নুৰীয়া বেগম (২১ বছৰ), কামৰূপ জিলাৰ হাজো ৰাজহ খণ্ডৰ অন্তৰ্গত বৰ দমপুৰ আলিকাষ গাঁৱৰ বাসিন্দা৷ ২২ জুলাইৰ পুৱা চিকিৎসকৰ এটি দলে অস্ত্ৰোপচাৰ কৰাৰ পাছত শুৱালকুছি ৰাজহুৱা স্বাস্থ্য সেৱা কেন্দ্ৰত তেওঁৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়৷
“মোৰ গৰ্ভৱতী পত্নীয়ে হঠাতে তীব্ৰ যন্ত্ৰণা অনুভৱ কৰাত ২১ জুলাইত হাস্পতালত ভৰ্তি কৰোঁ৷ পুৱা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ এটি দলে জৰুৰীকালীনভাৱে মোৰ পত্নীৰ এক চিজাৰিয়ান অপাৰেছন সম্পন্ন কৰে৷ মোৰ এটি পুত্ৰ সন্তানৰ জন্ম হৈছে৷ মাতৃ-পুত্ৰ দুয়োগৰাকী সুস্থ আৰু চিকিৎসালয়ৰ তৰফৰপৰা প্ৰয়োজনীয় যত্ন আৰু সেৱা লাভ কৰিছে৷ সকলো সেৱা বিনামূলীয়াকৈ লাভ কৰিছিলোঁ,” এটি ব্যক্তিগত কোম্পানীত কৰ্মৰত নেকিবুৰ ৰহমান শইকীয়াই (২৮) অসম বাৰ্তাক কয়৷
নুৰীয়াৰ দৰেই আন কেইবাগৰাকী গৰ্ভৱতী মহিলাই চিকিৎসা সেৱা লাভ কৰিবলৈ শুৱালকুছি ৰাজহুৱা স্বাস্থ্য সেৱা কেন্দ্ৰৰ প্ৰসূতি ৰোগ বিভাগত অপেক্ষা কৰি আছে৷ চিকিৎসালয়খনৰ বহিঃৰোগ বিভাগটোৱে কেইবাশ ৰোগীৰ যত্ন লয়৷ অসম বাৰ্তাৰ প্ৰতিনিধিয়ে চিকিৎসালয়ৰ চৌহদত উপস্থিত হওঁতে বহিঃৰোগ বিভাগৰ বাৰান্দাৰ অপেক্ষাস্থলী ৰোগী আৰু তেওঁলোকৰ সৈতে অহা অভিভাৱকেৰে ভৰি পৰিছিল৷
শুৱালকুছি ৰাজহুৱা স্বাস্থ্য সেৱা কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ দীপক দাসে কয় যে দৈনিক প্ৰায় ৭০০গৰাকী ৰোগী স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাৰ বাবে আহে৷
“প্ৰতিদিনে আমাৰ চিকিৎসালয়লৈ এই অঞ্চলটোৰ লগতে বাহিৰৰ ৰোগীও আহে৷ আমাৰ স্বাস্থ্য সেৱাৰ গুণগত মানদণ্ডৰ বাবেই ইয়ালৈ অহা মুঠ ৰোগীৰ প্ৰায় অৰ্ধেক হৈছে বাহিৰৰ,” ডাঃ দাসে এই প্ৰতিৱেদকক কয়৷
হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পূব চেচামুখ গাঁৱৰ বাসিন্দা হাজিৰা বেগম (২৩)ক তেওঁৰ গাঁৱৰ ওচৰত ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ থকা স্বত্বেও শুৱালকুছি চিএইচচিৰ প্ৰসূতি ৰোগ বিভাগত ভৰ্তি কৰোৱা হৈছিল৷ “ইয়াত আমাৰ গাঁৱৰ চিকিৎসালয়তকৈ উন্নত স্বাস্থ্যসেৱাৰ সুবিধা আছে,” তিনি দিন পূৰ্বে চি-ছেক্সনৰ জৰিয়তে পুত্ৰ সন্তান লাভ কৰা বেগমে কয়৷
যেতিয়া এই প্ৰতিৱেদকে চিকিৎসালয়খনৰ পৰিক্ৰমা কৰোঁতে আৰু শুৱালকুছিৰ ৰনং বাপুজী পথৰ বাসিন্দা তথা পেছাত এগৰাকী ইলেক্ট্ৰিচিয়ান সঞ্জীব ভৰালীক লগ পায়৷ কেইমিনিটমান পূৰ্বে দুৰ্ঘটনাত পতিত হৈ হাড় ভঙা এগৰাকী সহকৰ্মীক লৈ স্বাস্থ্য কেন্দ্ৰটোৰ জৰুৰীকালীন শাখালৈ লৈ তেওঁ আহিছিল৷ আঘাতপ্ৰাপ্ত ৰোগীজনৰ ভৰিৰ এক্সৰে’ কৰাৰ পিছত ভৰালীয়ে কয়, “জৰুৰীকালীন শাখাটোৱে মোৰ সহকৰ্মীক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰাৰ বাবে সম্ভাৱ্য সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷”
প্ৰায় এক লাখ জনসংখ্যা থকা বৃহত্তৰ শুৱালকুছি অঞ্চলটোৰ বাবে এই স্বাস্থ্য কেন্দ্ৰটোৱে হৈছে একমাত্ৰ ৰাজহুৱা স্বাস্থ্যসেৱা প্ৰতিষ্ঠান৷
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰদ্বাৰা শেহতীয়াকৈ অনুষ্ঠিত হোৱা স্বাস্থ্য সেৱা উৎসৱত কেন্দ্ৰটোৱে ৰাজ্যখনৰ শ্ৰেষ্ঠ ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে৷
উপ অধীক্ষক ডাঃ কাৰ্তিক মেধিয়ে কয় যে শুৱালকুছি ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ কৰ্মৰ মূলমন্ত্ৰ হৈছে ‘গুণগত মান নিশ্চিতকৰণ সকলোৰে দায়িত্ব’ ৷ “চিকিৎসালয়খনৰ প্ৰতিজন কৰ্মচাৰী নিজ নিজ দায়িত্ব পালনৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ৷ আমাৰ কাৰ্য প্ৰণালীৰ মূল আধাৰ হৈছে সহজ-সৰল, উপযোগী, নিমিষতে উপলভ্য, সুলভ, কাৰ্যকৰী, দক্ষ, ঐক্যবদ্ধ, সুৰক্ষিত আৰু ৰোগী সম্পৰ্কীয় স্বাস্থ্য সেৱা৷ এইসমূহ কাৰকে গুণগত মানৰ চিকিৎসা সেৱা প্ৰদানৰ পথ প্ৰশস্ত কৰে যিটো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰদ্বাৰা শেহতীয়াকৈ অনুষ্ঠিত কৰা স্বাস্থ্য সেৱা উৎসৱতো প্ৰদৰ্শিত হৈছে,” ডাঃ মেধিয়ে কয়৷
নলবাৰী জিলাৰ মুকালমুৱা অঞ্চলটো গুৱাহাটীৰপৰা প্ৰায় ৬০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত৷ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত বুজন সংখ্যক ৰোগী আৰু তেওঁলোকৰ পৰিচাৰকসকলৰ উপস্থিতি চিকিৎসালয়টোত দেখা পোৱাটো এক দৈনন্দিন দৃশ্য৷
“বৃহত্তৰ মুকালমুৱা অঞ্চলটো অতিকৈ জনবসতিপূৰ্ণ৷ ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে৷ ইয়াৰ কাৰণ হৈছে চৰকাৰী স্বাস্থ্য সেৱাৰ ওপৰত ৰাইজৰ আস্থা,” মহকুমা চিকিৎসা বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাসে কয়৷
মুকালমুৱা গাঁৱৰ মণি বেগমে (৬০) যোৱা কেইদিনমানৰপৰা দৃষ্টিশক্তিৰ সমস্যাত ভুগি আছে৷ তেওঁ বৰ্তমান এই চিকিৎসালয়ৰ চকু বিশেষজ্ঞৰ তত্ত্বাৱধানত চিকিৎসা লাভ কৰি আছে৷ “চৰকাৰী চিকিৎসালয়সমূহ আমাৰ বাবে একমাত্ৰ বিকল্পসদৃশ৷ চিকিৎসকে যিদৰে মোৰ যত্ন লৈছে, তাৰ বাবে মই অত্যন্ত সুখী,” মণি বেগমে এই প্ৰতিৱেদকক কয়৷
বিনয় আমিঙ্গাই তেওঁৰ গৰ্ভৱতী পত্নী ৰেণুকাক এই চিকিৎসালয়ত ভৰ্তি কৰিছে৷ “আমি ছয় মাহৰো অধিক সময় ধৰি চিকিৎসকসকলৰ সৈতে যোগাযোগ কৰি আছিলোঁ৷ এতিয়া যিকোনো সময়তে ভাল খবৰ এটা আশা কৰি আছোঁ,” পিতৃ হ’বলৈ ওলোৱা বিনয়ে কয়৷
মহকুমা চিকিৎসা বিষয়াগৰাকীয়ে কয় যে চৰকাৰী স্বাস্থ্যসেৱা প্ৰণালীৰ উন্নতিৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে নিৰ্দিষ্ট কৰা কাৰ্যকলাপ হৈছে এক গুৰুত্বপূৰ্ণ কাৰক, যি জনস্বাস্থ্য সেৱা প্ৰণালীৰ প্ৰতিটো ক্ষেত্ৰতে বিদ্যমান৷ “মই যোৱা ২২ বছৰ ধৰি চৰকাৰী স্বাস্থ্য সেৱাত নিয়োজিত হৈ আছোঁ৷ যোৱা দশকটোত মই যি উন্নতি প্ৰত্যক্ষ কৰিছোঁ সেয়া উল্লেখনীয়,” ডাঃ দাসে কয়৷
তেওঁৰ সহকৰ্মীৰ সৈতে সহমত পোষণ কৰি চিকিৎসালয়খনৰ এগৰাকী প্ৰসূতিৰোগ বিশেষজ্ঞ ডাঃ ৰাতুল দাসে কয় যে শেহতীয়া বছৰসমূহত গ্ৰামাঞ্চলত সকলোকে সামৰি স্বাস্থ্য সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত স্বাস্থ্যসেৱা খণ্ডৰ সক্ষমতা যথেষ্ট বৃদ্ধি পাইছে৷