গ্ৰাম্য মহিলা উদ্যমীসকলক সবলীকৃত কৰাৰ লক্ষ্যৰে ৰূপায়ণ হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান(এমএমইউএ)। ৰাজ্যখনত উদ্যমিতাৰ পৰিৱেশ গঢ়ি তুলি এই অভিযানৰ অধীনত প্ৰদান কৰা হ’ব বিত্তীয় সাহায্য। এই অভিযানক লৈ সমগ্ৰ ৰাজ্যতে মহিলাসকলৰ মাজত এক অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে।
কামৰূপ জিলাৰ ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি শিপ্ৰা দাসে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত ‘লাখপতি বাইদেউ’ হোৱাৰ বাবে দেখা পোৱা উৎসাহৰ বিষয়ে উল্লেখ কৰে।
“ৰঙিয়া উন্নয়ন খণ্ডৰ অধীনৰ ১৫খন গাঁও পঞ্চায়তত আমাৰ ১৮৩১টা মহিলা আত্মসহায়ক গোট আছে। ২৭ জানুৱাৰীত আমি অভিযানৰ অধীনত প্ৰপত্ৰ বিতৰণ কৰিছিলোঁ। আমাৰ সকলো প্ৰপত্ৰ বিতৰণ একেদিনাই সম্পূৰ্ণ হৈছিল। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলৰ নিৰ্দেশনাত মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰপত্ৰ পূৰণ কৰি আমাৰ ওচৰত দাখিল কৰিব। প্ৰপত্ৰ জমা কৰাৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ’ব,” তেখেতে কয়।
এই আঁচনিখনৰ প্ৰতি দেখা পোৱা উৎসাহে ডিব্ৰুগড় জিলাৰ আত্মসহায়ক গোটসমূহকো স্পৰ্শ কৰিছে। ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাজভেটা গাঁও পঞ্চায়তৰ সভাপতি সঞ্জীৱ হাজৰিকাই আত্মসহায়ক গোটৰ সদস্যসকলৰ আনন্দৰ বিষয়ে উনুকিয়ায়।
“আমাৰ গাঁও পঞ্চায়তখন হৈছে ডিব্ৰুগড় জিলাৰ সৰ্ববৃহৎ গাঁও পঞ্চায়ত। এই অভিযানৰ বিষয়ে ঘোষণা কৰাৰ দিনৰে পৰা শতাধিক মহিলাই এই বিষয়ে খবৰ লৈ আছিলে তেওঁলোকৰ মাজত এক বৃহৎ উৎসাহ দেখা পোৱা হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলৰ সমন্বয়ত আমি ১৬৫টা মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত ১,৬৮৪খন প্ৰপত্ৰ বিতৰণ কৰিছোঁ। বামপথাৰৰ জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত স্থানীয় বিধায়কগৰাকীও উপস্থিত আছিল,” হাজৰিকাই কয়।
কৰিমগঞ্জৰ বদৰপুৰ উন্নয়ন খণ্ডৰ অধীনৰ লামাজুৱাৰ গাঁও পঞ্চায়তৰ সচিব বিশ্বজিৎ দাসে কয় যে কাৰ্যালয় খোলাৰ দুঘণ্টা আগৰেপৰা মহিলাসকলে প্ৰপত্ৰ সংগ্ৰহৰ বাবে শাৰী পাতি আছিল।
নলবাৰী জিলাৰ ২৪ নম্বৰ দক্ষিণ ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সভাপতি দীনেশ ঠাকুৰীয়াই এয়া উৎসাহজনক বুলি মন্তব্য কৰি কয়, “প্ৰপত্ৰ বিতৰণৰ দিনা আমাৰ পঞ্চায়তবোৰত মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ ভিৰ দেখা গৈছিল।”
আঁচনিখন আৰম্ভ কৰাৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে এই অভিযানে আত্মসহায়ক গোটৰ (এছএইচজি) সৈতে জড়িত ৩৯ লক্ষাধিক মহিলাক সহায় কৰিব।
“ইতিমধ্যে আমি মহিলা আত্মসহায়ক গোটৰ বাবে এক আঁচনি প্ৰস্তুত কৰিছোঁ আৰু ইয়াৰ অধীনত আত্মসহায়ক গোটৰ সৈতে জড়িত প্ৰায় ৭,০০,০০০ মহিলা ‘লাখপতি’ হৈছে। নতুন আঁচনিখনৰ উদ্দেশ্য হৈছে আত্মসহায়ক গোটৰপৰা সুকীয়াকৈ উদ্যমিতাৰ যাত্ৰা কৰিবলৈ বিচৰা মহিলাসকলক সহায় কৰা,” ড০ শৰ্মাই কয়।
শিৱসাগৰৰ বেতবাৰী গাঁও পঞ্চায়তৰ সভাপতি পূৰ্ণিমা গগৈয়ে আশা প্ৰকাশ কৰে যে এই আঁচনিয়ে আত্মসহায়ক গোটৰ সদস্যসকলৰ সম্ভাৱনীয়তাক উদ্ঘাটন কৰিব।
“আমাৰ গাঁও পঞ্চায়তৰ অধীনত চাৰিখন গাঁও আছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আমাৰ গাঁও পঞ্চায়তৰ অধীনৰ গাওঁবোৰত ৭৭টা মহিলা আত্মসহায়ক গোট গঠন হৈছে। ইয়াৰে কিছুমান আত্মসহায়ক গোট ইতিমধ্যে কৃষি আৰু আনুষংগিক খণ্ডৰ সৈতে জড়িত ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে সুন্দৰ উপাৰ্জন কৰি আছে,” তেওঁ কয়।
অভিযানৰ প্ৰথম পৰ্যায়ত চৰকাৰে প্ৰস্তুত কৰা ১৪৫বিধ ব্যৱসায়িক পদ্ধতিৰ তালিকাৰ পৰা যিকোনো ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰতিগৰাকী যোগ্য আৱেদনকৰ্তাক প্ৰথম বছৰৰ বাবে ১০,০০০ টকাৰ অনুদান প্ৰদান কৰা হ’ব। ৰাজ্যৰ বাৰ্ষিক বাজেটৰ অংশ হিচাপে আঁচনিখনৰ বাবে নিৰ্ধাৰণ কৰা মুঠ পৰিমাণ হৈছে ৩,৯০০ কোটি টকা। এনেধৰণৰ এইখনেই হৈছে ৰাজ্যৰ সৰ্ববৃহৎ আঁচনি।
দ্বিতীয় বছৰত যোগ্য আৱেদনকৰ্তাসকলে ১২,৫০০ টকাৰ বেংক ঋণ আৰু ৰাজ্য চৰকাৰৰ পৰা এক অনুদান লাভ কৰিব। প্ৰথম বছৰত আৱেদনকৰ্তাসকলে লাভ কৰা ধনৰ সঠিক ব্যৱহাৰ সম্পৰ্কে এক নিৰীক্ষণ কৰা হ’ব। প্ৰতিগৰাকী যোগ্য মহিলাক তিনি বছৰত ৩৫,০০০ টকা প্ৰদান কৰা হ’ব।