অসমৰ ৰাজধানী দিছপুৰৰপৰা প্ৰায় ২৮ কিল’মিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত কামৰূপ জিলাৰ এখন ঠাই চাংসাৰি৷ এই সৰু চহৰখনে যোৱা কেইটামান বছৰত পৰিৱৰ্তন আৰু উন্নয়নৰ এক অভুতপূৰ্ব জোৱাৰৰ সাক্ষী হৈছে৷ চাংসাৰিতেই যোৱা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে উৎসৰ্গা কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন অখিল ভাৰতীয়
আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান৷
চাংসাৰি শব্দটোৰ উৎপত্তি হৈছে টাই-আহোম ভাষাৰ চাং (বিশেষজ্ঞ), ছা (ভাল)আৰু ৰি (কৰি তোলা) শব্দকেইটাৰ পৰা৷ নামটোৰ অৰ্থ হৈছে ৰোগীক শুশ্ৰূষা কৰি সুস্থ কৰি তুলিব পৰা বিশেষজ্ঞ৷ আহোম ৰাজত্বকালত তেওঁলোকৰ চিকিৎসক, চাংকাকতি আৰু বৰুৱাসকলক এই চাংসাৰিতেই স্থাপন কৰা হৈছিল৷
“এইমছখন আমাৰ ইয়াত সহজতে স্থাপন হোৱা নাছিল৷ এইমছৰ বাবে আমি ন বছৰ ধৰি সংগ্ৰাম কৰিবলগীয়া হৈছিল,” এইমছ নিৰ্মাণ সহায়ক সমিতিৰ সভাপতি মদন ডেকাই অসম বাৰ্তাক কয়।
“এইমছৰ বৰ্তমানৰ স্থান চাংসাৰিত নিৰ্বাচন কৰিবলৈ আমি প্ৰায় চাৰি বছৰ এক আইনী যুঁজৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল৷ ২০১৪ চনৰ আৰম্ভণিৰ পৰা ২০১৭ চনৰ নৱেম্বৰ মাহলৈ এই আইনী যুঁজ চলিছিল৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, প্ৰাক্তন সাংসদ ৰমেন ডেকা আৰু তেতিয়াৰ অসমৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমান মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থন আছিল আমাৰ মূল সাহস৷ এইমছে ৰাজ্যখনৰ স্বাস্থ্যসেৱা খণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলি আমি আশাবাদী,” ডেকাই কয়৷
স্থানীয় বাসিন্দাসকলে অসমৰ মুখ্যমন্ত্ৰী তথা তেওঁলোকৰ সমষ্টিৰ বিধায়ক ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ এইমছ নিৰ্মাণ সহায়ক সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বসন্ত শৰণীয়াই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে চাংসাৰিত এইমছ স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ ক্ষেত্ৰত ৰাজ্যখনৰ তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড॰ শৰ্মাই গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয়৷
স্থানীয় লোকসকল আজি নিজৰ এলেকাতে দেশৰ স্বাস্থ্যসেৱাৰ এটা মুখ্য প্ৰতিষ্ঠান থকাৰ গৌৰৱেৰে গৌৰৱাম্বিত৷
“আমি বৃহত্তৰ চাংসাৰিৰ চৌদিশে গুৰুত্বপূৰ্ণ উন্নয়ন প্ৰত্যক্ষ কৰিছোঁ৷ এইমছ কাৰ্য্যক্ষম হোৱাৰ পাছতেই প্ৰতিষ্ঠানটোৰ ৫ কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আন্তঃগাঁথনি আৰু ব্যৱসায়িক কাৰ্যকলাপ দ্ৰুতগতিত বৃদ্ধি পাইছে,” অঞ্চলটোৰ বাসিন্দা কুশল চন্দ্ৰ দাসে কয়৷
এইমছৰ সমীপৰ পূৰবী নগৰৰ বাসিন্দা আবুল কালামে (৩৮) কয়, “বহু ব্যৱসায়িক প্ৰতিষ্ঠানে চাৰিলেনযুক্ত ঘাইপথৰ দুয়োকাষে মাটি ক্ৰয় কৰা আমি দেখা পাইছোঁ৷ যোৱা চাৰি বছৰত প্ৰতি কঠা কৃষিভূমিৰ মূল্য ১৫,০০০ টকাৰপৰা ৩০-৩২ লাখ টকালৈ বৃদ্ধি পাইছে৷ ইয়াৰ পৰাই আপুনি অঞ্চলটোৰ উন্নয়নৰ বিষয়ে অনুধাৱন কৰিব পাৰে,” কালামে এই প্ৰতিৱেদকক জানিবলৈ দিয়ে৷
ধোপাটৰী বজাৰৰ এজন ব্যৱসায়ী আজিজুল আমিনে (৪৮) এই প্ৰতিৱেদকক কয় যে, “এই গেলামালৰ দোকানখনত মোৰ উপাৰ্জন সাত-আঠগুণ বৃদ্ধি পাইছে৷ মই জনাত বাকীসকলৰো উপাৰ্জন এনেদৰেই বৃদ্ধি পাইছে,” তেওঁ কয়৷
এইমছৰ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড॰ অশোক পুৰাণিকে এই প্ৰতিৱেদকক জনায় যে তিনিটা বিশেষ উদ্দেশ্যৰ কথা মনত ৰাখি এইমছৰ প্ৰতিষ্ঠা কৰা হৈছিল : ক) অত্যাধুনিক ৰোগী শুশ্ৰূষা, খ) উন্নত মানৰ চিকিৎসা শিক্ষা আৰু গ) অত্যাধুনিক গৱেষণা প্ৰতিষ্ঠান৷
ড॰ অশোক পুৰাণিকে কয় যে ২০২২ চনৰ আগষ্টৰপৰা টেলিমেডিচিনৰ জৰিয়তে ৰোগী শুশ্ৰূষা সেৱা আৰম্ভ হৈছিল৷ স্থানীয় বাসিন্দাসকলৰ বাবে বহিঃৰোগ বিভাগ সীমিতভাৱে কাৰ্যকৰী হয় ২০২২ চনৰ ছেপ্টেম্বৰৰপৰা৷ “বেছিভাগ নিদানিক বিভাগেই কাৰ্যক্ষম কৰি তোলা হৈছে৷ বহিঃৰোগ বিভাগত দৈনিক গড়ে ১৫০জন ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে,” ডাঃ পুৰাণিকে কয়৷