মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ উন্নয়নৰ দিশত আন এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি ‘এডভাণ্টেজ অসম ২.০’ৰ তাৰিখ ঘোষণা কৰাৰ কেইদিনমানৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। তেওঁ সংবাদ মাধ্যমত ঘোষণা কৰে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বিনিয়োগকাৰী সন্মিলনখন উদ্বোধন কৰিব।
ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ ৰাজধানীত থাকি কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰে আৰু সন্মিলনখনৰ সফলতাৰ বাবে তেওঁলোকৰ সহযোগিতা তথা উপস্থিতি নিশ্চিত কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিনিয়োগ সন্মিলনৰ ধাৰণা আৰম্ভ কৰি ‘এডভাণ্টেজ গুজৰাট’ৰ পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাতৰ পাছত ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো দেখা কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত তেখেতে প্ৰকাশ কৰে,“মাননীয় কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীৰাজনাথ সিং ডাঙৰীয়াক সাক্ষাৎ কৰি আপ্লুত হ’লোঁ। সাক্ষাৎকালত অসমত প্ৰতিৰক্ষা কৰিড’ৰ নিৰ্মাণৰ সন্দৰ্ভত এক ইতিবাচক আলোচনাৰে সমৃদ্ধ হওঁ৷ ‘ডিফেন্স মেনুফেকচাৰিং হাব’ হোৱাত সহায়ক হোৱাকৈ অসমত উপলব্ধ সুবিধাৰ বিষয়ে মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাৰ লগতে অসমত প্ৰতিৰক্ষা সন্মিলন আয়োজন কৰাৰ দিশতো সময়ছোৱাত বিশেষভাৱে গুৰুত্ব দিয়া হয়৷”
ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীক সাক্ষাৎ কৰি বিনিয়োগ সন্মিলনখনিত অংশ ল’বলৈ আমন্ত্ৰণ জনায়।
“অহা বছৰ অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ আছাম ছামিট’ৰ বাবে তেখেতক আমন্ত্ৰণ জনাওঁ৷ লগতে মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে অসমৰ হাইড্ৰ’কাৰ্বন উদ্যোগৰ সম্পূৰ্ণ সম্ভাৱনাক শক্তিশালী আৰু ব্যৱহাৰ কৰিবলৈ তেখেতৰ সহায়-সহযোগিতা বিচাৰোঁ,” মুখ্যমন্ত্ৰীগৰাকীয়ে ফে’চবুকত এনেদৰে প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীথাৰমন, তথ্য-প্ৰযুক্তি আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰি এডভাণ্টেজ অসম ২০২৫ৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনায়।
ইয়াৰ পাছত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক ড° হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি সন্মিলনখনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই সাক্ষাতৰ সময়ত অসমত চলি থকা উন্নয়নমূলক কাম-কাজসমূহৰ নতুন সম্ভাৱনাৰ বিষয়েও সিন্ধিয়াৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলক সপ্তাহটোত দ্বিতীয়বাৰৰ বাবে সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ৰ পৰা সম্ভাৱনাপূৰ্ণ বিনিয়োগকাৰীসকলক অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাৰ ক্ষেত্ৰত সহযোগিতা বিচাৰে।
তদুপৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাকো সন্মিলনত উপস্থিত থাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুৰোধ কৰে।
ড° হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ দিল্লী ভ্ৰমণৰ অন্তিমটো দিনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এডভাণ্টেজ অসম ২.০লৈ আমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত প্ৰথমবাৰৰ বাবে গুৱাহাটীত এডভাণ্টেজ অসম অনুষ্ঠিত হৈছিল।
কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰি অসম আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন ২০২৫ত উপস্থিত থকিবলৈ অনুৰোধ জনায়। তেখেতে বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা সন্মিলনখনৰ সফলতাত সহায়ৰ বাবেও আবেদন কৰে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই সন্মিলনৰ প্ৰচাৰৰ উদ্দেশ্যে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটান ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এডভাণ্টেজ অসম ২.০ৰ কাৰ্যসূচীত বিনিয়োগকাৰীসকলক ভাগ ল’বলৈ আমন্ত্ৰণ কৰে আৰু এনেদৰেই অসমৰ উন্নয়নত অংশীদাৰ হোৱাৰ বাবে আহ্বান জনায়। ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ ছেৰিং টবগে’ আৰু চুবুৰীয়া ৰাষ্ট্ৰখনৰ অন্যান্য বিশিষ্ট অতিথিসকলক সহযোগিতাৰে সুযোগ বৃদ্ধি কৰিবলৈ এডভাণ্টেজ অসম ২.০ত যোগদান কৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰপৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই ‘এডভাণ্টেজ অসম ২.০’ৰ ৰোড শ্ব’ মুকলি কৰাৰ ক্ষেত্ৰত ভূটানক বাছনি কৰাৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জনায় আৰু বিশেষভাৱে সামাজিক মাধ্যমত “বন্ধুৰ সৈতে” বুলি উল্লেখ কৰে।