অসম বাৰ্তা, নতুন দিল্লী
চাবিৰ নিছাত
দেশৰ ৰাজধানী চহৰ দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত তিনিদিনীয়া কাৰ্যসূচীৰে শেহতীয়াকৈ অনুষ্ঠিত হয় ‘অষ্টলক্ষ্মী মহোৎসৱ’। এই মহোৎসৱৰ প্ৰতি দিল্লীৰ আন বাসিন্দাসকলৰ লগতে দিল্লীত বসবাস কৰা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে অভূতপূৰ্ব সঁহাৰি আগবঢ়ায়।
৬-৮ ডিচেম্বৰলৈ আয়োজিত এই মহোৎসৱটি প্ৰথমবাৰৰ বাবে উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয় (ড’নাৰ), উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম (এনইএইচএইচডিচি) আৰু ইনভেষ্ট ইণ্ডিয়াৰ যৌথ উদ্যোগত আয়োজন কৰা হয়। এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ চহকী ঐতিহ্য, সংস্কৃতি, শিল্পকলা আদি বাণিজ্যিক দৃষ্টিভংগীৰে প্ৰদৰ্শন কৰা হৈছিল।
উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক সাধাৰণতে ‘অষ্টলক্ষ্মী’ হিচাপে অভিহিত কৰা হয়। তদুপৰি ৰাজ্যসমূহে ভাৰতৰ সামাজিক-সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনন্য অৱদানৰ বাবে সমৃদ্ধিৰ আঠটা ৰূপ হিচাপেও গণ্য কৰা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মহোৎসৱ শুভ উদ্বোধন কৰি কয়, “উত্তৰ-পূৰ্বাঞ্চল হৈছে ভাৰতৰ অষ্টলক্ষ্মী।” উত্তৰ-পূৰ্বাঞ্চলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে উদযাপিত এই মহোৎসৱৰ জৰিয়তে উন্নয়নৰ নতুন দিগন্তৰ সূচনা হ’ব বুলি মোদীয়ে উল্লেখ কৰি ‘বিকশিত ভাৰত’ৰ লক্ষ্য প্ৰাপ্তিৰ দিশলৈ আগুৱাই যোৱা বুলিও সদৰী কৰে।
“অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিম – উত্তৰ-পূৰ্বাঞ্চলৰ এই আঠখন ৰাজ্যত অষ্টলক্ষ্মী বিৰাজমান,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
তদুপৰি নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকাৰ কথা উল্লেখ কৰি কয়,“একবিংশ শতিকাটো হৈছে – পূবৰ, এছিয়াৰ, ভাৰতৰ। মই দৃঢ় বিশ্বাসী যে ভাৰতৰ অনাগত দিনবোৰ পূব ভাৰত অৰ্থাৎ আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উন্নয়নৰ প্ৰতীক হৈ ৰ’ব। বিগত দশকবোৰত আমি বেংগালুৰু, মুম্বাই, হায়দৰাবাদ, আহমেদাবাদ, দিল্লী, চেন্নাই আদিৰ দৰে বৃহৎ চহৰবোৰৰ উত্তৰণ দেখিবলৈ পাইছোঁ, ঠিক একেদৰে আগন্তুক দশকত আগৰতলা, গুৱাহাটী, গেংটক, আইজল, শ্বিলং, ইটানগৰ, কোহিমা আদি চহৰত নতুন সম্ভাৱনা দেখিবলৈ পাম। এইক্ষেত্ৰত অষ্টলক্ষ্মীৰ দৰে অনুষ্ঠানে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”
“আমি উত্তৰ-পূৰ্বাঞ্চলৰ লগত আৱেগ, অৰ্থনীতি আৰু পৰিৱেশতন্ত্ৰৰ ত্ৰিৱেণী সংগমৰ সৈতে সংযোগ স্থাপন কৰিছোঁ,” তেখেতে পুনৰ কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, “উত্তৰ-পূৰ্বাঞ্চলত আমি কেৱল আন্তঃগাঁথনি নিৰ্মাণ কৰাই নহয়, ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটিও গঢ়ি তুলিছোঁ।”
তেখেতে কয় যে উত্তৰ-পূব ভাৰত প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত অত্যন্ত চহকী। “খনিজ সম্পদ, তেল আৰু জৈৱ-বৈচিত্ৰ্যৰ সমাহাৰে উত্তৰ-পূৰ্বাঞ্চলক চহকী কৰি তুলিছে। এই অঞ্চলত নৱীকৰণযোগ্য শক্তিৰ অপাৰ সম্ভাৱনা আছে। এই ধনলক্ষ্মী উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আশীৰ্বাদস্বৰূপ,” নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে।
“প্ৰাকৃতিক কৃষি আৰু মিলেটৰ বাবে আমাৰ উত্তৰ-পূৰ্বাঞ্চল জনাজাত। ছিকিমক প্ৰথমখন জৈৱিক ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে আমি গৌৰৱবোধ কৰোঁ,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় মন্ত্ৰীসকল, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উক্ত অনুষ্ঠানত উপস্থিত থাকে।
তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই মহোৎসৱত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰা হয়।
এই মহোৎসৱে উত্তৰ-পূবৰ বস্ত্ৰশিল্প, হস্তশিল্প আৰু অন্যান্য ভৌগোলিক সূচক অৰ্থাৎ জি আই টেগযুক্ত সামগ্ৰী প্ৰদৰ্শন কৰিবলৈ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছিল।
এই মহোৎসৱৰ এটি বিশেষ আকৰ্ষণ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পীসকলৰ দ্বাৰা আয়োজিত ফেশ্বন শ্ব’। ফেশ্বন জগতৰ সৈতে জড়িত বিখ্যাত প্ৰসাদ বিদাপাৰদ্বাৰা পৰিচালিত বিশেষ ফেশ্বন শ্ব’ত উত্তৰ-পূবৰ শীৰ্ষস্থানীয় ডিজাইনাৰসকল ক্ৰমে জেনজুম গাডি (অৰুণাচল প্ৰদেশ), প্ৰিয়ংকা ডি পাটোৱাৰী (অসম), ডেনিয়েল চেইম (মেঘালয়), ৰিচানা খুনমানথেম (মণিপুৰ), পেট্ৰিছিয়া জাডেং (মিজোৰাম), বাম্বি কেৱিচুছা (নাগালেণ্ড), কৰ্মা সোনাম ভূটিয়া (ছিকিম) আৰু জ্যোৎস্না দেৱবর্মা (ত্ৰিপুৰা)-ই সমসাময়িক ডিজাইনৰ সৈতে পৰম্পৰাগত সাজপাৰৰ সংমিশ্ৰণ, যেনে মুগা ৰেচমৰ গাউন আৰু এৰী ৰেচমৰ চাদৰ আদিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
অনুষ্ঠানটোৰ অন্য এটা প্ৰধান আকৰ্ষণ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন আকৰ্ষণীয় স্থান AR-VRৰ জৰিয়তে প্ৰদৰ্শন। ইয়াত শ্বেৰগাঁও (অৰুণাচল প্ৰদেশ), কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (অসম), মৈৰাং (মণিপুৰ), ছোহৰা (মেঘালয়), থেঞ্জাৱল (মিজোৰাম), নামচি (ছিকিম), কিছামা গাঁও (নাগালেণ্ড),মাতাবাৰী (ত্ৰিপুৰা) আদি অন্তৰ্ভুক্ত কৰা হৈছিল।
বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প, কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহ, পৰ্যটন, শিক্ষা আৰু দক্ষতা বিকাশ ক্ষেত্ৰত বিনিয়োগৰ সুযোগসমূহক লৈ বিনিয়োগকাৰী, ৰাজ্যিক প্ৰতিনিধি, উদ্যোগৰ সৈতে জড়িত প্ৰতিনিধি আৰু উদ্যমীসকলৰ মাজত আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল।
উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যই বিনিয়োগৰ সুযোগসমূহৰ লগতে বিনিয়োগৰ বাবে সাজু কৰা প্ৰকল্পসমূহৰ সন্দৰ্ভত বিনিয়োগকাৰীসকলৰ সন্মুখত উপস্থাপন দাঙি কৰিছিল।
উত্তৰ-পূৰ্বাঞ্চলৰ ডাকটিকট পেভিলিয়নত অঞ্চলটোৰ সমৃদ্ধ ডাক ঐতিহ্যও প্ৰদৰ্শন কৰা হৈছিল।