• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, February 7, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

আৰক্ষীৰ সুৰধ্বনি – সুৰঞ্জনা

AB Bureau by AB Bureau
January 1, 2023
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
আৰক্ষীৰ সুৰধ্বনি – সুৰঞ্জনা

কাহিলীপাৰাস্থিত চতুৰ্থ এপিবিএনত সুৰঞ্জনা বেণ্ডৰ উন্মোচনী সভাত বেণ্ডটোৰ সদস্যসকলে অনুষ্ঠান পৰিবেশন কৰিছে

নগাঁৱৰ মামু বৰা অসম আৰক্ষীৰ বীৰাংগনা কনিষ্টবল হিচাপে কৰ্মৰত আছিল৷ সৰুৰে পৰা সংগীত-নৃত্যৰ প্ৰতি ৰাপ আছিল মামুৰ৷ মাজে মাজে বিহু, আধুনিক নৃত্য, সত্ৰীয়া আদি পৰিৱেশনো কৰিছিল মামুৱে৷ প্ৰশিক্ষণৰ সময়ত আৰক্ষীৰ বেণ্ড পাৰ্ফমেন্সৰ প্ৰতি মাজে মাজে গান গুণগুণাই ভাল পোৱা মামুৰ আকৰ্ষণ আছিল যদিও কোনোদিন বেণ্ড মেম্বাৰ হ’ব পাৰিব বুলি মনলৈ নহাৰ কাৰণটো হ’ল কেইটামান কেন্দ্ৰীয় বাহিনীৰ বাদে তেতিয়ালৈকে আমাৰ দেশৰ কোনো আৰক্ষী বাহিনীতে মহিলা বেণ্ড নাছিল৷

২০২১ চনত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু তদানীন্তন বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান (প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী) এল আৰ বিষ্ণয়ে অসম আৰক্ষীত এটা মহিলা বেণ্ড অন্তৰ্ভুক্ত কৰাৰ বাবে পৰিকল্পনা কৰে৷ এই পৰিকল্পনা ৰূপায়ণৰ বাবে ভাৰতীয় সেনাৰ প্ৰাক্তন চুবেদাৰ মেজৰ তথা দশম অসম আৰক্ষী বেটেলিয়নৰ বেণ্ড মাষ্টৰ অজিত গগৈয়ে কাম আৰম্ভ কৰে৷

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “অসম আৰক্ষীত মহিলাৰ এটি সম্পূৰ্ণ ‘বেণ্ড’ তৈয়াৰ কৰা বাবে বহুদিনৰ পৰাই চিন্তা- চৰ্চা কৰি থকা হৈছিল৷ আমাৰ বেটেলিয়নসমূহত পুৰুষৰ ‘ব্ৰাছ বেণ্ড’ আৰু ‘পাইপ বেণ্ড’ আছে যদিও মহিলাৰ বাবে তেনে কোনো ব্যৱস্থা নাছিল৷” তেখেতে লগতে কয়, “আমাৰ বেটেলিয়নসমূহত যথেষ্ট সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ এনে কাৰ্যসূচীসমূহত এনে বহু আৰক্ষীত কৰ্মৰত মহিলা দেখা পোৱা যায় যাৰ গীত-মাত, সুৰ, তাল, মান, লয় আদিত যথেষ্ট দখল আছে৷ সেয়ে, মহিলাসকলনো এইক্ষেত্ৰত কিয় পিছপৰি থাকিব লাগে বুলি ভাবি এই বেণ্ডটোৰ পৰিকল্পনা কৰা হয়৷”

অজিত গগৈয়ে কয়, “মহিলা বেণ্ড গঠন কৰাৰ বাবে নিৰ্দেশ লাভ কৰিয়েই মই প্ৰতিটো বেটেলিয়নলৈ চিঠি লিখি ইচ্ছুক মহিলা আৰক্ষীক আমাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাওঁ৷ প্ৰথমে বেছি সঁহাৰি পোৱা নাছিলোঁ যদিও পাছলৈ ৩৪গৰাকী মহিলা আৰক্ষীয়ে আমাৰ বেণ্ডৰ সদস্য হ’বলৈ ইচ্ছা প্ৰকাশ কৰে৷” তেওঁ লগতে কয়, “বেণ্ডটো গঠন হোৱাৰ পাছত এটা নাম ঠিক কৰাৰ বিষয়ে ভবা হয়৷ মাননীয় সঞ্চালকপ্ৰধান মহোদয়ে একে আষাৰতে এটা সুন্দৰ নাম দিয়ে – সুৰঞ্জনা৷ সুৰঞ্জনা এটা ‘ব্ৰাছ বেণ্ড’ আৰু আমি বেণ্ডটোৰ প্ৰশিক্ষণ আৰম্ভ কৰোঁ ২০২১ চনৰ ডিচেম্বৰৰ পৰা৷”

লাচিত দিৱস উপলক্ষে আয়োজিত পেৰেডত অংশগ্ৰহণ কৰিছে সুৰঞ্জনা বেণ্ডে

মামু বৰাই কয়, ‘‘মই যেতিয়াই জানিবলৈ পালোঁ যে অসম আৰক্ষীত মহিলা বেণ্ড হ’ব৷ মই তেতিয়াই সিদ্ধান্ত লওঁ যে ময়ো এগৰাকী সুৰঞ্জনা হ’ম৷ মই ইয়াত বি ফ্লেট ক্লাৰিনেট সংগত কৰোঁ৷”

মামুৰ দৰেই কোকৰাঝাৰৰ দেৱশ্ৰী ৰয়ো এগৰাকী সুৰঞ্জনা৷ ইয়াৰ আগতে কনিষ্টবল দেৱশ্ৰী কৰ্মৰত আছিল চৰাইমাৰী, বাক্সাৰ ২৪ অসম আৰক্ষী (ভাৰতীয় সংৰক্ষিত) বাহিনীত৷ দেৱশ্ৰীয়ে কয়, ‘‘সুৰঞ্জনা গঠনৰ খবৰ পাই মোৰ অনুভৱ হ’ল যে ইতিমধ্যে যিহেতু আৰক্ষীৰ কৰ্তব্য আৰু কামবোৰ শিকিছোঁ গতিকে এয়া নতুন কিবা এটা শিকাৰ সুযোগ৷ গান ভাল পাওঁ যদিও কোনোদিনে বাদ্যযন্ত্ৰ বজাই পোৱা নাছিলোঁ৷ এয়া সম্পূৰ্ণ নতুন অভিজ্ঞতা আৰু বহুত ভাল লাগিছে৷ ইয়াত মই ইয়াত টেনৰ ছেক্স’ফ’ন সংগত কৰোঁ৷”

কনিষ্টবল ছ’নিয়া খাতুনৰ সংগীতৰ প্ৰতি ৰাপ আছিল, কিন্তু সুৰঞ্জনাত অংশ লৈহে তেওঁ প্ৰথম ছাইড ড্ৰাম সংগত কৰিবলৈ শিকে৷ ছ’নিয়াই কয়, “বেণ্ডটোৰ সদস্য হৈ আজি মই গৌৰৱাম্বিত৷ এয়া আগতে নোহোৱা কাম আৰু আমি পৰিৱেশন কৰাৰ পাছত সকলোৱে আমাক উৎসাহিত কৰে, সেয়া বেণ্ডটোৰ অন্যতম ভাল লগা এটা দিশ৷”

দশম অসম আৰক্ষী বেটেলিয়ন, কাহিলিপাৰাৰ দ্বিতীয় বেণ্ড মাষ্টৰ প্ৰসন্ন ৰাজবংশীয়ে কয়, “সকলোৰে বাবে এই বেণ্ডৰ বাদ্যযন্ত্ৰসমূহ নতুন আছিল৷ সাধাৰণতে ইয়াৰ প্ৰশিক্ষণৰ বাবে ১৮ মাহৰ সময় লাগে৷ কিন্তু আমি সৌভাগ্যবান যে আমাৰ সুৰঞ্জনাসকল অতি কষ্ট আৰু দক্ষতাৰে তিনিমাহৰ ভিতৰতে গান পৰিৱেশন কৰিব পৰাকৈ পাকৈত হৈ উঠে৷ এতিয়ালৈকে আৰক্ষী দিৱসৰ লগতে লাচিত দিৱসৰ অনুষ্ঠান, পানীখাইতীৰ গৃহৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, অসম আৰক্ষী অফিছাৰ্ছ মেচ আদি বহু ঠাইত বেণ্ড পৰিৱেশন কৰিছে৷”

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয়, “প্ৰশিক্ষণৰ মাধ্যমেৰে সুৰঞ্জনাসকল অতি কম দিনতে পটু হৈ উঠিছে৷ সম্প্ৰতি তেওঁলোকে বহুকেইটা গম্ভীৰ চৰকাৰী অনুষ্ঠানত অতি সফলতাৰে ‘বেণ্ড’ প্ৰদৰ্শন কৰিছে৷ কু চকাৱাজৰ বিভিন্ন সুৰ, শৈলী, বিভিন্ন ধুন আদিৰ ক্ষেত্ৰত তেওঁলোকে এতিয়া দক্ষতা আহৰণ কৰাৰ উপৰি অসমীয়া আৰু হিন্দী ভাষাৰ গীতৰ সুৰ-শৈলীত নিপুণ হৈ উঠিছে৷”

সুৰঞ্জনাৰ ভৱিষ্যৎ সম্পৰ্কে মহন্তই কয়, “বেণ্ড এনে এটা কলা যাৰ প্ৰশিক্ষণ আৰু অনুশীলন নিয়মীয়াভাৱে হৈ থাকিব লাগিব৷ এবাৰ শিকিলেই নহ’ব৷ ই এক চলমান ব্যবস্থা৷ গতিকে প্ৰশিক্ষণ চলিয়েই থাকিব৷ ভৱিষ্যতে পৃথক পৃথক বেটেলিয়নত একে আৰ্হিত মহিলাৰ বেণ্ড তৈয়াৰ কৰাৰ পৰিকল্পনা কৰি থকা হৈছে৷”

সুৰৰ লহৰ তুলি কাকলি কৃষ্ণ বৰা, সোণালী ৰয়, চন্দনা গগৈ, দেৱশ্ৰী ৰয়কে আদি কৰি ৩৪গৰাকী মহিলা আৰক্ষী হৈছে একো একোগৰাকী – সুৰঞ্জনা৷

ShareTweetShare

Related Posts

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
4
যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
2
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
4
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
4
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
6
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
4
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In