উদ্যমিতাৰ ক্ষেত্ৰখনক উৎসাহিত কৰি শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হয় উত্তৰ-পূব এম এছ এম ই কনক্লেভ ২০২৫। উক্ত কাৰ্যসূচীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য উপস্থিত থাকে। কনফিডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চি আই আই)-ৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়াই ৰাজ্যপালগৰাকীয়ে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে এই সন্মিলনক উদ্যোগ, উদ্ভাৱন আৰু বিকাশক উদগনি যোগোৱাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰে। তেখেতে উদ্যোগপতিসকলক উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰি যুৱ প্ৰশিক্ষণ, দক্ষতা বিকাশ আৰু বিশ্ব বজাৰত অসমৰ স্থানীয় সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেখেতে এম এছ এম ই খণ্ডৰ জৰিয়তে বাঁহ, চাহ, মূগা, ৰেচম আৰু হস্তশিল্পৰ সৈতে জড়িত সামগ্ৰীসমূহক বিশ্ব বজাৰত এক সম্পদৰূপে প্ৰতিষ্ঠা কৰাৰ কথা উল্লেখ কৰে। তেখেতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এম এছ এম ই খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ যেনে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, উদ্যোগ সাথী এপ, সমৰ্থ আঁচনি আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে ক্ৰেডিট গ্যেৰাণ্টি ফাণ্ড ট্ৰাষ্ট আদিৰ কথা উল্লেখ কৰে। ইয়াৰ লগতে অসম চৰকাৰৰ বিভিন্ন পদক্ষেপ যেনে অসম ষ্টাৰ্টআপ নীতি, উদ্যোগ আৰু বিনিয়োগ নীতি আদিৰো প্ৰশংসা কৰে। এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ মূল অংশীদাৰসকলে যোগদান কৰে আৰু অঞ্চলটোত এম এছ এম ই খণ্ডৰ কেনেদৰে পৰিৱৰ্তন আনিব পাৰি, সেই বিষয়ত আলোচনা কৰা হয়।