চলিত বৰ্ষৰ নৱেম্বৰত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ আহি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে স্থল পৰিবহণ ক্ষেত্ৰক বিশ্বমানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০ হাজাৰ কোটি টকাৰ পাঁচটা প্ৰকল্পৰ কথা ঘোষণা কৰে৷
“আমাৰ লক্ষ্য হৈছে ২০২৪ চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ পথ পৰিবহণ ব্যৱস্থাক এক নৱৰূপ প্ৰদানেৰে বিশ্বমানৰ কৰি তোলাই হৈছে আমাৰ উদ্দেশ্য,” অঞ্চলটোৰ বিভিন্ন ঘাইপথ প্ৰকল্প পৰ্যবেক্ষণ কৰাৰ পাছত এক সংবাদ মেল সম্বোধন কৰি গাডকাৰীয়ে এনেদৰে কয়৷
নেচনেল হাইৱেজ লজিষ্টিকছ মেনেজমেণ্ট লিমিটেড আৰু অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত থাকে৷ এই চুক্তি অনুসৰি ২,০০০ কোটি টকা বিনিয়োগেৰে অসমত পাঁচটা ৰ’পৱে’ প্ৰকল্প নিৰ্মাণ কৰা হ’ব৷ এই অনুষ্ঠানত কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰিবহণ বিষয়াসকলৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি কে সিঙো উপস্থিত থাকে৷
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সম্পৰ্কীয় এই তিনিদিনীয়া উত্তৰ-পূব ভ্ৰমণসূচীৰ প্ৰথমদিনা মন্ত্ৰীগৰাকীয়ে অসম, মেঘালয়, ছিকিম আৰু নাগালেণ্ডত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ তেওঁ ভূমি অধিগ্ৰহণ, চলিত প্ৰকল্পসমূহৰ অগ্ৰগতি, প্ৰস্তাৱিত প্ৰকল্প, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, বিবাদ-মধ্যস্থতা আৰু সম্ভাব্য বিত্তীয় হস্তক্ষেপ সম্পৰ্কীয় বিষয়সমূহৰ আলোচনা কৰে৷
তদুপৰি, ৰূপায়ণ কৰোঁতে বিলম্ব হোৱা প্ৰকল্পসমূহৰ কাৰণসমূহ তেখেতে পৰ্যবেক্ষণ কৰে আৰু সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিৰ্দেশনা প্ৰদান কৰে৷
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উন্নতমানৰ পৰিবহণ আন্তঃগাঁথনি বিকশিত কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয় আৰু অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত গাডকাৰীয়ে গুৰুত্ব প্ৰদান কৰে৷
কেন্দ্ৰৰ পৰা অনুমোদন লাভ কৰা অসমৰ পাঁচটা প্ৰকল্প হৈছে ক) গুৱাহাটী ৰিং ৰ’ড আৰু নাৰেংগী-কুৰুৱা দলং খ) কাজিৰঙা কৰিড’ৰৰ উচ্চতা বৃদ্ধি গ) খানাপাৰা-যোৰাবাট ঘাইপথটো ছয় লেনলৈ সম্প্ৰসাৰণ ঘ) কাজিৰঙাত ৩৮ কিল’মিটাৰ উন্নীত কৰিড’ৰ ঙ) খানাপাৰাৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ ৰ’পৱে’ আৰু চ) ৰাষ্ট্ৰীয় ঘাইপথ আৰু যোৰহাট-মাজুলী দলং সংযোগী পথ নিৰ্মাণ৷ গাডকাৰীয়ে এই পেকেজৰ অধীনত ১০খন নতুন উৰণ সেতু আৰু অভাৰ ব্ৰীজ নিৰ্মাণৰ বিষয়েও ঘোষণা কৰে৷
গাডকাৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত তেওঁৰ মন্ত্ৰ্যালয়ে উত্তৰ-পূব ভাৰতৰ যোগাযোগ ব্যৱস্থাত থকা ব্যৱধান দূৰ কৰাৰ দিশত কাম কৰি আছে আৰু অঞ্চলটোত পৰিবহণ আন্তঃগাঁথনিৰ উন্নয়নক গতি প্ৰদান কৰিছে৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ২০২৪ চনৰ ভিতৰত উত্তৰ- পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা ২ লাখ কোটি টকাৰ পথ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব৷