২০১৭ চন, ‘আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ আৰম্ভ হোৱাৰ কেইমাহমানৰ পূৰ্বৰ কথা৷ বঙাইগাঁও জিলাৰ ধনতলা বজাৰৰ আবুল হুছেইন(৪৮) গেষ্ট্ৰিক আলচাৰ অসুখৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়৷ তাৰ ৬ বছৰৰ পাছত ২০২৩ চনত আবুল হুছেইনৰ পুত্ৰৰ এটা চিষ্টৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়৷ এই দুয়োটা পৰিঘটনাৰ মাজত এটা পাৰ্থক্য আছে, প্ৰথমবাৰ চিকিৎসাৰ বাবদ পৰিয়ালটোৱে ঘৰৰ মাটি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছিল যদিও হাতত থকা আয়ুষ্মান কাৰ্ডখনৰ বাবে পাছৰবাৰ চিকিৎসা ব্যয় প্ৰায় শূন্য আছিল৷
দাৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ বাবে অসম চৰকাৰে আয়ুষ্মান অসম – মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা (এএ-চিএমজেএৱাই)ৰ নৱ-সংযোজনেৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা(এবি-পিএমজেএৱাই)ৰ পৰিপূৰক এক ব্যৱস্থা গ্ৰহণ কৰিছে৷ যোৱা ১০ মে’ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই আঁচনিৰ উন্মোচন কৰি ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, “প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ বাবে ২০১১ চনৰ আৰ্থ-সামাজিক সমীক্ষাৰ ভিত্তিত ৰাজ্যখনৰ প্ৰায় ৩০ লাখ পৰিয়ালক স্বাস্থ্যসেৱাৰ সকাহ আগবঢ়াই থকা হৈছিল৷ কিন্তু অসমৰ বাবে ২০১১ চনৰ আৰ্থ-সামাজিক সমীক্ষাৰ প্ৰাসংগিকতাক লৈ এটা প্ৰশ্ন আছিল৷ সেয়ে আমাক অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা নীতিৰ আধাৰত এই আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰ চৰকাৰে অনুমতি প্ৰদান কৰে৷”
অসমত প্ৰায় ৫৭ লাখ পৰিয়ালে এই নীতিৰ অধীনত ৰেচন কাৰ্ড লাভ কৰিছে আৰু প্ৰায় ৫ লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব বুলি তেখেতে উল্লেখ কৰে৷ এতিয়া প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৩০ লাখ পৰিয়ালে আয়ুষ্মান ভাৰত কাৰ্ড লাভ কৰাৰ লগতে বাকী ২৭ লাখ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালে আয়ুষ্মান অসম আঁচনিৰ সুবিধা লাভ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত খাদ্য আৰু অসামৰিক বিভাগে বাকী ৫ লাখ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰাৰ পাছত তেওঁলোকেও এই সুবিধা লাভ কৰিব৷
অটল অমৃত অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ড॰ সিদ্ধাৰ্থ সিঙে অসম বাৰ্তাক কয়, “এই আঁচনিৰ অধীনত প্ৰথম বছৰত আমি ৪০০ কোটি টকাৰ বাজেট ধাৰ্য কৰিছোঁ৷”
তেওঁ কয় যে এবি-পিএমজেএৱাইৰ মৌলিকতাসমূহ অন্তৰ্ভুক্ত কৰি এএ-চিএমজেএৱাইৰ অধীনতো প্ৰতি বছৰে প্ৰতিটো যোগ্য পৰিয়ালে ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব৷
এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে অসমৰ ৩০০খনতকৈও অধিক তালিকাভুক্ত চিকিৎসালয় আৰু সমগ্ৰ দেশৰ সকলো এবি-পিএমজেএৱাই তালিকাভুক্ত চিকিৎসালয়ত ১৫৭৮ টা প্ৰক্ৰিয়াৰ সেৱা লাভ কৰিব৷ “আমি এই হিতাধিকাৰীসকলৰ বাবে শ্ৰেষ্ঠ চৰকাৰী আৰু প্ৰয়োজন সাপেক্ষে ব্যক্তিগত চিকিৎসালয়তো চিকিৎসা সেৱাৰ দুৱাৰ মুকলি কৰিবলৈ বিচাৰিছোঁ,” সিদ্ধাৰ্থ সিঙে কয়৷
“কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাসকলৰ বাদে মই মোৰ এলেকাৰ সকলো যোগ্য পৰিয়াল তথা ব্যক্তিৰে ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছোঁ”
কমুনা ৰায়, আশাকৰ্মী
সম্ভাব্য হিতাধিকাৰীসকলৰ ই-কেৱাইচি নিশ্চিত কৰিবলৈ প্ৰায় ২৫,০০০ ক্ষেত্ৰকৰ্মী নিয়োজিত কৰি সমগ্ৰ ৰাজ্যজুৰি এই অভিযান ইতিমধ্যে পূৰ্ণ গতিত চলি আছে৷ ৰাজ্য চৰকাৰে আগষ্টৰ ভিতৰত ৮০-৮৫% হিতাধিকাৰীৰ পঞ্জীয়ন কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে৷
বঙাইগাঁও জিলাৰ শিঙিমাৰি স্বাস্থ্য আৰু জনকল্যাণ কেন্দ্ৰৰ এগৰাকী আশাকৰ্মী কমুনা ৰায়ে শিঙিমাৰি ৰম খণ্ডৰ বহুকেইটা পৰিয়ালক একেলগে নিজৰ ঘৰলৈকে আমন্ত্ৰণ কৰি আয়ুষ্মান কাৰ্ডৰ সুবিধাসমূহৰ লগতে ই-কেৱাইচি সম্পৰ্কে অৱগত কৰে৷ ই-কেৱাইচিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ ৩৮১টা পৰিয়ালৰপৰা কমুনাই সংগ্ৰহ কৰি তেওঁৰ বহুমুখী স্বাস্থ্যকৰ্মীগৰাকীক জমা দিয়ে৷
বঙাইগাঁৱৰে বৈতামাৰি খণ্ডৰ মাজেৰ আলগা উপকেন্দ্ৰৰ এগৰাকী বহুমুখী স্বাস্থ্যকৰ্মী জয়ন্ত কুমাৰ দাসৰ হাততো তেওঁৰ আশাকৰ্মীসকলে সহস্ৰাধিক ই-কেৱাইচিৰ নথি জমা দিছিল৷ তেওঁ ম’বাইলত প্ৰধানমন্ত্ৰী জন আৰোগ্য এপটো ডাউনল’ড কৰি নিজৰ আইডিৰ সৈতে লগ ইন কৰে৷ ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ এই এপটোত ৰেচন কাৰ্ডৰ নম্বৰ অন্তৰ্ভুক্ত কৰিলে আয়ুষ্মান ভাৰত তথা আয়ুষ্মান অসমৰ হিতাধিকাৰীৰ যোগ্যতা নিশ্চিত কৰিব পৰা যায়৷ তেওঁৰ হাতত থকা তথ্য অনুসৰি যোগ্য পৰিয়ালসমূহৰ ঘৰলৈ গৈ আয়ুষ্মান কাৰ্ডখনৰ বাবে ই-কেৱাইচি সম্পূৰ্ণ কৰে৷
জয়ন্ত কুমাৰ দাসে কয়, “যদিহে ম’বাইলৰ নেটৱৰ্ক আৰু ছাৰ্ভাৰ ঠিকে থাকে তেন্তে এগৰাকী ব্যক্তিৰ ই-কেৱাইচি সম্পূৰ্ণ কৰিবলৈ দহ মিনিটতকৈ বেছি সময় নালাগে৷ আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি সম্পূৰ্ণ কৰাৰ দিনাই এই কাৰ্ডৰ সুবিধা গ্ৰহণ কৰা ব্যক্তিৰ উদাহৰণো আছে৷”
ৰেচন কাৰ্ড নম্বৰ, আধাৰ নম্বৰ আৰু আধাৰ সংযোগী ম’বাইল নম্বৰটো লগত থাকিলে এই প্ৰক্ৰিয়া তেনেই সহজ বুলি উল্লেখ কৰি দাসে কয়, “মই এতিয়ালৈকে মাজেৰ আলগাত প্ৰায় ১৫৯৫খন ই-কেৱাইচি সম্পূৰ্ণ কৰিছোঁ,” ফিংগাৰপ্ৰিণ্ট গ্ৰহণ কৰা মেচিনটো উপলভ্য নোহোৱাৰ বাবে ম’বাইলৰ ‘ফেচ ৰিকগনিচন্’ ব্যৱস্থাই কেতিয়াবা অসুবিধাত পেলোৱাৰ বিষয়ে তেওঁ উল্লেখ কৰে৷
আশাকৰ্মী কমুনা ৰায়ে কয়, “কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাসকলৰ বাদে মই মোৰ এলেকাৰ সকলো যোগ্য পৰিয়াল তথা ব্যক্তিৰে ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছোঁ৷” তেওঁ কয়, “প্ৰথম অৱস্থাত বৰ বিশেষ সঁহাৰি জনোৱা নাছিল, কিন্তু দুজনমানে এই কাৰ্ডৰ সুবিধা পোৱাৰ পাছত সকলোৰে মাজত সজাগতা আহে৷”
মঙলদৈৰ কমলপাৰাৰ বুবুল ডেকা(৪৫)ৰ কেইদিনমানৰ আগত হঠাৎ কৰ্কট ৰোগ ধৰা পৰে৷ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাবলৈ যোৱাৰ দিনা তেওঁৰ পৰিয়ালে আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডখনৰ বিষয়ে অৱগত হয়৷ তেওঁলোকে ততাতৈয়াকৈ ৰেচন কাৰ্ড আৰু আধাৰ নম্বৰ চিকিৎসালয়খনৰ আয়ুষ্মান ভাৰত কেন্দ্ৰত জমা দিয়ে৷ ই-কেৱাইচি হৈ যোৱাৰ লগে লগে তেওঁলোকৰ চিকিৎসাৰ খৰছ আয়ুষ্মান কাৰ্ডখনৰ জৰিয়তে শূন্য হৈ পৰে৷
বুবুল ডেকাৰ পত্নীয়ে এই প্ৰতিৱেদকক জানিবলৈ দিয়ে যে গুৱাহাটীৰ ৰাজ্যিক কেন্সাৰ কেয়াৰ প্ৰতিষ্ঠানত প্ৰায় ৩৭ হাজাৰ টকাৰ সকাহ পায় আৰু পাছত দৰং কেন্সাৰ কেয়াৰ চেণ্টাৰত ৩২টা ৰেডিয়েচন থেৰাপী বিনামুলীয়াকৈ প্ৰদান কৰা হয়৷ তেওঁ কয়, “আমি এতিয়ালৈকে প্ৰায় দুই লাখ টকাৰ চিকিৎসা ব্যয়ত সকাহ লাভ কৰিছোঁ৷”

আয়ুষ্মান অসম – মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ এগৰাকী হিতাধিকাৰী আবুল হুছেইনে কয়, “আমি বঙাইগাঁও চৰকাৰী চিকিৎসালয়ত থকা আয়ুষ্মান ভাৰত কেন্দ্ৰত ই-কেৱাইচি প্ৰক্ৰিয়া সম্পন্ন কৰোঁ৷ আধাৰ নম্বৰ আৰু ৰেচন কাৰ্ডখন প্ৰদান কৰাৰ অলপ সময়ৰ পাছতে মোলৈ এটা অ’টিপি আহে৷ অ’টিপিটো দিয়াৰ লগে লগে মোৰ নাম পঞ্জীয়ন হৈ যায়৷”
আয়ুষ্মান অসমৰ আন এগৰাকী হিতাধিকাৰী হৈছে বঙাইগাঁও জিলাৰ খগৰপুৰৰ অশ্বিনী দাস(৭০)৷ দাসৰ তিনিজনীয়া পৰিয়ালটোৱে আয়ুষ্মান অসম কাৰ্ডৰ বাবে ই-কেৱাইচি সম্পূৰ্ণ কৰে৷ অশ্বিনী দাসে কয়, “চৰকাৰী চিকিৎসালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো বছৰি ৫ লাখ টকালৈকে বিনামুলীয়া চিকিৎসা সেৱা লাভ কৰা কথাটোৱে আমাৰ দৰে পৰিয়ালক অন্ততঃ এটা দিশত চিন্তামুক্ত কৰি ৰাখিছে৷”
মঙলদৈৰ আন এগৰাকী জন আৰোগ্য যোজনাৰ হিতাধিকাৰী আৰণি সৰকাৰ(৭০)ৰ পুত্ৰ দেৱজিত সৰকাৰে অসম বাৰ্তাক কয়, “আমাক এই কাৰ্ডখনৰ বিষয়ে আশা বাইদেৱে অৱগত কৰিছিল আৰু ই-কেৱাইচিও কৰাই দিছিল৷ মাৰ স্তনৰ কৰ্কট ৰোগ হোৱাৰ পাছত এই কাৰ্ডৰ অধীনত মাক প্ৰদান কৰা ১৮টা কেম’থেৰাপীৰ এটা নৰ্থ ইষ্ট কেন্সাৰ হস্পিটেল, গুৱাহাটীত আৰু বাকী কেইটা দৰং কেন্সাৰ কেয়াৰ চেণ্টাৰত গ্ৰহণ কৰি আছে৷”