• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Friday, February 3, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home কেন্দ্ৰ-ৰাজ্য সংবাদ

আন্তঃগাঁথনিৰ উন্নীতকৰণেৰে ন্যায় ব্যৱস্থাৰ সবলীকৰণ

AB Bureau by AB Bureau
October 1, 2022
in অসমীয়া, কেন্দ্ৰ-ৰাজ্য সংবাদ
0
0
আন্তঃগাঁথনিৰ উন্নীতকৰণেৰে ন্যায় ব্যৱস্থাৰ সবলীকৰণ

Caption: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় সূৰ্য কান্ত আৰু হৃষীকেশ ৰয়ৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম চ্ছায়াৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

নলবাৰীৰ টোপেশ্বৰ দাস পেছাত এগৰাকী অধিবক্তা৷ তেওঁ আক্ষেপ প্ৰকাশ কৰি কয় যে তেওঁ আইন চৰ্চা কৰি অহা নলবাৰী জিলা সত্ৰ ন্যায়ালয়ত ঠাইৰ অভাৱ৷ দেশৰ অন্যান্য প্ৰান্তৰ কিছুসংখ্যক নিম্ন ন্যায়পালিকাৰ দৰেই অধিবক্তা দাসে কৰ্মৰত নলবাৰী ন্যায়ালয়কে ধৰি ৰাজ্যৰ প্ৰায়সংখ্যক নিম্ন আদালতৰে আন্তঃগাঁথনি জৰাজীৰ্ণ হোৱা বাবে ন্যায়ালয়ৰ কাৰ্যসমূহ ফলপ্ৰসূভাৱে সম্পাদন কৰিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷

ৰাজ্যৰ নিম্ন আদালতসমূহত প্ৰতিবছৰে বিচাৰাধীন গোচৰৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ নিম্ন ন্যায়পালিকাসমূহৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ হোৱা নাই৷ প্ৰযুক্তিৰ সহায়েৰে ন্যায় ব্যৱস্থাৰ উন্নীতকৰণৰ উদ্দেশ্যে ২০০৭ চনত আৰম্ভ কৰা ই-কোৰ্ট ইণ্টিগ্ৰেটেড মিশ্যন মোড প্ৰকল্পটো ৰাজ্যত এতিয়াও সম্পূৰ্ণৰূপে বাস্তৱায়িত হোৱা নাই৷

“আমাৰ আদালতসমূহত ঠাইৰ অভাৱ আছে৷ বৰ্তমান নলবাৰী চহৰৰ কাৰ্যবাহী আৰু ন্যায়পালিকা – এই দুয়োটা বিভাগৰে কাম-কাজসমূহ একেটা ভৱনতে সম্পাদন হৈ আছে৷ জিলা পক্স’ আদালতৰ কাম-কাজসমূহো এটা ভাৰাঘৰৰ পৰাই পৰিচালনা কৰা হৈছে৷ আনকি ফট’ষ্টেট মেচিনৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহো আমি নিজৰ সুবিধা অনুযায়ী ৰাখিব পৰা নাই৷ ৰাজ্য চৰকাৰে জিলা আদালতসমূহৰ স্থায়ী আন্তঃগাঁথনিৰ বাবে ভূমি আবণ্টন দিছে যদিও নিৰ্মাণকাৰ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই,” তেওঁ কয়৷

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ন্যায় ব্যৱস্থাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৩০০ কোটি টকা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰাত অধিবক্তা টোপেশ্বৰ দাসে সন্তুষ্টি প্ৰকাশ কৰিছে৷

“নলবাৰীৰ চি জে এম আদালতত এটা উন্নতমানৰ ভিডিঅ’ কনফাৰেন্সিং কক্ষৰ প্ৰয়োজন৷ আদালতত মালখানাৰ বাবেও পৰ্যাপ্ত ঠাইৰ অভাৱ৷ যিহেতু এতিয়া কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ পৰা পুঁজি অনুমোদন কৰা হৈছে, ৰাজ্যৰ নিম্ন ন্যায়পালিকাই ৰাজ্য চৰকাৰৰ পৰা নিশ্চয় সহযোগিতা লাভ কৰিব,” তেওঁ উল্লেখ কৰে৷

অধিবক্তা দাসে লগতে কয় যে নলবাৰী আদালতত ডিজিটেল আন্তঃগাঁথনিৰ অভাৱৰ বাবে ক’ভিড-১৯ মহামাৰীৰ সময়ত আদালতৰ কাম-কাজসমূহ ভাৰ্চুৱেলী সম্পন্ন কৰিবলগীয়া হোৱাত অধিবক্তাসকলে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল৷

একেদৰেই ৰাজ্যৰ ন্যায়িক আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে প্ৰস্তাৱিত বিনিয়োগৰ সিদ্ধান্তক আদৰণি জনাই যোৰহাট বাৰ এছ’চিয়েশ্যনৰ সম্পাদক শেৱালি গগৈ দত্তই অসম বাৰ্তাক কয়, “জিলা আদালতত ই-লাইব্ৰেৰীৰ সুবিধা নাই৷ আদালতৰ ভৱনত সদায় ঠাইৰ সমস্যা হয়৷ যোৰহাট জিলা আদালতত ৪৫০গৰাকী পঞ্জীয়নভুক্ত অধিবক্তা আছে কিন্তু আদালতত বহিবলৈ মাত্ৰ ২৫০খন আসনহে আছে৷ আদালতত বিচাৰাধীন গোচৰৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ খালী পদসমূহ শীঘ্ৰে পূৰণ কৰি গোচৰসমূহ নিষ্পত্তি কৰাটো প্ৰয়োজন৷ সীমিত কৰ্মচাৰীৰ বাবে এমএচিটি আদালতে সুচাৰুৰূপে কাৰ্যসমূহ সম্পাদন কৰিব পৰা নাই৷”

ৰাজ্যত ন্যায় ব্যৱস্থাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩০০ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰেও এইক্ষেত্ৰত সম পৰিমাণৰ অতিৰিক্ত পুঁজি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিছে৷

যোৱা ১০ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ বাৰ কাউন্সিলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ৰাজ্যত ন্যায় প্ৰদান প্ৰক্ৰিয়া শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে নিম্ন ন্যায়পালিকাত ১০০টা পদৰ সৃষ্টি কৰা হ’ব৷

ৰাজ্য চৰকাৰে ওকালতিৰ পৰা অৱসৰ গ্ৰহণ কৰা অধিবক্তাসকলৰ বাবেও বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা কৰি আছে বুলি তেওঁ উল্লেখ কৰে৷

অনুষ্ঠানটোত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজু, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ হৃষীকেশ ৰয়, ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম চ্ছায়া উপস্থিত থাকে৷ অনুষ্ঠানত উপস্থিত ব্যক্তিসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই বাৰ কাউন্সিলৰ ৬০ বছৰীয়া যাত্ৰা সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷

ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামী, তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল কুমাৰ ভূঞা, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা প্ৰাক্তন ন্যায়াধীশসকল, ভাৰতৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ মানন কুমাৰ মিশ্ৰ আৰু অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ বাৰ কাউন্সিলৰ অধ্যক্ষ জি এন ছাহেৱালাকে আদি কৰি আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তিও অনুষ্ঠানটোত উপস্থিত আছিল৷

“অসমৰ অধিকাংশ নিম্ন আদালতত পৰ্যাপ্ত ঠাইৰ অভাৱ৷ আনকি ন্যায়ালয়তো ইয়াৰ সদস্যসকলে বহিব পৰাকৈ পৰ্যাপ্ত ঠাই নাই৷ নিম্ন ন্যায়পালিকাই সঠিকভাৱে কাম কৰিবলৈ উন্নত আন্তঃগাঁথনিৰ প্ৰয়োজন,” অধ্যক্ষ ছাহেৱালাই কয়৷

মুখ্যমন্ত্ৰী ড° শৰ্মাই একেদিনাই উচ্চ ন্যায়ালয় চৌহদৰ পুৰণি ব্লকত নিৰ্মিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰে৷ সংগ্ৰহালয়টোত ভাৰতীয় সংবিধানৰ হাতে লিখা প্ৰতিলিপি, অধিবক্তাৰ পোছাক, অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ উইগ, লিথো মেচিন আদি সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে৷

ন্যায় ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ৯,০০০ কোটি টকাৰ অনুমোদন : কিৰেণ ৰিজিজু

অসম বাৰ্তা, গুৱাহাটী

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে উত্তৰ-পূব ভাৰতৰ পাঁচখন ৰাজ্য অসম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ছিক্কিমৰ বাৰ কাউন্সিলৰ হীৰক জয়ন্তী উদযাপন কাৰ্যসূচী উদ্বোধন কৰে৷

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰীগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয় কলেজিয়ামৰ সৈতে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ উচ্চ ন্যায়ালয়সমূহত খালী হৈ থকা ন্যায়াধীশৰ পদসমূহৰ বিষয়টো সমাধান কৰিব৷ “উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত কৰাটো কাৰ্যবাহী আৰু ন্যায়পালিকাৰ মাজত এক সহযোগিতামূলক প্ৰক্ৰিয়া আৰু ইয়াৰ লগত ৰাজ্য আৰু কেন্দ্ৰীয় পৰ্যায়ৰ বিভিন্ন সাংবিধানিক কৰ্তৃপক্ষৰ অনুমোদন প্ৰক্ৰিয়া জড়িত হৈ থাকে,” তেওঁ কয়৷

দেশৰ আদালতসমূহত বিচাৰধীন গোচৰৰ সংখ্যা ৫ কোটিৰ সীমা অতিক্ৰম কৰাৰ লগে লগে নতুনকৈ দাখিল হোৱা গোচৰসমূহৰ নিষ্পত্তিৰ গতি লেহেম হৈ আহিছে বুলি মন্ত্ৰী ৰিজিজুৱে উল্লেখ কৰে৷

কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ন্যায় ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে শেহতীয়াকৈ কেন্দ্ৰই ৯,০০০ কোটি টকাৰ অনুমোদন আগবঢ়াইছে৷

ShareTweetShare

Related Posts

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
0
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
0
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
0
মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
0
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
0
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
0
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In