কেইদিনমান পূৰ্বে নেদাৰলেণ্ডছৰ ৰিৱাইলডিং একাডেমীৰ সঞ্চালক এৰেণ্ড ডি হাছে ৰাষ্ট্ৰসংঘই প্ৰদান কৰা বঁটাটিৰ জৰিয়তে মোৰ বিষয়ে জানিবলৈ পাই মোক লগ ধৰিবলৈ আহিছিল৷ তেখেতৰ যাত্ৰা অপৰিকল্পিত আছিল বাবেই কাজিৰঙা বা মানাহ দেখুৱাবলৈ মই সুযোগেই নাপালোঁ৷ দীপৰ বিল, আমিনগাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ, দদৰা, পছৰীয়া, শিঙিমাৰী, আজ্ঞাঠুৰী, পলাশবাৰী, হুদুমপুৰ, ভট্টাপাৰাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ, ৰাণীগাওঁ, গঁড়ভাঙ্গা পাহাৰ, পবিতৰা আৰু মৰিগাঁৱলৈকে যাত্ৰাপথৰ প্ৰাকৃতিক পৰিৱেশ দেখা পায়েই মোৰ সৈতে সহমত প্ৰকাশ কৰি তেওঁ কলে, “ইউ আৰ ৰাইট পূৰ্ণিমা, আই এম ইন এ বায়’ডাইভাৰছিটি হটস্পট৷” মই ভাবোঁ অসমৰ যিকোনো ঠাইতেই আমাৰ চহকী প্ৰাকৃতিক পৰিৱেশ, সংস্কৃতি, থলুৱা খাদ্যসম্ভাৰত থকা বৈচিত্ৰ্যৰ হৃদয়ংগম কৰিব পাৰি৷ প্ৰাকৃতিক পৰিৱেশ আৰু বন্যপ্ৰানীৰ বৈচিত্ৰ্যৰ বাবে আজি বিশ্বই অসমক স্বীকৃতি প্ৰদান কৰিছে, এয়া আমাৰ বাবে গৌৰৱৰ বিষয়৷ এই কৃতিত্ব অসমৰ ৰাইজৰ, অসমত হৈ থকা বনানীকৰণ আৰু বন্যজীৱনৰ পুনৰ সংস্থাপন পদক্ষেপৰ৷ যোৱা দুটা দশকজুৰি মই হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি এটা কথা অনুভৱ কৰিছোঁ যে লাহে লাহে আমাৰ সমাজত বন্যপ্ৰানীৰ সংৰক্ষণক লৈ এক সজাগতা আহিছে৷
কেইদিনমান আগৰ কথা, ৰাতিপুৱা ৫ বজাত জালুকবাৰীৰ পৰা দিগন্ত দাস নামৰ এগৰাকী ব্যক্তিয়ে মোলৈ ফ’ন কৰিলে৷ তেওঁ মোক জনালে যে তেওঁ দুটা প্ৰাপ্তবয়স্ক সদৃশ হাড়গিলা আঘাতপ্ৰাপ্ত হৈ পৰি থকা দেখা পাইছে৷ জালুকবাৰীত হাড়গিলা দেখিবলৈ পোৱাটো তেওঁৰ বাবে নতুন আছিল৷ তেওঁৰ বৰ্ণনাৰ পৰাই মই বুজি পালোঁ যে সেইকেইটা হাড়গিলাৰ পোৱালীহে আৰু প্ৰথমবাৰ উৰি অহাৰ বাবে এনে ঘটনা সংঘটিত হৈছে৷ মই বন বিভাগৰ সৈতে যোগাযোগ কৰাৰ সময়খিনিৰ ভিতৰতে দিগন্ত দাসে ১০০ ডায়েল কৰি আৰক্ষীৰ সৈতেও যোগাযোগ কৰে আৰু আৰক্ষী তাত আহি উপস্থিত হয়৷ পাছত আৰক্ষী আৰু বন বিভাগৰ সহযোগত চৰাইকেইটা উদ্ধাৰ কৰা হয়৷
দাস ডাঙৰীয়াৰ দৰে বহু ব্যক্তিয়ে মোৰ সৈতে যোগাযোগ কৰে৷ বন্যপ্ৰানী বসতিপ্ৰধান অঞ্চলত এই সম্পৰ্কীয় সজাগতা নতুন কথা নহয়, কিন্তু আজিকালি হাড়গিলা সততে নেদেখা অঞ্চলৰ মানুহেও মোৰ সৈতে যোগাযোগ কৰা দেখা পাইছোঁ৷ সমাজৰ প্ৰতিজন ব্যক্তিয়ে হয়তো হাড়গিলা আৰু বৰটোকোলাৰ মাজৰ পাৰ্থক্য বা বয়স্ক আৰু পোৱালী হাড়গিলা চিনি নাপাবও পাৰে৷ তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বন্যপ্ৰানী এটিৰ প্ৰতি থকা মৰম আৰু দায়িত্বৰ ক্ষেত্ৰত থাকিবলগীয়া সজাগতা৷ উদাহৰণস্বৰূপে, বন্যপ্ৰানী এটা অৱচেতন অৱস্থাত উদ্ধাৰ হ’লে পানী ঢলা বা আশেপাশে মানুহ গোট খোৱা আদিৰ পৰা বিৰত থাকিব লাগে৷ এনেধৰণৰ সজাগতাও লাহে লাহে বৃদ্ধি পাইছে যেন মোৰ অনুভৱ হয়৷
অসমৰ যিকোনো ঠাইত এনে সমস্যা হলেই ৰাইজে প্ৰথমে আৰক্ষীৰ সৈতে যোগাযোগ কৰে৷ সেয়ে বন্যপ্ৰানী উদ্ধাৰৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপসমূহক লৈ আৰক্ষী বিভাগত সজাগতাৰ প্ৰয়োজন৷ চৰকাৰে এই বিষয়ে এক পৰিকল্পনা কৰাৰ অৱকাশ আছে৷ লগতে বনবিভাগৰ হেল্পলাইনকেইটাৰ প্ৰচাৰৰ ক্ষেত্ৰত অধিক সক্ৰিয়তা অৱলম্বন কৰিব পৰা যায়৷ মাই গভ্ অসমৰ দৰে মঞ্চত বন্যপ্ৰানী উদ্ধাৰ সম্পৰ্কীয় সজাগতা প্ৰচাৰ কৰিব পাৰি৷ ৰাজ্যৰ বিভিন্ন স্থানত বন্যপ্ৰানী উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনাও কৰিব পৰা যায়৷
অৱশ্যে, বন বিভাগ আৰু অসম ৰাজ্যিক চিৰিয়াখানাকে আদি কৰি এটা বিশাল টীমৱৰ্কৰ বাবে আমি এতিয়ালৈকে ৫৫০টাতকৈও অধিক হাড়গিলাৰ পোৱালী আৰু চৰাইৰ পুনৰসংস্থাপন কৰিবলৈ সক্ষম হৈছোঁ৷ এইক্ষেত্ৰত বহু প্ৰশাসনিক বিষয়াৰ সৈতে মোৰ ইতিবাচক অভিজ্ঞতা আছে৷ তেনে এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কামৰূপ জিলাৰ উপায়ুক্ত হৈ থকাৰ সময়ত আনকি নিজৰ বাহনখনো আমাক হাড়গিলা উদ্ধাৰ কৰিবলৈ প্ৰদান কৰিছিল৷ দদৰাৰ কেইবাটাও হাড়গিলা উদ্ধাৰ অভিযানৰ সময়ত আমি আৰক্ষীৰ সহায় ল’বলগীয়া হোৱাত সেই সময়ৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষী চকীত থকা ভাৰপ্ৰাপ্ত বিষয়াই আমাক যথেষ্ট সহায় কৰিছিল৷ কেৱল হাড়গিলাই নহয় অন্য জীৱ-জন্তুৰ ক্ষেত্ৰতো বন বিভাগৰ বিষয়াকে ধৰি কৰি তৃণমূল পৰ্যায়ৰ কৰ্মী, পশু চিকিৎসক আদিৰ মাজত সক্ৰিয়তা আৰু আন্তঃবিভাগীয় সহযোগিতাৰ পৰিৱেশ গঢ় লৈ উঠাটো আমাৰ বাবে এক বৃহৎ সকাহ৷
মই ভাবোঁ এনে ইতিবাচক পৰিৱেশে মানুহ আৰু বন্যপ্ৰানীৰ সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায় কৰিব৷ প্ৰায় ১৪ বছৰমান আগৰ কথা৷ দদৰাৰ নমিতা দাস নামৰ এগৰাকী মহিলাই হাড়গিলাই খোৱা দহটা হাঁহৰ মূল্য বিচাৰিব বুলি মোক লগ ধৰিবলৈ আহিছিল৷ কাৰণ মই হাড়গিলা সংৰক্ষণৰ কাম কৰোঁ বুলি তেওঁ নিজৰ ছোৱালীজনীৰ পৰা জানিব পাৰিছিল৷ দদৰাৰ শংকৰদেৱ শিশু নিকেতনৰ এখন সভাত মোৰ কথা শুনি নমিতা বাইদেউৰ মনৰ ভাৱ সলনি হয়৷ পৰিৱেশৰ সুৰক্ষাৰ বাবে মনৰ পৰিৱৰ্তন প্ৰয়োজনীয়৷ আজি নমিতা বাইদেউ আমাৰ ‘হাড়গিলা আৰ্মী’ৰ এগৰাকী সক্ৰিয় সদস্য আৰু তেওঁৰ দৰে হাজাৰ হাজাৰ মহিলা আজি একোগৰাকী পৰিৱেশ কৰ্মী৷
হাড়গিলা সংৰক্ষণৰ কামত জড়িত হৈ মই অনুভৱ কৰিছোঁ যে আমাৰ প্ৰকৃতি আৰু বন্যজীৱনে আমাক এক বহনক্ষম পৰিৱেশ প্ৰদান কৰিছে৷ আমাৰ কলা-কৃষ্টি, খাদ্যসম্ভাৰ, হস্ততাঁত-বস্ত্ৰশিল্পত আৰু সৃষ্টিশীলতাত এই বহনক্ষমতাৰ উদাহৰণ বিদ্যমান আৰু আমি এনে এক অৰ্থনীতিৰো গঢ় দিব পাৰোঁ৷ ইয়াৰ এক সুন্দৰ উদাহৰণ হ’ল ‘বহনক্ষম পাৰিপাৰ্শ্বিক পৰ্যটন’৷ আমি ‘হাড়গিলা আৰ্মী’ৰ জৰিয়তেও বহনক্ষম অৰ্থনীতি গঢ় দিবলৈ অসমৰ বিভিন্ন স্থানৰ মহিলাসকলক একত্ৰিত কৰি তৃণমূল পৰ্যায়ত এক সজাগতা অনাৰ প্ৰয়াস কৰিছোঁ৷
বন্যপ্ৰানী সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ সদিচ্ছা আমি দেখা পাইছোঁ৷ এই বিষয়ে মই সগৌৰৱে ২০২১ চনৰ টেড এক্স অনুষ্ঠানত হোৱা সাক্ষাৎকাৰত এটি প্ৰশ্নৰ উত্তৰত জনাইছিলোঁ যে গঁড় সংৰক্ষণৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাক আমি উদযাপন আৰু প্ৰচাৰ কৰিব লাগে৷ যিদৰে গঁড় অসমৰ প্ৰতীক, ঠিক তেনেদৰেই হাড়গিলা, শিহু, দলহৰিণা বা বনৰৌৰ দৰে অন্য বন্যপ্ৰানীৰ (বিলুপ্তপ্ৰায় আৰু অসুৰক্ষিত) ক্ষেত্ৰতো এটা ব্ৰেণ্ড গঢ়ি তোলাৰ অৱকাশ আছে৷ এই ব্যৱস্থাই এই প্ৰানীসমূহৰ সংৰক্ষণৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব৷ লগতে বহনক্ষম পৰিৱেশ পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব৷
শেষত আমি সকলোৱে গৌৰৱ কৰিব পৰা এই অনন্ত শাশ্বত কথাষাৰ উল্লেখ কৰিম যে, ‘আমাৰ অসম – জৈৱবৈচিত্ৰ্যৰ মহাসংগম৷ য়েছ, ৱি আৰ ইন এ বায়’ডাইভাৰছিটি হটস্পট৷’
(২০২২ বৰ্ষৰ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান ‘চেম্পিয়ন অফ দ্য আৰ্থ’প্ৰাপক লেখিকা এগৰাকী বন্যপ্ৰানী জীৱবিজ্ঞানী আৰু ‘হাড়গিলা আৰ্মি’ৰ প্ৰতিষ্ঠাতা)