ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন অসম চৰকাৰৰ দুটা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১০ মে’ত ‘আয়ুষ্মান অসম – মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা’ মুকলি কৰে৷ এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালে ৫ বছৰি লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব৷ সকলোৰে বাবে সুলভ স্বাস্থ্যসেৱা সুনিশ্চিত কৰাই হৈছে এই আঁচনিখনৰ উদ্দেশ্য৷
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ (এনএফএছএ) তালিকাভুক্ত হিতাধিকাৰীসকলক অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুষ্মান অসমৰ অধীনত সাঙুৰি লোৱা হ’ব (অৰ্থাৎ যিসকলৰ আধাৰৰ সংযোগী ৰেচন কাৰ্ড আছে)৷
এই আঁচনিখনে সমগ্ৰ দেশৰ আয়ুষ্মান ভাৰত-তালিকাভুক্ত চিকিৎসালয়ৰ লগতে ৰাজ্যখনৰ ৩০০খনতকৈও অধিক তালিকাভুক্ত চিকিৎসালয়ত ১,৫৭৮বিধ স্বাস্থ্যসেৱাৰ প্ৰক্ৰিয়া সামৰি ল’ব৷ আঁচনিখনত আৰম্ভণিতে প্ৰায় ২৬ লাখ হিতাধিকাৰী পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ’ব৷ পৰ্যায়ক্ৰমে পৰিয়ালৰ সংখ্যা ৩২ লাখলৈ বৃদ্ধি কৰা হ’ব৷
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আঁচনিখনৰ আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড॰ শৰ্মাই কয় যে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ আদৰ্শক সাৰোগত কৰি দৈনন্দিন প্ৰশাসন ব্যৱস্থাৰ জৰিয়তে সমাজৰ অন্তিমগৰাকী ব্যক্তিৰ উত্থানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰন্তৰ গুৰুত্ব প্ৰদান কৰি আহিছে৷ এই বিশ্বাসৰদ্বাৰা অনুপ্ৰাণিত হৈয়ে মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ সৃষ্টি হৈছে৷
কিছু সীমাবদ্ধতাৰ বাবে, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ যথেষ্ট সংখ্যক পৰিয়ালক প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰপৰা বাদ দিয়া হৈছিল৷ এই যোজনাৰ অধীনতো প্ৰতিটো পৰিয়ালে বছৰি ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসাসেৱা লাভ কৰিছিল৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই যোজনাৰপৰা বাদ পৰা প্ৰায় ২৬ লাখ পৰিয়ালক সামৰি লোৱা হৈছে আয়ুষ্মান অসমত৷ এই ব্যৱস্থাই ৰাজ্যৰ সকলো অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালে এই দুই যোজনাৰ যিকোনো এটাৰ সুবিধা লাভ কৰাটো সুনিশ্চিত কৰিব৷
অটল অমৃত অভিযান সমিতিখন এই আঁচনিৰ বাবে দায়বদ্ধ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰি কয় যে ই সামগ্ৰিক বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব৷ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত হোৱা অতিৰিক্ত ব্যয় আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ কল্যাণত হেঙাৰ হৈ আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এতিয়াৰেপৰা স্বাস্থ্যসেৱাৰ ব্যয়ৰ সমস্যা হ্ৰাস হোৱাৰ বাবে হিতাধিকাৰী পৰিয়ালসমূহে অধিক সন্মানীয় আৰু মসৃণ জীৱন যাপন কৰিবলৈ সক্ষম হ’ব৷
ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সুবিধাৰ বাবে ১৫ আগষ্টৰপৰা প্ৰযোজ্য হোৱাকৈ মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাও মুকলি কৰে৷ এই যোজনাৰ জৰিয়তে কৰ্মচাৰীসকলে নিজৰ আৰু তেওঁলোকৰ নিৰ্ভৰশীলসকলৰ ক্ষেত্ৰত চিকিৎসা ব্যয়ৰ পৰিশোধ লাভ কৰাৰ জটিল প্ৰক্ৰিয়াটো আঁতৰ কৰি সৰলীকৃত ব্যৱস্থাৰ সুবিধা ল’ব পাৰিব৷