উত্তৰ প্ৰদেশৰ বৰ্তমানৰ চৰকাৰখনে ২০২২-২৩ বৰ্ষৰ বাবে ৬.১৫ লাখ কোটি টকাৰ নিজৰ প্ৰথমখন বাজেট উপস্থাপন কৰি ৰ ট্ৰিলিয়ন ডলাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ পৰিকল্পনা কৰিছে৷ পাঁচ বছৰত ৪ লাখ নিয়োগ সৃষ্টিৰ লক্ষ্যৰে আন্তঃগাঁথনিৰ দিশত গুৰুত্ব দি বাজেটখনত ১.৫ লাখ কোটি মূলধনী ব্যয়ৰ পৰিকল্পনা কৰা হৈছে৷
ক’ভিড-১৯ৰ বাবে পিতৃ-মাতৃক হেৰুওৱা শিশুসকলৰ বাবে, ইউ পি চি এম বাল সেৱা যোজনাৰ অধীনত তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষাৰ বাবে প্ৰত্যেককে প্ৰতিমাহে ২,৫০০ টকাকৈ প্ৰদানৰ পৰিকল্পনা কৰা হৈছে৷ চৰকাৰে অহা পাঁচ বছৰত দুই কোটি স্মাৰ্টফ’ন/টেবলেট ক্ৰয় কৰাৰ বাবে বাজেটত ১,৫০০ কোটি টকা ধাৰ্য কৰিছে৷
কৃষক দুৰ্ঘটনা বীমাৰ বাবে বাজেটত ৬৫০ কোটি টকাৰ ব্যয় ধাৰ্য কৰা হৈছে৷ ৰাজ্যখনত ১০,০০০ ষ্টাৰ্ট-আপৰ লক্ষ্যও নিৰ্ধাৰণ কৰা হৈছে৷