ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এনডিএমএ) যোৱা ৮ আৰু ৯ ডিচেম্বৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ)সহযোগত আপদা মিত্ৰসকলৰ এখন পৰ্যালোচনা সভা তথা কৰ্মশালাৰ আয়োজন কৰে৷
এই কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে প্ৰকল্পটোৰ অভিজ্ঞতাৰ ভাগ-বাটোৱাৰা কৰাৰ লগতে আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত থকা প্ৰত্যাহ৩ানসমূহ চিনাক্ত কৰাৰ চেষ্টা কৰে৷ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত থকা আসোঁৱাহসমূহ আঁতৰাই সংশোধন কৰাৰ বিষয়েও কৰ্মশালাত আলোচনা কৰা হয়৷
অনুষ্ঠানত আপদা মিত্ৰৰ এটা থীম ছঙো মুকলি কৰা হয়৷ লগতে তিনিটা গোটত ক্ৰমে উত্তৰ-পূব/পাহাৰীয়া ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল, সমতল ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল আৰু উপকূলীয় ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে ভাগ কৰি তিনিওটা গোটৰ অংশগ্ৰহণকাৰী ৰাজ্যসমূহে তেওঁলোকে ব্যৱহাৰ কৰা সৰ্বশ্ৰেষ্ঠ পদ্ধতি, প্ৰত্যাহ্বান আৰু সফলতাৰ কাহিনী উপস্থাপন কৰে৷
কৰ্মশালাখনৰ শেষত দেশৰ আপদা মিত্ৰসকলৰ বাবে বীমা আঁচনিৰ অন্তৰ্ভুক্তিৰ বিষয়ে আলোচনা কৰা হয়৷ বিভিন্ন ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সামূহিক পদক্ষেপ আৰু ৰাজ্যসাপেক্ষে অনুকূল সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ বিষয়ে এক আলোচনাও কৰা হয়৷
অসমৰ লগতে পশ্চিম বংগ, নাগালেণ্ড, উত্তৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, ছিকিম, হিমাচল প্ৰদেশ, তামিলনাডু, জম্মু-কাশ্মীৰ, ত্ৰিপুৰা, মেঘালয়, পুডুচেৰী, কৰ্ণাটক, চণ্ডীগড়, কেৰালা, পঞ্জাব, গোৱা, মিজোৰাম, ৰাজস্থান, উত্তৰাখণ্ড, ওড়িশা, লাডাখ, দিল্লী, হাৰিয়ানা, দাদৰ আৰু নগৰ হাভেলি, দমন আৰু ডিউ আৰু বিহাৰকে আদি কৰি ভাৰতৰ ৩০খন ৰাজ্যৰ পৰা বহু স্বেচ্ছাসেৱকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া কিশোৰ দত্তই অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয় যে ২০১৭ চনত আৰম্ভ কৰা এই প্ৰকল্পটোত অসমত এতিয়ালৈকে ২,৩৬৭গৰাকী আপদা মিত্ৰক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ তেওঁ লগতে কয়, “এই প্ৰকল্পৰ অধীনত সেই সময়ত অসমৰ কামৰূপ মহানগৰ আৰু যোৰহাটত ৪০০ সদস্যই অংশগ্ৰহণ কৰে৷ ২০২১ চনত এই প্ৰকল্পৰ অধীনত অসমৰ ১৬খন জিলাত ২০২৪ চনৰ মাৰ্চলৈকে সদস্যৰ সংখ্যা ৩,৯০০লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়৷ লগতে এই আপদা মিত্ৰসকলক বানৰ লগতে অন্যান্য দুৰ্যোগৰ সময়ত সেৱা আগবঢ়াব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ অসমত ৬টাকৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে৷”
দত্তই জানিবলৈ দিয়ে যে এইবাৰ বানৰ সময়ত এনডিআৰএফ আৰু এছডিআৰএফৰ জোৱানসকলক সহোযোগ কৰি আপদা মিত্ৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷
কৰ্মশালাখনিৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মাননীয় মন্ত্ৰী যোগেন মহনৰ লগতে এনডিএমএৰ সদস্য ৰাজেন্দ্ৰ সিং, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সামাল, এনডিএমএৰ যুটীয়া সচিব কুনাল সত্যাৰ্থী আৰু বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে৷