নৱ ঠাকুৰীয়া
৭৯সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্তৱৰ্তী একাংশ স্থানীয় অঞ্চলত জনগাঁথনি সলনি কৰাৰ অনুপ্ৰৱেশ আৰু সুপৰিকল্পিত ষড়যন্ত্ৰৰ বিৰুদ্ধে বক্তব্য আগবঢ়ায়, যিটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে। তেখেতৰ এই উদ্বেগক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ গুৱাহাটীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত প্ৰতিধ্বনিত কৰে।
ভাৰতীয় জনতা পাৰ্টিৰ নেতাগৰাকীয়ে অসমত অনুপ্ৰৱেশকাৰীৰ ভাবুকি মচি পেলোৱাৰ প্ৰতিজ্ঞা কৰি ইয়াৰ দ্বাৰা বেদখল কৰা প্ৰতিটো ইঞ্চি ভূমি পুনৰ উদ্ধাৰ নোহোৱালৈকে দখলকাৰী লোকসকলৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ইংগিত দিয়ে। পূৰ্বৰ চৰকাৰসমূহৰ অধীনত থকা আমোলাতন্ত্ৰৰ ওপৰত দোষ দি মুখ্যমন্ত্ৰীয়ে সকীয়াই দিয়ে যে সন্দেহযুক্ত বিদেশী নাগৰিকৰ আগ্ৰাসনে ইতিমধ্যে পশ্চিম অসমৰ জনগাঁথনি (মুছলমানৰ জনসংখ্যা বৃদ্ধি কৰি) সলনি কৰি পেলাইছে, কিন্তু তেখেতে দৃঢ়তাৰে কয় যে ৰাজ্যখনৰ পূব প্ৰান্তত একে কাম কৰাৰ অন্তৰ্নিহিত প্ৰচেষ্টাক সংযত কৰিব লাগিব। এতিয়া বেদখলকাৰীৰ দখলদাৰী মানসিকতাক নিৰীক্ষণ কৰি অসম আৰু অসমীয়াই আগবাঢ়ি আহিব লাগিব বুলি স্পষ্টবাদী নেতাগৰাকীয়ে দৃঢ়তাৰে কয় আৰু লগতে কয় যে খিলঞ্জীয়া জনসাধাৰণৰ জাতি-মাটি-ভেটিক সুৰক্ষিত কৰিব লাগিব।
অসম চৰকাৰে বৰ্তমান বিভিন্ন জিলা, বনাঞ্চল আৰু জলাশয়ত ব্যাপক উচ্ছেদ অভিযান চলাই শত সহস্ৰ বিঘা চৰকাৰী ভূমি উদ্ধাৰ কৰিছে। এই অভিযান ৰাষ্ট্ৰীয় তথা আন্তর্জাতিক সংবাদমাধ্যমৰো আগ্ৰহৰ বিষয় হৈ পৰিছে। তেখেতে ৰাজহুৱাভাৱে উল্লেখ কৰিছে যে কোনো বিশেষ সম্প্ৰদায়ৰ (বাংলাদেশমূলীয় মুছলমান) জনসাধাৰণৰ জনগাঁথনিগত আক্ৰমণ ৰোধ কৰিবলৈ এই পদক্ষেপ প্ৰয়োজনীয় আছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিযানক “ভূমি জেহাদ” বুলি অভিহিত কৰি কৈছিল, “আমি আমাৰ সংস্কৃতি, ভূমি আৰু মন্দিৰ হেৰুওৱাইছোঁ। বহু সময়ত আমি জীয়াই থকাৰ বাবে হাহাকাৰ কৰিছোঁ (নিশ্চিতভাৱে প্ৰতিশোধৰ বাবে নহয়)। কোনোবাই হয়তো ইয়াক পৰাজিত যুদ্ধ বুলি চিনাক্ত কৰিব পাৰে, কিন্তু আইনৰ পৰিসৰৰ ভিতৰতে অসমৰ বাবে আমাৰ যুঁজখন অব্যাহত ৰাখিব।”
তেখেতে কৈছিল যে বৰ্তমানৰ জনসংখ্যাগত অনুসৰি ২০৪১ চনত অসমত মুছলিম জনসংখ্যা ৫০ শতাংশ অতিক্ৰম কৰিব পাৰে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ৰাজ্যৰ ৩.১২ কোটি জনসংখ্যাৰ ৩৪ শতাংশই সংখ্যালঘু ধর্মাৱলম্বী। ইয়াৰ পৰা ৩ শতাংশক যদি খিলঞ্জীয়া অসমীয়া মুছলিম বুলি ধৰা যায়, তেন্তে বাকী ৩১ শতাংশ বাংলাদেশ মূলৰ মুছলিম বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। তেখেতে কৈছিল যে ধুবুৰী, মৰিগাঁও, বৰপেটা, নগাঁও, দক্ষিণ শালমৰা-মানকাচৰ, গোৱালপাৰাৰ দৰে জিলাত এই সংখ্যাই স্থানীয় লোকসকলৰ বাবে বিপদ সৃষ্টি কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিল যে বৰ্তমানলৈকে চৰকাৰে বৰছলা, লামডিং, বুঢ়াপাহাৰ, পবা, বটদ্ৰৱা, চাপৰ, পাইকান, ৰেংমা আদিত চলা অভিযানত ১,১৯,৫৪৮ বিঘা ভূমি উদ্ধাৰ কৰিছে। প্ৰায় ১৬০ বৰ্গ কিলোমিটাৰ চৰকাৰী মাটি ঘূৰাই পোৱাৰ হেতু চলোৱা অভিযানৰ বাবে প্ৰায় ৫০ হাজাৰ লোক এই অভিযানৰ ফলত প্ৰভাৱিত হৈছিল। লগতে তেখেতে ঘোষণা কৰিছিল যে চৰকাৰে ৯২২খন সত্ৰৰ অন্তৰ্গত বৰপেটা, নগাঁও, বজালী আৰু লখিমপুৰ জিলাৰ ৭,০৪০ বিঘাৰো অধিক মাটি পুনৰ উদ্ধাৰৰ লক্ষ্যৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ চৰকাৰৰ সংকল্পও পুনৰ উল্লেখ কৰে।
এই চৰকাৰী পদক্ষেপে বিভিন্ন জাতিগত সংগঠনক অনুপ্ৰাণিত কৰিছে “মিঞা” (বাংলাদেশ মূলৰ মুছলিম) উচ্ছেদৰ দাবীত আন্দোলন আৰম্ভ কৰিবলৈ। উত্তৰ-পূব ছাত্ৰ সংগঠনে শেহতীয়াকৈ অঞ্চলটোৰ বিভিন্ন প্ৰান্তত এক বিক্ষোভ প্ৰদৰ্শন কৰি অবৈধ প্ৰব্ৰজনকাৰীক জৰুৰীভাৱে বিতাড়নৰ দাবী জনাইছিল যিয়ে তেওঁলোকৰ জন্মভূমিৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিব পাৰে।
ইতিমধ্যে কিছু লোকে নতুন এক বর্ণনা কৰি কৈছে যে উদ্ধাৰ কৰা ভূমি এডভাণ্টেজ আছাম ২.০-ৰ অংশ হিচাপে ৰাজনৈতিক পক্ষৰ সহায়ত উদ্যোগপতিসকলক হস্তান্তৰ কৰা হ’ব। তেওঁলোকৰ দাবী, এই ভূমি ব্যৱসায়িক স্বাৰ্থৰ বাবে ব্যৱহৃত হ’ব আৰু স্থানীয় লোকসকলৰ কোনো লাভ নাথাকিব। এনে যুক্তি দেখুৱাই তেওঁলোকে অসমবাসীক বুজাবলৈ চেষ্টা কৰিছে যে উদ্যােগপতিসকল অনুপ্ৰৱেশকাৰীতকৈ বিপদজনক। এতিয়া অসমবাসীৰ সন্মুখত প্ৰশ্ন – কোন বেছি বিপদজনক: কৰ্পোৰেট নে অবৈধ অনুপ্ৰৱেশকাৰী, যাৰ বিৰুদ্ধে ১৯৮০ৰ দশকত ছয় বছৰীয়া অসম আন্দোলন হৈছিল?
সম্প্ৰতি জমিয়ত উলামা-ই-হিন্দৰ নেতা মহমুদ মাদানীয়ে অসমত চলি থকা উচ্ছেদ অভিযানৰ দোষ দি মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰি তেখেতক ঘৃণা প্ৰকাশৰ আইনৰ অধীনত বিচাৰ কৰিবলৈ কৈছিল। তাৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক “বুঢ়া আঙুলি” দেখুৱাই কৈছিল, “মোৰ গাত অসমীয়াৰ তেজ, শক্তি আৰু সাহস আছে।” বিজেপি কৰ্মী বুলিয়েই নহয়, সাধাৰণ অসমীয়াই মাদানীৰ এই মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিবাদ জনাই কৈছিল—অসমীয়াৰ অধিকাৰ, পৰিচয় আৰু স্বাধীনতা সুৰক্ষাৰ স্বাৰ্থত এই অভিযান চলি থাকিবই।
(লেখকঃ উত্তৰ-পূব ভাৰতৰ সাংবাদিকতাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ অভিজ্ঞতা থকা এগৰাকী সাংবাদিক)










