উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাৰ পথ প্ৰশস্ত কৰিবলৈ খনিজ মন্ত্ৰ্যালয়ে কয়লা মন্ত্ৰ্যালয় আৰু অসম চৰকাৰৰ সহযোগত গুৱাহাটীত দ্বিতীয় উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ সন্মিলনৰ আয়োজন কৰে। ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীৰে আয়োজিত এই সন্মিলনত কেন্দ্ৰীয় কয়লা আৰু খনিজ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে অংশগ্ৰহণ কৰে।
সন্মিলনত ভাষণ আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশ সংৰক্ষণৰ বাবে আইনসন্মত আৰু প্ৰকৃতিৰ ক্ষতি নোহোৱাকৈ খননৰ ব্যৱস্থা কৰা উচিত।”
তেখেতে লগতে উল্লেখ কৰে যে খননৰ পৰ্যবেক্ষণ আৰু কাৰ্যকৰী ব্যৱস্থাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহায় আৰু প্ৰযুক্তিগত পৰামৰ্শ আগবঢ়াব।
এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে বহনক্ষম আৰু বৈজ্ঞানিক খননক উৎসাহিত কৰা, খনিজ সম্পদৰ ক্ষেত্ৰত ব্যৱসায়িক সুবিধা উন্নত কৰা আৰু অঞ্চলভিত্তিক উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সমন্বয় শক্তিশালী কৰা।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰসমূহক আন খনিজ-সমৃদ্ধ ৰাজ্যসমূহৰ দৰে সময়সীমা নিৰ্ধাৰিত আৰু কাৰ্য পৰিকল্পনা গ্ৰহণ কৰি খনিজ সম্পদৰ পূৰ্ণ সদ্ব্যৱহাৰ নিশ্চিত কৰাৰ আহ্বান জনায়।
সন্মিলনত “Geological Potential on North East and Mining in India’s North East”, “Coal Resources and Exploration in Northeast Region” আৰু “Commercial Coal Mining in NER” শীৰ্ষক কেইবাখনো গুৰুত্বপূৰ্ণ নথিপত্র/গ্ৰন্থ মুকলি কৰা হয়। ইয়াৰ লগতে জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন কেন্দ্ৰীয়-ৰাজ্য সংস্থাৰ মাজত খনিজ পদাৰ্থৰ অনুসন্ধান আৰু অঞ্চলৰ উন্নয়নৰ বাবে কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।
সন্মিলনত অংশগ্ৰহণৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “প্রচুৰ প্রাকৃতিক সমলেৰে সমৃদ্ধ উত্তৰ-পূর্বাঞ্চলৰ খনিজাত খণ্ডতো অপৰিসীম সম্ভাৱনা বিদ্যমান।
দ্বিতীয় উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ সন্মিলন অঞ্চলটোৰ খনিজাত ভৱিষ্যতৰ পৰিকল্পনাৰ এটি উৎকৃষ্ট প্লেটফৰ্ম। এই সন্মিলনত পৰিৱেশৰ আৱশ্যকতাসমূহৰ সৈতে সামঞ্জস্য ৰাখি সকলো উত্তৰ-পূবৰ ৰাজ্য আৰু ঔদ্যোগিক অংশীদাৰে এটি নতুন ৰূপৰেখা প্রস্তুতিৰ লক্ষ্যৰে একত্ৰিত হৈছে।”
“পৰিৱেশৰ সৈতে সমতা স্থাপনেৰে উন্নয়নত প্রাধান্য দিয়াৰ মাননীয় প্ৰধান মন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াৰ দৃষ্টিভংগীৰ সৈতে মিল খোৱা এই সন্মিলন স্থায়িত্ব আৰু শূন্য অপচয় খনিজ বিষয়ত কেন্দ্ৰীভূত হৈছে। অসমে শেহতীয়াকৈ এই খণ্ডত ৪৬,০০০ কোটি টকাৰো অধিক প্ৰতিশ্ৰুতি লভিবলৈ সক্ষম হৈছে আৰু আমি ক্ষুদ্ৰ খনিজ অনুসন্ধান কার্য বৃদ্ধিৰ বাবে ‘ৰাজ্যিক খনিজ অনুসন্ধান ট্রাষ্ট’ৰ অনুমোদন প্রদান কৰিছোঁ,” মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।










