বসন্তৰ পৰশত প্ৰাণৱন্ত হৈ পৰিল গুৱাহাটী মহানগৰীৰ এটা বিশেষ দিন৷ বিগত এপ্ৰিলৰ কেইটামান দিন গুৱাহাটীৰ আকাশ-বতাহ মুখৰিত হৈ আছে অসমৰ বিভিন্ন চুক-কোণৰপৰা অহা বিহুৱা-নাচনীৰ কলৰৱত৷
প্ৰচণ্ড গৰমকো নেওচি হাজাৰ হাজাৰ লোকে সৰুসজাইত ভিৰ কৰিছেহি৷ তেওঁলোক আহিছে এঘাৰ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহুনাচ আৰু ঢোলবাদনৰ দুটাকৈ বিশ্ব অভিলেখ গঢ়াৰ বিৰল মুহূৰ্তটোৰ সাক্ষী হ’বলৈ৷
ঠিক এক বজাত বিহুৱা-বিহুৱতীসকলে বিহুৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সৰুসজাইৰ বাকৰিত গোট খাইছেহি৷ তেওঁলোকৰ মুখত জিলিকি উঠিছে উছাহৰ ঢৌ৷
তিনি বাজি ত্ৰিছ মিনিটত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা প্ৰৱেশ কৰিলেহি সৰুসজাই ষ্টেডিয়ামত৷ প্ৰদৰ্শনৰ সময়ত যাতে কোনো আসোঁৱাহ ৰৈ নাযায় তাৰ বাবে উপস্থিত হৈয়ে তেওঁ আৰু তেখেতৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলে সকলো প্ৰস্তুতিৰ বুজ লয়৷
উপস্থিত সকলোকে সম্বোধি ড॰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে অসমীয়া সমাজে গৌৰৱেৰে নিজৰ পৰিচয় বিশ্বত ধৰি ৰাখিব লাগিব৷ ড॰ শৰ্মাই কয় যে এই প্ৰয়াসে অসমক আৰু অসমৰ বৰ্ণময় সাংস্কৃতিক ইতিহাসক বিশ্বৰ মানচিত্ৰত জিলিকাই তুলিব৷
“এই পৰিকল্পনা প্ৰস্তুত কৰি থাকোঁতে আমি প্ৰশ্নৰ মুখামুখি হৈছিলোঁ যে ইমান নাচনী আমি ক’ত পাম? এয়া কেৱল এটা সংখ্যাৰ প্ৰদৰ্শন নহয়, আজি আমি সকলো ইয়াত সমবেত হোৱাৰ আঁৰত আছে বিহুৰ প্ৰতি থকা আমাৰ আন্তৰিকতা৷ বিহু নাচিবলৈ বহুতো নাচনীয়ে পঞ্জীয়ন কৰিছিল যদিও আমি বহুতকে বাদ দিবলগীয়া হ’ল৷ পৰৱৰ্তী পৰ্য্যায়ত আমি ইয়াতকৈ বৃহৎ মঞ্চত ২৫,০০০ নাচনীক লৈ এনে এটি অনুষ্ঠানৰ আয়োজন কৰিম৷”
মূল প্ৰদৰ্শনৰ প্ৰাকমুহূৰ্তত বিচাৰক ঋষি নাথৰ অধীনত অহা গীনিজ বিশ্ব ৰেকৰ্ডৰ এটি দলে উপস্থিত বিহুৱা-নাচনীৰ সংখ্যা গণনা কৰে৷ মূল বাকৰিত উপস্থিত থকা নাচনী আৰু বিহুৱাৰ উপৰি কিছু সংখ্যক ঢুলীয়াই কেইটামান বিশেষ গেলেৰীৰপৰা প্ৰদৰ্শনৰ বাবে সাজু হৈ আছিল৷ গীনিজ কৰ্তৃপক্ষই গণনা কৰিবলৈ ড্ৰ’ন আৰু অন্যান্য প্ৰযুক্তিৰো ব্যৱহাৰ কৰে৷
সন্ধিয়া ৫:৪৪ বজাত, গীনিজ ৱৰ্ল্ড ৰেকডৰ্ছৰ বিষয়াই ওলোটা গণনা আৰম্ভ কৰে -“ফাইভ, ফ’ৰ, থ্ৰী, টু, ওৱান…গ”৷ ঠিক সন্ধিয়া ৫:৪৫ বজাত, বিহুৱা আৰু নাচনীসকলে সমবেত কণ্ঠত বিহুনাম জোৰে- “ৰিণিকি ৰিণিকি দেখোঁ গাঁও এখনি… দেখোঁ গাঁও এখনি…সেইখনি চেনাইৰে…সেইখনি চেনাইৰে গাঁও…৷” সম্পূৰ্ণ ষ্টেডিয়ামতে আনন্দৰ জোৱাৰ উঠিল৷
ঢোল, তাল, ম’হৰ শিঙৰ পেঁপা, গগনাৰ তালত নাচনীসকলে কঁকাল ভাঙি বিহুনাচৰ এক সমলয় গঢ়ি তুলিলে৷ সম্পূৰ্ণ প্ৰদৰ্শনটোত পৰিস্ফুট হৈছিল অসমীয়া চহকী সংস্কৃতি আৰু যৌৱনৰ ভালপোৱাৰ আৱেগৰ অভিব্যক্তি৷
সন্ধিয়া ৬:০১ বজাত, ১৫ মিনিট আৰু ৩৯ ছেকেণ্ডৰ বিহুনাচ প্ৰদৰ্শনৰ পাছত সৰুসজাই ষ্টেডিয়ামত প্ৰতিধ্বনিত্ব হ’ল এজাউৰি বৃহৎ হাতচাপৰি৷ এক অৰ্থত নতুন ইতিহাস ৰচাৰ আনন্দত এই হাতচাপৰি সমগ্ৰ অসমৰ আকাশতে গুঞ্জৰিত হ’ল৷
আনন্দত আৱেগিক হৈ পৰা মুখ্যমন্ত্ৰীয়ে সমবেত লোকসকলক জনায় যে গীনিজ কৰ্তৃপক্ষই এই বিহু অনুষ্ঠানত মুঠ ১১,৩০৪গৰাকী বিহুৱা আৰু বিহুৱতী উপস্থিত থকাৰ কথা নিশ্চিত কৰিছে, যি একে স্থানতে সৰ্বাধিক সংখ্যক নৃত্যশিল্পীৰ বিহুনাচ প্ৰদৰ্শনৰ বিশ্ব অভিলেখ গঢ়িছে৷
গীনিজৰপৰা অহা বিচাৰকগৰাকীয়ে ইয়াক “এক চমৎকাৰ” হিচাপে অভিহিত কৰি কয়, “এয়া আজিলৈকে মই দেখা আটাইতকৈ আকৰ্ষণীয় প্ৰদৰ্শন৷”
প্ৰথমটো প্ৰদৰ্শনৰ পাছত, মূল বাকৰিখন আন এটা বিশ্ব অভিলেখ গঢ়িবলৈ ঢুলীয়াসকলৰ বাবে মুকলি কৰি দিয়া হয়৷ সাত মিনিটৰ এই প্ৰদৰ্শনৰ জৰিয়তে অসমে একে স্থানতে সংগত কৰা সৰ্বাধিক সংখ্যক ঢোলবাদনেৰে বিশ্ব অভিলেখ গঢ়ে৷
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই অনুষ্ঠানটোৰ সমাপ্তিত এটা বিহুনাম জোৰাৰ সময়ত মুখ্যমন্ত্ৰী ড॰ শৰ্মাইয়ো সতীৰ্থ মন্ত্ৰীগৰাকীৰে এপাক বিহু নাচে৷