ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ হ’ল যদিও কিছুমান ধাৰণা এতিয়াও পুৰণিকলীয়া হৈ আছে৷ যেনে- আগতে সাহসী, কৰ্মদক্ষ, আত্মবিশ্বাসী মানুহ গঢ়াৰ বিপৰীতে আমাৰ মাজৰ পৰা এচাম চাকৰিয়াল উৎপন্ন কৰিবলৈ শিক্ষা ব্যৱস্থাত গুৰুত্ব দিছিল৷ আজিৰ তাৰিখতো আমাৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিত্ব বিকাশৰ পাঠ কলেজ পৰ্যায়ত পঢি.বলৈ পোৱা নাই অথচ এই সময়খিনিতে এজন ল’ৰা বা এগৰাকী ছোৱালীৰ মানসিক বিকাশৰ উত্তম সময়৷
শেহতীয়াকৈ দেশত প্ৰৱৰ্তন হোৱা নতুন শিক্ষা নীতিয়ে (NEP) আমাৰ শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন আনিব বুলি চৰ্চিত হৈছে৷ পুৰণিকলীয়া শিক্ষা ব্যৱস্থাই আমাক বহু কথাই নিশিকালে৷ যাৰ বাবে ডিগ্ৰী পাছ কৰাৰ পাছতো এজন ল’ৰা অথবা ছোৱালীয়ে পেছাদাৰী আৰু ব্যৱহাৰিক দক্ষতা লাভৰ বাবে আকৌ নতুনকৈ পঢ়িবলগীয়া হয়৷ আজিৰ তাৰিখতো উচ্ছতৰ মাধ্যমিক পৰ্যায়ৰ পৰা গণসংযোগ আৰু সাংবাদিকতা, ফুড প্ৰচেছিং, পৰ্যটন, ফটোগ্ৰাফী, সমাজ সেৱা আদিৰ দৰে দক্ষতা বিকাশ আৰু কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা থকা বিষয়সমূহ অন্তৰ্ভূক্ত নহ’ল৷
ব্যক্তিত্ত্ব বিকাশৰ এগৰাকী প্ৰশিক্ষক হিচাপে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বহু শিক্ষানুষ্ঠানত কৰ্মশালা আৰু বক্তৃতা দিবলৈ গৈ এটা কথা স্পষ্টকৈ ক’ব পৰা হৈছোঁ যে মহাবিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক শিক্ষকে আত্মবিশ্বাস গঢ়া, সময় ব্যৱস্থাপনা, শৰীৰৰ ভাষা, অৱচেতন মনৰ শক্তিৰ ব্যৱহাৰ, জীৱনমুখী কথা আদিবোৰত কলেজত প্ৰায় একো অনুপ্ৰেৰণামূলক কথা-বাৰ্তা শিকোৱা নহয়৷ এতিয়াও পৰীক্ষাত ভাল ৰিজাল্ট সম্ভাৱনা থকা ছাত্ৰ-ছাত্ৰীক প্ৰাধান্য দি পঢ়োৱা এটা শীতল সংস্কৃতিহে বিদ্যমান৷ কিন্তু, আনুষ্ঠানিক শিক্ষাৰ পৰীক্ষাবোৰত ভাল ফলাফল দেখুৱাব নোৱৰা ছাত্ৰ-ছাত্ৰীসমূহৰ বিষয়ে চিন্তা কৰা দেখা নাযায়৷
যদিহে আমাৰ শিক্ষা ব্যৱস্থাই নতুন পৰিৱেশ গঢ়াৰ কথা চিন্তা নকৰে, চৰকাৰে শিক্ষা ব্যৱস্থাত যদি নতুন বিষয়বস্তু সংযোগ কৰিবলৈ হাতে-কামে চেষ্টা নকৰে তেন্তে আমাৰ প্ৰজন্মক বাহিৰৰ দেশৰ মানৱ সম্পদৰ লগত ৰিজাই কোৱা কথাবোৰ ধুৰূপ মিছা বুলি প্ৰমাণিত হ’ব৷ বছৰেকত আয়োজন কৰা ‘যুৱ মহোৎসৱ’তে আমাৰ বিকাশৰ পথ সীমাবদ্ধ থাকিব নেকি- প্ৰশ্ন কৰিবচোন৷ পৰিৱৰ্তনশীল পৃথিৱীত শ্ৰেণীকোঠাৰ ভিতৰৰ শিক্ষাৰ দৰেই ব্যৱহাৰিক শিক্ষাৰো যে প্ৰয়োজন আছে সেই কথা চৰকাৰখনৰ শিক্ষা বিভাগে অনুভৱ কৰিব বুলি আশা কৰিলোঁ৷ নতুন শিক্ষা নীতিয়ে এই কথাবোৰক কেনেকৈ লয় সেয়া লক্ষণীয় হ’ব৷