কাছাৰৰ দয়াপুৰ চাহ বাগিচাৰ চৰ্দাৰ শিশুপাল সাহুৱে ১৬ বছৰৰো অধিক কাল এই চাহ বাগিচাখনত কাম কৰি আহিছে। চাহ বাগিচাৰ শ্ৰমিক হিচাপে ওৰেটো জীৱন কাম কৰি যোৱাৰ পণ লোৱা শিশুপাল এটি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তানৰ পিতৃ। শিশুপালে চাহ বাগিচাখনত কাম কৰিয়েই মাতৃহাৰা সন্তান দুটিক যাতে সম্ভাব্য সকলো সা-সুবিধা দিব পাৰে, তাৰ বাবে নিজৰ প্ৰচেষ্টা আগবঢ়াই আহিছে। শিশুপালৰ মন- নিজৰ কষ্টোপাৰ্জিত ভৱিষ্যনিধিৰ জমাৰাশি পৰিয়ালৰ বাবে সু-প্ৰয়োগ কৰা।
শিশুপালৰ দৰে আন চাহ শ্ৰমিক-কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙাই অসম চাহ শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনে যোৱা ৫ জানুৱাৰীত শিলচৰত মুকলি কৰে ই-নিধি (eNiDHi) শীৰ্ষক ভৱিষ্যনিধিৰ এটি বিশেষ ম’বাইল এপ্। শিশুপালে এই এপটো ব্যৱহাৰ কৰি যথেষ্ট উপকৃত হৈছে বুলি অসম বাৰ্তাৰ প্ৰতিৱেদকক জানিবলৈ দিয়ে।
“পুৱা ৮ বজাৰপৰাই আমি চাহ-বাগিচাত কাম আৰম্ভ কৰোঁ। চাহ-বাগিচাখনেই আমাৰ বাবে ঘৰ সদৃশ। ইয়াৰপৰাই আমি আমাৰ প্ৰাপ্য মজুৰি লাভ কৰোঁ। এইক্ষেত্ৰত ভৱিষ্যনিধিৰ ধনৰাশিয়ে আমাক সুৰক্ষা প্ৰদানৰ দিশত আশ্বাস প্ৰদান কৰিছে। আমাৰ ভৱিষ্যৎ জীৱনৰ অন্যতম ভৰসা হৈছে- ভৱিষ্যনিধিৰ জমাৰাশি। ই-নিধি এপটোৰ জৰিয়তে আমি এতিয়া সহজতে এই জমাৰাশিৰ বিষয়ে জানিবলৈ সক্ষম হৈছোঁ,” শিশুপালে উল্লেখ কৰে।
তেখেতে লগতে কয়, “আগতে আমি কাৰ্যালয়লৈ আহি পিএফ বাবুৰপৰা ভৱিষ্যনিধিৰ জমাৰাশি বা ইয়াৰ লগত জড়িত আন দিশসমূহৰ বিষয়ে জানিবলৈ পাইছিলোঁ। কিন্তু এতিয়া আমি ঘৰত থাকিয়েই ম’বাইলটোত সকলো তথ্য লাভ কৰোঁ। এই এপটোৱে আমাৰ সময় ৰাহি কৰাৰ লগতে চৰকাৰী ব্যৱস্থাটোৰ প্ৰতি অধিক বিশ্বাস গঢ়ি তুলিছে।”
শিশুপালৰ দৰে চাহ বাগিচাখনৰ ভৱিষ্যনিধিৰ কাম-কাজসমূহ চোৱা-চিতা কৰা (পিএফ ক্লাৰ্ক) সঞ্জীৱ দাসেও এই সন্দৰ্ভত সহমত প্ৰকাশ কৰে।
“ভৱিষ্যনিধি জমাৰাশিৰ বৰ্তমানৰ স্থিতি, অগ্ৰিম ধন লাভৰ প্ৰক্ৰিয়া আদিৰ বিষয়ে জানিবলৈ শ্ৰমিকসকলে আমাৰ সৈতে যোগাযোগ কৰে। গতিকে ইয়াৰ সৈতে এক দীঘলীয়া প্ৰক্ৰিয়া জড়িত হৈ আছে। এতিয়া তেওঁলোকে অপেক্ষা কৰিব নালাগে বা কাৰ্যালয়লৈ বাৰে বাৰে অহাৰ প্ৰয়োজন নাই। ম’বাইল এপটোৰ বৈশিষ্ট্য অনুসৰি সময়মতে তথ্যসমূহ লাভ কৰিব পাৰিছে। এইক্ষেত্ৰত শিলচৰৰ মণ্ডল কাৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি আমাৰ চাহ বাগিচাৰ ভৱিষ্যনিধি সদস্যসকলৰ সকলো তথ্য অনলাইনযোগে আপডেট কৰা হৈছে,” সঞ্জীৱে কয়।
চাহ শ্ৰমিক-কৰ্মচাৰীসকলৰ কল্যাণৰ সৈতে জড়িত এই গোটেই প্ৰক্ৰিয়াটোৰ আঁৰৰ অন্যতম মূল ব্যক্তিগৰাকী হৈছে ভৱিষ্যনিধি আয়ুক্ত সুৰজিৎ দাস। তেখেতৰ চিন্তাৰ ফচল হিচাপে ই-নিধিৰ ফলপ্ৰসূ ৰূপায়ণ হয়।
“ই-নিধি ম’বাইল এপৰ জৰিয়তে ১২ লাখৰো অধিক শ্ৰমিক লাভান্বিত হ’ব। ভৱিষ্যনিধিৰ সদস্যসকলে এপটো ব্যৱহাৰৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি বিশেষ লক্ষ্য দিয়া হৈছে। ভৱিষ্যনিধি সংগঠন (ATEPFO)ৰ তৰফৰপৰা চাহ শ্ৰমিক-কৰ্মচাৰীলৈ বিশেষ উপহাৰো বুলি ক’ব পাৰি। ন্যূনতম ব্যয় সাপেক্ষে এই এপটো প্ৰস্তুত কৰা হৈছে। মোৰ অৱসৰৰ প্ৰাকক্ষণত চাহ শ্ৰমিকসকলক এনে উপহাৰ দিবলৈ পাই মই সুখী অনুভৱ কৰিছোঁ,” সুৰজিৎ দাসে কয়।
তেখেতে লগতে কয়, “ই-নিধি এপটোৱে চৰকাৰী কাম-কাজসমূহ সৰলীকৃত কৰি তোলাৰ লগতে সম্পূৰ্ণ ব্যৱস্থাটোক স্বচ্ছ আৰু নিকা কৰি তুলিছে। চাহ বাগিচা অঞ্চলসমূহত প্ৰযুক্তিবিদ্যাই এতিয়া নতুন গতিৰে আগবাঢ়িছে। এই সফলতাৰ অন্যতম কৃতিত্বৰ অংশীদাৰ হৈছে ভৱিষ্যনিধি সংগঠনৰ এপ প্ৰস্তুতকৰ্তা প্ৰতিনিধি দলটো।”
ভৱিষ্যনিধি সংগঠনটোৰ চিষ্টেম মেনেজাৰ চিত্তৰঞ্জন গগৈয়ে অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক কয়, “৩ মাহৰ ভিতৰত এপ প্ৰস্তুতৰ কাম সমাপন কৰাটো আমাৰ বাবে এক প্ৰত্যাহ্বান আছিল। সুৰজিৎ দাস ডাঙৰীয়াৰ সদিচ্ছা, দিহা-পৰামৰ্শ আৰু অনুপ্ৰেৰণাই এই কামটোক সফল কৰি তোলাত সহায় কৰিছে। প্ৰাৰম্ভিক পৰ্যায় হিচাপে আমি কেইটিমান সেৱা অন্তৰ্ভুক্ত কৰিছোঁ যদিও পৰৱৰ্তী সময়ত নতুন সেৱা উপলভ্য কৰাৰ চিন্তা-চৰ্চাও কৰা হৈছে।”
শিলচৰত ই-নিধি এপ মুকলি কৰি শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিশানে সামাজিক মাধ্যমযোগে কয়, “এই এপটোৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিক, কৰ্মচাৰীসকলে ভবিষ্যনিধি জমাৰাশিৰ বিষয়ে তথ্য লাভ, সহজতে ই-পাছবুকৰ সবিশেষ লাভ, ব্যক্তিগত ৰচিদ ডাউনলোডৰ সুবিধা, ভৱিষ্যনিধিৰ সংলগ্ন দাবীসমূহৰ শেহতীয়া স্থিতিৰ সবিশেষ লাভ আৰু অন্যান্য সুফল ডিজিটেলভাৱে লাভ কৰিব পাৰিব। মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত চাহ শ্ৰমিক ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰা ই হৈছে এক অন্য অভিলাসী তথা গুৰুত্বপূৰ্ণ পদক্ষেপ।’’