আজিৰ পৰা কিছু বছৰ আগতে আপুনি যদি কোনো কামত চৰকাৰী কাৰ্যালয়লৈ গৈছিল, হয়তো দেখা পাইছিল জমা হৈ থকা ফাইলৰ দ’ম৷ বছৰৰ পাছত বছৰ ধৰি বিভিন্ন কামৰ ৰেকৰ্ড সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে নথি-পত্ৰবোৰ গোটাই ৰখাটো অতিকৈ দৰকাৰী৷ তাৰ মাজৰ কোনো এটা ফাইলত হয়তো জমা হৈ আছিল আপোনাৰ প্ৰয়োজনীয় নথি-পত্ৰসমূহ৷ যিবোৰ বিচাৰি উলিয়াবলৈ চৰকাৰী কৰ্মচাৰীয়ে অজস্ৰ ফাইল খুচৰিবলগীয়া হৈছিল আৰু আপুনিও আপোনাৰ কামটো সমাধা হোৱাৰ বাবে যথেষ্ট অপেক্ষা কৰিবলগীয়া হৈছিল৷
অসম চৰকাৰেও আপোনাৰ এই অসুবিধাৰ কথা অনুভৱ কৰিয়েই সেই পুৰণিকলীয়া পদ্ধতিৰ অৱসান ঘটাবলৈ যো-জা চলাইছে৷
এই উদ্দেশ্যেই ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ (এনআইচি) তত্ত্বাৱধানত ই-অফিচ নামেৰে এক বিশেষ উদ্যোগ হাতত লোৱা হৈছে৷ ই-অফিচ হৈছে এক ডিজিটেল ব্যৱস্থা যাৰ উদ্দেশ্য হ’ল চৰকাৰী কাৰ্যালয়ৰ কাৰ্যকলাপসমূহ সুশৃংখলিত আৰু স্বয়ংক্ৰিয় কৰা৷ ই এক ৱেব-আধাৰিত ছ’ফট্ৱেৰ যি চৰকাৰী কৰ্মচাৰীসকলক তেওঁলোকৰ কাম ডিজিটেল ৰূপত পৰিচালনা কৰাৰ লগতে নথি-পত্ৰ জাৰি আৰু সম্পাদনাৰ পৰা কামৰ স্থিতি নিৰীক্ষণ আৰু অনুমোদন জনোৱালৈ বিভিন্ন কামত সহায় কৰে৷
এনআইচি, অসমৰ ৰাজ্যিক ইণ্টেলিজেন্স অফিচাৰ ড॰ সুচিত্ৰা প্যাৰেলালে অসম বাৰ্তাক কয়, “অসমত ই-অফিচৰ সূচনা মিছন সদ্ভাৱনাৰ আৰম্ভণিৰ লগে লগে হৈছিল বুলি ক’ব পাৰি৷ বিভিন্ন প্ৰয়োজনীয় কামৰ বাবে সচিবালয়লৈ অহা নাগৰিকৰ সংখ্যা আৰু সমস্যা- দুয়োটাই হ্ৰাস কৰিবলৈ ২০২২ চনৰ ১ ফেব্ৰুৱাৰীত মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মিছন সদ্ভাৱনাৰ শুভাৰম্ভ কৰিছিল৷” অসম সচিবালয়ৰ সকলো বিভাগতে এতিয়া ই-অফিচ কাৰ্যকৰী কৰা হৈছে, যাৰ ফলত ডিজিটেল সচিবালয়ৰ পথো প্ৰশস্ত হৈছে৷
“মই ২০২১ চনত সমগ্ৰ শিক্ষা অভিযানৰ ৰেকৰ্ড ডিজিটাইজেশ্যন কৰি ই-অফিচৰ সৈতে পৰীক্ষামূলকভাৱে পৰিচিত হৈছিলোঁ৷ তেতিয়া ই বিশেষ গতি লাভ কৰা নাছিল৷ কিন্তু, যেতিয়া মুখ্যমন্ত্ৰীয়ে ই-অফিচৰ সফল ৰূপায়ণৰ বাবে এটা নীতি তৈয়াৰ কৰিলে, ইয়াৰ দৃশ্যপটো সলনি হ’ল৷ মই ভাবোঁ যে ই-অফিচৰ ক্ষেত্ৰত শিক্ষা বিভাগ সকলোতকৈ আগবাঢ়ি আছে৷ ফাইলৰ আদান-প্ৰদান যথেষ্ট উন্নত আৰু তথ্য হেৰুওৱাৰ প্ৰবণতা হ্ৰাস পাইছে৷ “দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা সহযোগিতা আৰু শ্ৰম বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তীয়ে কয়৷
মিছন সদ্ভাৱনাৰ জৰিয়তে অসম সচিবালয়ৰ কাৰ্যব্যৱস্থাত পৰিৱৰ্তন অনাৰ উদেশ্যে ফাইলিং পদ্ধতিক স্বচ্ছ আৰু নিকা কৰাৰ প্ৰয়াস কৰা হৈছে৷ লগতে, অসম চৰকাৰৰ ডিজিটাইজেচন প্ৰচেষ্টাৰ অংশস্বৰূপে ‘ই-অফিচ ফাইল মেনেজমেণ্ট ছিষ্টেম’ প্ৰৱৰ্তন কৰি ২০২২ চনৰ ২ অক্টোবৰৰ পৰা সকলো ফাইল ইলেক্ট্ৰ’নিক প্ৰণালীত সন্নিৱিষ্ট কৰা হৈছে বুলি এন আই চি (আই টি)ৰ সঞ্চালক অনুৰাধা বৰুৱাই কয়৷
“তেতিয়াৰে পৰা মুঠ ১২,৪৮৪টা ফাইল ই-ফাইললৈ ৰূপান্তৰিত কৰা হৈছিল আৰু ৫৩,২৬৬ টা ই-ফাইল সৃষ্টি কৰা হৈছিল৷ ১ জানুৱাৰী, ২০২৩-ৰ পৰা সকলো জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ইলেক্ট্ৰ’নিক মোডত ই-অফিচ আৰম্ভ কৰা হৈছিল৷ ২০২২ বৰ্ষৰ অক্টোবৰৰ পৰা আৰম্ভ কৰি প্ৰায় ৩ মাহৰ ভিতৰতে ৮৭৭৭ টা ই-ফাইল সৃষ্টি কৰা হৈছে”, অনুৰাধা বৰুৱাই ই-মেইলযোগে অৱগত কৰে৷
ই-অফিচৰ সফল ৰূপায়ণ নিশ্চিত কৰিবলৈ এক সুনিৰ্ধাৰিত গাঁথনিৰ দ্বাৰা পৰিচালনা আৰু নিৰীক্ষণ কৰা হয়৷ কোনো ফাইল ই-অফিচলৈ প্ৰণালীলৈ যাওঁতে নিৰ্দিষ্ট পদ্ধতিৰ সকলোবোৰ পৰ্যায় সঠিকভাৱে অনুসৰণ কৰা হয়৷ এই পদ্ধতি সুকলমে সম্পন্ন কৰাৰ বাবে হাই স্পীড লেন, ৱাই-ফাই, ৰাজ্যিক আৰু বিভাগীয় ভিত্তিত প্ৰতিষ্ঠানিক প্ৰক্ৰিয়া, সক্ষমতা গঠন আৰু প্ৰশিক্ষণৰো সুবিধা আছে৷ কেবিনেট মন্ত্ৰীৰ পৰা বিষয়া-কৰ্মচাৰীলৈ সকলোৱে ই-অফিচ প্ৰণালী অনুসৰণ কৰাটোও বাধ্যতামূলক আৰু এই ক্ষেত্ৰত সকলোৱে সক্ৰিয় সহিযোগিতা আগবঢ়োৱাৰ কথা ড॰ সুচিত্ৰা প্যাৰেলালে অসম বাৰ্তাক অৱগত কৰে৷
তেওঁ অসম বাৰ্তাক জনায় যে এতিয়ালৈকে ১৫০তকৈ অধিক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে যাৰ ফলত ৪৫০০ৰো অধিক ই-অফিচ ব্যৱহাৰকাৰী উপকৃত হৈছে৷

ই-অফিচৰ ৰূপায়ণে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজতো নতুন উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰিছে৷ নগৰ আৰু গৃহ নিৰ্মাণ বিভাগত কৰ্মৰত এগৰাকী সহকাৰী ছেকশ্যন বিষয়া অজিত দাসে অসম বাৰ্তাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কয়, “মোৰ সহকৰ্মী সহযোগিতাৰে মই ই-অফিচ সুকলমে পৰিচালনা কৰিবলৈ সক্ষম হৈছো৷ ই অফিচ ব্যৱহাৰৰ অভিজ্ঞতাও বৰ আনন্দদায়ক৷ এতিয়া ফাইলবোৰ সংৰক্ষণ আৰু ট্ৰেক কৰাটো পূৰ্বতকৈ সহজ হৈছে৷”
সমগ্ৰ ভাৰতৰ কেইবাটাও চৰকাৰী বিভাগ আৰু সংগঠনত ই-কাৰ্যালয়ৰ পদক্ষেপ ৰূপায়ণ কৰা হৈছে, আৰু চৰকাৰী কাৰ্যকলাপৰ দক্ষতা আৰু উৎপাদনশীলতা উন্নত কৰাত সহায় কৰিছে৷ প্ৰণালীটোৱে কাগজৰ ব্যৱহাৰ হ্ৰাস কৰা, সময় আৰু ধন ৰাহি কৰা, আৰু চৰকাৰী কাৰ্যকলাপত স্বচ্ছতা আৰু দায়বদ্ধতা উন্নত কৰাত সহায় কৰিছে৷