ইতিহাসপ্ৰসিদ্ধ আহোম শাসনকালৰ সমাধি থল ‘মৈদাম’ৰ নাম আনুষ্ঠানিকভাৱে লিপিবদ্ধ হ’ল ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক সাংস্কৃতিক সংস্থা (ইউনেস্ক’)ৰ বিশ্ব ঐতিহ্য তালিকাত। ২৬ জুলাইত নতুন দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬সংখ্যক অধিৱেশনত অসমবাসীৰ বাবে গৌৰৱৰ এই মুহূৰ্তটোৰ সাক্ষী হয় উপস্থিতসকল। চৰাইদেউৰ মৈদামে ভাৰতৰ ৪৩সংখ্যক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি লাভ কৰিছে।
এই ঘোষণাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লাসেৰে ‘এক্স’ সামাজিক মাধ্যমত বাৰ্তা প্ৰেৰণ কৰে, “এয়া ভাৰতৰ বাবে অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়। পূৰ্বপুৰুষসকলৰ প্ৰতি শ্ৰদ্ধাৰ চানেকি এই চৰাইদেউৰ মৈদামসমূহ হৈছে আহোম শাসনৰ সাংস্কৃতিক পটভূমিৰ প্ৰতীক। এতিয়া অধিকসংখ্যকে মহান আহোম শাসন আৰু সংস্কৃতিৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিব। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত মৈদামৰ অন্তৰ্ভুক্তি মোৰ বাবে অতি আনন্দৰ বাৰ্তা।”
এই সন্মানীয় স্বীকৃতি লাভৰ যাত্ৰাৰ অগ্ৰদূত আছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। ২০২৩ বৰ্ষত তেখেতে এই প্ৰাচীন মৈদামসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভাৰতৰ চৰকাৰী মনোনয়ন হিচাপে দাখিল কৰিছিল।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ইয়াক ভাৰতৰ বাবে গৌৰৱময় মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁৰ ‘এক্স’ সামাজিক মাধ্যমত কয়, “অসমৰ চৰাইদেউৰ এই ৰাজকীয় সমাধিস্তূপসমূহত অসমৰ স্বৰ্গদেউ-ৰাজমাদৈসকলৰ স্মৃতি বিজড়িত আছে। এই আহোমে বিশাল মোগল সৈন্যক কেইবাবাৰো পৰাজিত কৰিছিল। এই স্বীকৃতিয়ে অসমৰ ইতিহাসক বিশ্বব্যাপী পৰিচয় প্ৰদান কৰিব।”
চৰাইদেউৰ মৈদামসমূহৰ স্থপতিবিদ্যাই আহোম ৰাজবংশৰ ইতিহাসক সংৰক্ষণ কৰিছে আৰু ইয়াৰ তুলনা প্ৰাচীন ইজিপ্তীয় সভ্যতাৰ ফাৰ’ আৰু ৰজাসমূহৰ সমাধিথল পিৰামিডৰ সৈতে কৰিব পাৰি।
ইউনেস্ক’ৰ তালিকাত এই ঐতিহ্য ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্য হৈছে বিশ্বৰ ১৯৫খন দেশৰ অ’ইউভি (অসামান্য সাৰ্বজনীন মূল্যবোধ)ৰ আধাৰত চিহ্নিত সাংস্কৃতিক, প্ৰাকৃতিক আৰু মিশ্ৰিত ক্ষেত্ৰসমূহৰ ঐতিহ্য অংশীদাৰীৰূপত সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
এই ঘোষণাৰ পাছত কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে কয় যে এই ঐতিহাসিক স্বীকৃতিয়ে চৰাইদেউত থকা অসম আৰু ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ চানেকি আহোম স্বৰ্গদেউসকলৰ ৭০০ বছৰ পুৰণি সমাধি প্ৰথাক বিশ্বৰ সন্মুখত পৰিচয় প্ৰদান কৰিব।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত মৈদামসমূহৰ অন্তৰ্ভুক্তি হৈছে ইয়াৰ অসামান্য সাৰ্বজনীন মূল্যৰ প্ৰমাণ। আন্তৰ্জাতিক স্মৃতিস্তম্ভ আৰু ক্ষেত্ৰ পৰিষদে মৈদামসমূহক সাংস্কৃতিক পৰম্পৰাৰ ব্যতিক্ৰমী সাক্ষ্য আৰু মানৱ ইতিহাসৰ গুৰুত্বপূৰ্ণ পৰ্যায়ৰ চানেকি হিচাপে অভিহিত কৰে। “এই স্বীকৃতিয়ে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগ আৰু অসম চৰকাৰৰ এই ঐতিহাসিক সম্পদসমূহৰ সংৰক্ষণৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে”, মন্ত্ৰীগৰাকীয়ে কয়।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত মৈদামসমূহৰ অন্তৰ্ভুক্তিক “অসমৰ বিজয়” বুলি অভিহিত কৰে।
ঘোষণাৰ পাছতেই ‘এক্স’ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এয়া বৃহৎ…। অসমৰ মৈদামে সাংস্কৃতিক ক্ষেত্ৰৰ শ্ৰেণীত ইউনেস্ক’ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভ কৰিছে – এয়া অসমৰ বিজয়।”
তেওঁ লগতে উল্লেখ কৰে,“চৰাইদেউৰ মৈদামসমূহে অসমৰ তাই-আহোমসকলৰ গভীৰ আধ্যাত্মিক বিশ্বাস, সমৃদ্ধ সভ্যতাৰ ঐতিহ্য আৰু স্থাপত্যকলাৰ দক্ষতাক মূৰ্তময় কৰে।”
‘এক্স’ সামাজিক মাধ্যমত আন এটা প’ষ্টত তেওঁ উল্লেখ কৰে, “এয়া সাংস্কৃতিক শ্ৰেণীৰ অধীনত প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ইউনেস্ক’ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্তি। কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পাছত এয়া হৈছে অসমৰ তৃতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ।” মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে ‘AwesomeAssam’ৰ অনুভৱ হৃদয়ংগম কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্বীকৃতিৰ আঁৰত প্ৰধানমন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰি কয়, “মৈদামক লৈ প্ৰধানমন্ত্ৰীগৰাকীৰ অনুমোদন এই স্বীকৃতিৰ এক নিৰ্ণায়ক কাৰক আছিল, কিয়নো প্ৰতিখন দেশে এবছৰত মাত্ৰ এটাহে মনোনয়ন পঠিয়াব পাৰে।”কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সাফল্যৰ আনন্দ ভাগ-বাটোৱাৰা কৰে। “মহান আহোম স্বৰ্গদেউসকলৰ বীৰত্ব আৰু অদম্য ইতিহাসক মূৰ্ত কৰি তোলা চৰাইদেউৰ মৈদাম অসমীয়াৰ আত্মসন্মান আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতীক হিচাপে থিয় দি আছে,” তেওঁ ‘এক্স’ সামাজিক মাধ্যমত উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ কেন্দ্ৰীয় প্ৰত্নতাত্ত্বিক বিভাগৰ প্ৰাক্তন সঞ্চালক ড০ কে চি নৌৰিয়ালক মৈদাম সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ সমিতিৰ নেতৃত্ব দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। সমিতিখনত আছিল ড০ যোগেন ফুকন, ড০ দয়ানন্দ বৰগোহাঁই, ড০ দিলীপ বুঢ়াগোহাঁই, অধ্যাপক জিতেন বৰপাত্ৰ গোহাঁই আৰু ড০ জাৰিৰুল আলম।