিদ্যুৎ, গৃহ, সম্পদ আৰু বেংক একাউণ্ট।
এই প্ৰতিৱেদনখনত উল্লেখ কৰা হৈছে যে অসমত দৰিদ্ৰতাৰ নিবাৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আৰ্থ-সামাজিক সমস্যা সমাধানৰ বাবে বিভিন্ন পদক্ষেপ কাৰ্যকৰী কৰিছে। ‘২০০৫-০৬ বৰ্ষৰপৰা ভাৰতত বহুমাত্ৰিক দৰিদ্ৰতা’ শীৰ্ষক নিটি আয়োগৰ আলোচনা পত্ৰখনত ২০১৩-১৪ বৰ্ষৰপৰা ২০২২-২৩ বৰ্ষলৈ দৰিদ্ৰতাৰ বিভিন্ন মাত্ৰা সমাধান কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বাবে এই উল্লেখযোগ্য সফলতা লাভ কৰিব পৰা গৈছে বুলি উল্লেখ কৰা হৈছে। এই প্ৰতিৱেদন অনুসৰি পোষণ অভিযান, উজ্জ্বলা যোজনা, স্বচ্ছ ভাৰত অভিযান আৰু প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ দৰে কাৰ্যসূচীয়ে বহুমাত্ৰিক দৰিদ্ৰতা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
প্ৰতিৱেদনখনে উল্লেখ কৰিছে যে ভাৰতে বহনক্ষম উন্নয়নৰ লক্ষ্য ১.২ স্পৰ্শ কৰাৰ দিশত অগ্ৰসৰ হৈছে আৰু ২০৩০ চনৰ ভিতৰত বহুমাত্ৰিক দৰিদ্ৰতা অৰ্ধেক হ্ৰাস কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।
এই ইতিবাচক বাৰ্তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ প্ৰকাশ কৰি কয় যে ৰাজ্যখনৰ ৮০ লাখৰো অধিক লোকে বহুমাত্ৰিক দৰিদ্ৰতাৰপৰা পৰিত্ৰাণ পাইছে আৰু এয়া অসমৰ আধুনিক ইতিহাসৰ আটাইতকৈ সমৃদ্ধ যুগ হিচাপে অভিহিত কৰিব পাৰি।
মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯ জানুৱাৰীত শ্বিলঙৰ ৰাজ্যিক সন্মিলন কেন্দ্ৰত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰদান কৰাৰ সময়ত অঞ্চলটোৰ আৰ্থ সামাজিক বিকাশ আৰু উন্নয়নৰ বাবে নিৰন্তৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰ চৰকাৰখনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় উত্তৰ-পূব অঞ্চল উন্নয়ন(ড’নাৰ) মন্ত্ৰী জি কিষাণ ৰেড্ডী, ৰাজ্যিক ড’নাৰ মন্ত্ৰী বি এল বাৰ্মা আৰু এনইচিৰ সকলো সদস্য ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল।
ড০ শৰ্মাই উল্লেখ কৰে যে বৰ্তমানৰ কেন্দ্ৰ চৰকাৰৰ পৰা লাভ কৰা নিৰন্তৰ মনোযোগৰ বাবে অঞ্চলটোৱে পৰিৱৰ্তনশীল বিকাশ যাত্ৰাত বাট বুলাইছে।
“ৰাজ্যখনত অৰ্থনৈতিক দিশকে ধৰি একাধিক ক্ষেত্ৰত অভূতপূৰ্ব ইতিবাচক উন্নয়নৰ অনিৰুদ্ধ গতি মূলতঃ বিগত কেইটামান বছৰ বিৰাজমান শান্তিৰ পৰিৱেশৰ বাবে সম্ভৱপৰ হৈ উঠিছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবেও সকলোকে উৎসাহিত কৰিব বুলি তেখেতে বিশ্বাস ব্যক্ত কৰে। তেওঁ ইজ অৱ ডুয়িং বিজনেছ ৰেংকিঙত অসমৰ স্থান উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে মাছ, কণী আৰু গাখীৰ উৎপাদনৰ দৰে বিভিন্ন ক্ষেত্ৰসমূহত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে অসমে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও আলোকপাত কৰে।