এখন স্বাৱলম্বী অসম গঢ়াৰ অন্বেষণেৰে ২৮ৰপৰা ৪৩ বছৰ বয়সৰ যুৱক-যুৱতী আৰু ব্যক্তিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত লক্ষ্যাধিক আৱেদন প্ৰদান কৰিছে। তেওঁলোকৰ লক্ষ্য হৈছে নিজকে এগৰাকী উদ্যমী হিচাপে প্ৰতিষ্ঠা কৰা। চৰকাৰী পৰিসংখ্যা অনুসৰি, এই আঁচনিখনৰ প’ৰ্টেলত ২.২৯ লাখৰো অধিক ব্যক্তিয়ে আৱেদন কৰিছে। আঁচনিখনৰ অধীনত নিৰ্ধাৰিত চৰ্তৰ আধাৰত ২ৰপৰা ৫ লাখ টকালৈকে ঋণ প্ৰদান কৰা হ’ব। লখিমপুৰ আৰু কামৰূপ জিলাৰপৰা সৰ্বাধিক আৱেদন লাভ কৰাৰ বিপৰীতে ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰপৰা প্ৰাপ্ত আৱেদনৰ হাৰ যথেষ্ট কম। (অনুগ্ৰহ কৰি বক্সত চাওক)উদ্যমিতাৰ আত্মবিশ্বাসেৰে আত্মনিৰ্ভৰ অসম
মুঠ আৱেদনকৰ্তাসকলৰ ভিতৰত প্ৰায় ১.৫০ লাখ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বা স্নাতক আৰু ১৫৯১গৰাকী হৈছে পেছাদাৰী পাঠ্যক্ৰম উৰ্ত্তীণ (অনুগ্ৰহ কৰি বক্সত চাওক) আনহাতে ৫,৭০০গৰাকীৰোঅধিক হৈছে স্নাতকোত্তৰ।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৩ ছেপ্টেম্বৰত এই প’ৰ্টেলটো মুকলি কৰে। অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াৰ লগতে অসম চৰকাৰৰ বহুকেইগৰাকী জ্যেষ্ঠ মন্ত্ৰী, মুখ্য সচিব পৱন বৰঠাকুৰ আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। আৱেদনকৰ্তাৰ পছন্দৰ ব্যৱসায়িক ক্ষেত্ৰৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে ক্ৰমে সেৱাখণ্ড, নিৰ্মাণখণ্ড আৰু ট্ৰেডিং। ৭০,০০০ৰো অধিক আৱেদনকাৰীয়ে কুকুৰা পালন/ছাগলী পালন/দুগ্ধজাত/গাহৰিপালন আদিৰ বাবে ঋণৰ আৱেদন দাখিল কৰিছে আৰু এই পৰিসংখ্যা হৈছে ৩০%ৰো অধিক। আনহাতে সেৱাখণ্ডৰ অধীনত শ্ৰেণীবদ্ধ কৰা আন বহু ক্ষেত্ৰৰ বাবে লাভ কৰা হৈছে, ২১%ৰো অধিক আৱেদন। মুঠ আৱেদনৰ ১২% তকৈও অধিক লাভ কৰা হৈছ মীন পালনৰ বাবে।