• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Wednesday, March 22, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home কেন্দ্ৰ-ৰাজ্য সংবাদ

‘আশা বাইদেউ’

AB Bureau by AB Bureau
July 4, 2022
in অসমীয়া, কেন্দ্ৰ-ৰাজ্য সংবাদ
19
0
নীলা পাৰিৰ চাদৰ পিন্ধি আশাকৰ্মী তৰামাই ৰবিদাস (বাওঁফালৰ ছবিত) আৰু এটি শিশুক ঔষধ প্ৰদান কৰাৰ মুহূৰ্তত আশাকৰ্মী মামনি

নীলা পাৰিৰ চাদৰ পিন্ধি আশাকৰ্মী তৰামাই ৰবিদাস (বাওঁফালৰ ছবিত) আৰু এটি শিশুক ঔষধ প্ৰদান কৰাৰ মুহূৰ্তত আশাকৰ্মী মামনি

চিমনাবস্তি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কলিয়াবৰ, নগাওঁ৷ সময় তেতিয়া ঠিক দুপৰীয়া ১১ বাজিছে, উলুৱনী গাঁৱৰ ওজা পৰিয়ালৰ আলাসৰ ধন কণমানি দেবাংশীৰ কান্দোনে পৰিৱেশ কঁপাই তুলিছে৷ প্ৰতিষেধক বেজীৰ খোঁচটোৰ ভয় আঁতৰ কৰিবলৈ নীলা পাৰিৰ চাদৰ পৰিধান কৰি থকা আশাকৰ্মী মামনি বৰাই তাইক কোলাত তুলি লৈ নিচুকনি গীত গুণগুণায়, ‘আমাৰে মইনা শুব এ৷’ বিগত ১৫ বছৰে আশাকৰ্মীৰূপে কৰ্মৰত মামনি বৰা গাঁওখনৰ এটি চিনাকী নাম৷ দেবাংশীৰ কান্দোন শাম কাটে, এএনএমগৰাকীয়ে প্ৰতিষেধক প্ৰদান কৰে, সময় তেতিয়া ১১ বাজি ১৫ মিনিট৷

মামনি বৰা, মিলি শইকীয়া, ডলী বৰা ডেকা আদিৰ দৰে ভাৰতৰ ১০ লক্ষাধিক আশাকৰ্মী আজি প্ৰতিখন গাঁৱৰে একো একোগৰাকী চিনাকী চৰিত্ৰ৷ ‘আশা’ আজি হৈ পৰিছে সুস্থ আৰু সবল ভাৰতৰ এক অভিন্ন অংগ, যি স্বাস্থ্য বিষয়ক প্ৰাথমিক শিক্ষক আৰু প্ৰচাৰকৰূপে কাম কৰি আহিছে৷ ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰখনত জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে আশা কৰ্মীসকলে লোৱা পদক্ষেপে আজি সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ যোৱা ২২ মে’, ২০২২ত অনুষ্ঠিত ৭৫ সংখ্যক বিশ্ব স্বাস্থ্য সভাত ভাৰতৰ ১০ লাখ আশা কৰ্মীলৈ আগবঢ়াৱা হয় বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানৰ ‘গ্ল’বেল হেল্‌থ লীডাৰ্ছ এৱাৰ্ড’৷

আশাকৰ্মীসকলে ২০০৫ চনৰেপৰা জনসাধাৰণ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাটোৰ মাজৰ সেঁতু হিচাপে কাম কৰি আছে৷ তেওঁলোকে গাঁৱৰ ৰাইজক চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ কথা কয়, শিশুসকলক প্ৰতিষেধক দিয়াৰ বাবে, পৰিয়াল পৰিকল্পনাৰ প্ৰয়োজনীয়তা সম্পৰ্কে, গৰ্ভৱতী মহিলাই ল’বলগীয়া স্বাস্থ্যৰ যতনৰ বিষয়ে, ৰোগ প্ৰতিৰোধ সম্পৰ্কে, অনাময় ব্যৱস্থা সম্পৰ্কে সজাগ কৰে৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ তথ্য অনুসৰি ২০০৫ চনৰ পাছত চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ পৰিসংখ্যা বহুগুণে বৃদ্ধি হৈছে, যাৰ কৃতিত্ব বিশেষজ্ঞসকলে আশাকৰ্মীসকলক প্ৰদান কৰিছে৷

২০২১ চন, ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ৰ কথা৷ ওপৰ গাঁও, কুঁৱৰীটোল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশাকৰ্মী ডলী বৰা ডেকাৰ ব্যস্ততা সেইকেইদিন আৰু বেছি৷ এবছৰীয়া কণমানিজনীৰ দায়িত্ব, ঘৰৰ কাম-কাজ আৰু এগৰাকী আশাকৰ্মীৰ কৰণীয় সাধাৰণ দায়িত্ব আদিৰ বাদেও আন এটা বিষয়ত ডলী বৰা ডেকাই গুৰুত্ব দিবলগীয়া হৈছিল৷ গাঁওখনৰ কোনো ব্যক্তিৰ ক’ভিডৰ লক্ষণ দেখা পালে তেওঁলোকক ক’ভিড পৰীক্ষাৰ বাবে সৈমান কৰোওৱা৷ সেই গাঁৱৰে এগৰাকী গৰ্ভৱতী মহিলাক ক’ভিডৰ পৰীক্ষা কৰোৱাবলৈ বহু চেষ্টা কৰাৰ বাবে তেওঁ ককৰ্থনাও শুনিবলগীয়া হৈছিল৷ পাছত অৱশ্যে গৰ্ভধাৰণৰ সাত মাহৰ নিয়মীয়া পৰীক্ষা কৰোওৱাৰ অজুহাতত কৰা পৰীক্ষাত মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ “সেইদিনা মোৰ ভয় লাগিছিল, যদি মোৰ ক’ভিড হৈ যায় তেতিয়া কণমানিজনীৰ কি হ’ব৷’’ ডলী বৰা ডেকাই কয়, ‘‘কেতিয়াবা কিছুমান কথা মানুহবোৰক বুজাবলৈ কষ্ট হয়৷ কিন্তু, পাছলৈ যেতিয়া এই কথাবোৰেই তেওঁলোকৰ সুস্থজীৱন সুনিশ্চিত কৰা দেখা পাওঁ, মনটো ভাল লাগি যায়৷’’

অসমত এতিয়া মুঠ ৩২, ৫৪৬গৰাকী আশাকৰ্মী আছে৷ ইয়াৰে ৩১, ৩৩৪গৰাকীয়ে গ্ৰামীণ আশাৰূপে আৰু বাকী সকলে চহৰাঞ্চলত সেৱা আগবঢ়াই আহিছে৷ আশাকৰ্মীৰ সম্পূৰ্ণ ব্যৱস্থাটো সুপৰিচালিত কৰিবলৈ অসমত মুঠ ২,৬৬১গৰাকী আশা পৰিদৰ্শিকা আছে৷

‘‘প্ৰায় ৯৩, ০০০ জনসংখ্যাৰ চিমনাবস্তি স্বাস্থ্যখণ্ডৰ অধীনত মুঠ ৮০গৰাকী আশাকৰ্মী আছে৷ আমাৰ স্বাস্থ্যখণ্ডত কেলিডেন চাহ বাগিছা, শালনা, ননৈ আদি বহুকেইখন চাহ বাগিছাও আছে৷ কিছুমান ঠাইত আশাকৰ্মীসকলে জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত প্ৰত্যাহবানৰ মুখামুখি হ’বলগীয়া হয়, তথাপিও আমি নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ ল’বলগীয়া সকলো পদক্ষেপ গ্ৰহন কৰোঁ৷’’ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনৰ চিমনাবস্তিৰ খণ্ড প্ৰকল্প প্ৰবন্ধক চাইফুৰ ৰহমানে কয়৷

শোণিতপুৰৰ ফুলগুৰি গাৰো গাঁৱৰ আশাকৰ্মী বাৰ্মিতা মমিনে আকৌ ক’ভিড প্ৰতিষেধক প্ৰদানৰ সময়ত অন্ধবিশ্বাসৰ বশৱৰ্তী গাঁওবাসীৰ ওচৰত জৰিমনা ভৰিবলগীয়াও হৈছিল৷ তাৰ পাছতো কিন্তু ‘হৰ ঘৰ দস্তক’ৰ প্ৰথম অভিযানত এশ শতাংশ কৃতকাৰ্য হৈছিল, যাৰ বাবে আশাকৰ্মী বাৰ্মিতা মমিনলৈ অসম চৰকাৰে ‘অসম গৌৰৱ’ সন্মান আগবঢ়ায়৷
‘‘ঘৰৰ কাম- বন কৰি, ৰান্ধি-বাঢি . ল’ৰা-ছোৱালীহালক স্কুললৈ পঠিওৱাৰ পাছত যেতিয়া এইবিলাক কামলৈ ওলাই যাওঁ, তেতিয়া এটা কথাই প্ৰশান্তি দিয়ে যে আমি কোৱা কথাবোৰ ৰাইজে গুৰুত্ব সহকাৰে লয়৷ আমি ৰাইজক ভেকচিন ল’বলৈ কওঁ, গৰ্ভৱতী সকলক স্বাস্থ্যপৰীক্ষা কৰিবলৈ লৈ আনো, ঘৰে ঘৰে গৈ সকলো তথ্য সংগ্ৰহ কৰোঁ,” কুঁৱৰীটোলৰ আশাকৰ্মী মিলি শইকীয়াই কয়৷

একো একোগৰাকী সাধাৰণ নাৰী হৈও, আমাৰ আশাকৰ্মী সকল অসাধাৰণ৷ কোনো যদি যায় বাটকুৰি বায়, কোনোৱে যায় বানপানীৰ মাজতো নাঁৱত উঠি, কেতিয়াবা ঘণ্টাজুৰি গৃহস্থৰ চোতালত পৰ দি থাকিবলগীয়া হয়, পাহাৰ-ভৈয়াম, নদ-নদী একাকাৰ কৰি, অশেষ কষ্ট স্বীকাৰ কৰিও তেওঁলোকে গাঁওবাসীৰ সুস্বাস্থ্যৰ বাবে সদাতৎপৰ হৈ থাকে৷ আশা বাইদেউজনী থমকি নৰয়৷

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In