আমিনগাঁৱৰ কালীবাৰী নিৱাসী সবিতা দাস, মানসী কলিতা আৰু ৰিংকু দেৱীৰ দৰে অঞ্চলটোৰ আন বাসিন্দাসকলে প্ৰতিবছৰে বান সমস্যাৰ সন্মুখীন হৈ আহিছে, যাৰ বাবে মে’, জুন আৰু জুলাই মাহ তেওঁলোকৰ বাবে হৈ পৰে অভিশাপস্বৰূপ৷ ঘন জনবসতিপূৰ্ণ আৰু দ এলেকাটো বান সমস্যাৰে জৰ্জৰ হোৱাৰ ফলত আশ্ৰয় শিবিৰসমূহেই হৈ পৰে তেওঁলোকৰ ভৰসাৰ স্থল তথা বিকল্প বাসস্থান৷
বান সমস্যাৰ বিষয়ে উল্লেখ কৰি শিবিৰত আশ্ৰয় লোৱা ৫ আৰু ৭ বছৰীয়া দুগৰাকী কন্যা সন্তানৰ মাতৃ সবিতা দাসে (৩৫) কয়, “প্ৰতি বছৰে বানে আমাৰ শস্য, পশুধন, সম্পত্তিৰ ক্ষতি কৰে৷ যাৰ ফলত আমি সৰ্বস্ব ত্যাগ কৰি কাষৰীয়া শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হওঁ৷”
আমিনগাঁওস্থিত শৰাইঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিবিৰত আশ্ৰয় লোৱা সবিতা দাসে লগতে কয়, “বেছিভাগ আশ্ৰয় শিবিৰতে উপযুক্ত অনাময় ব্যৱস্থাৰ অভাৱৰ ফলত ঋতুস্ৰাৱৰ সময়ত মহিলাসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়৷ কৰ্তৃত্বশীল মহিলাৰ অনুপস্থিতিৰ ফলত আমাৰ অভিযোগৰ প্ৰতি প্ৰায়ে গুৰুত্ব নিদিয়া যেন অনুভৱ হয়৷”
“বান সমস্যাৰ মোকাবিলা কৰিবলৈ কৰা প্ৰস্তুতিৰ সময়ত ১ টকা বিনিয়োগ কৰিলে দুৰ্যোগৰ সময়ত ৫০ টকা ৰাহি হ’ব পাৰে৷ বান পৰিস্থিতিৰ সময়ত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি ফলপ্ৰসূ সমাধানৰ বাট মুকলি কৰিবলৈ এইবছৰ আমি বিভিন্ন ক্ষেত্ৰৰ ৬টা অনুষ্ঠানৰ সৈতে জড়িত হৈছোঁ”
জি ডি ত্ৰিপাঠী (অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া)
কিন্তু এইবছৰ আশ্ৰয় শিবিৰসমূহত এনে সুবিধা নিশ্চিত কৰাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে৷ মহিলাৰ দ্বাৰা পৰিচালিত এটা শিবিৰত আশ্ৰয় গ্ৰহণ কৰা সবিতা দাসে তেখেতৰ সমস্যাবোৰ সমাধান কৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে৷
এইক্ষেত্ৰত মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ বাট মুকলি কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ ১৫৭টা ৰাজহ চক্ৰত আদৰ্শ আশ্ৰয় শিবিৰ স্থাপন কৰি মহিলাসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিছে৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জি ডি ত্ৰিপাঠীয়ে অসম বাৰ্তাৰ প্ৰতিনিধিক কয়, “বান সমস্যাৰ মোকাবিলা কৰিবলৈ কৰা প্ৰস্তুতিৰ সময়ত ১ টকা বিনিয়োগ কৰিলে দুৰ্যোগৰ সময়ত ৫০ টকা ৰাহি হ’ব পাৰে৷ বান পৰিস্থিতিৰ সময়ত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি ফলপ্ৰসূ সমাধানৰ বাট মুকলি কৰিবলৈ এইবছৰ আমি বিভিন্ন ক্ষেত্ৰৰ ৬টা অনুষ্ঠানৰ সৈতে জড়িত হৈছোঁ৷”
প্ৰতিটো ৰাজহ চক্ৰত সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত সমিতিৰ এই আদৰ্শ আশ্ৰয় শিবিৰৰ বিষয়ে উল্লেখ কৰি তেখেতে কয় যে সৰ্বলিংগৰ অন্তৰ্ভুক্তি সুনিশ্চিত কৰি শিবিৰসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা তথা আশ্ৰয় লোৱা লোকসকলৰ সুচাৰুৰূপে যত্ন লোৱাৰ দিশতো গুৰুত্ব দিয়া হৈছে৷
শৰাইঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আৰু সমিতিৰ সদস্য সাধৰী বৈশ্যই এই সময়ছোৱা শিকাৰ বাবে এক সুবৰ্ণ সুযোগ বুলি অভিহিত কৰি কয়, “শিক্ষক হিচাপে সমাজৰ প্ৰতি আমাৰ যথেষ্ট দায়িত্ব আছে৷ কিন্তু আন মহিলাৰ সৈতে এটা আশ্ৰয় শিবিৰ পৰিচালনা কৰাটো মোৰ বাবে এক নতুন আৰু প্ৰত্যাহ্বানমূলক অভিজ্ঞতা আছিল৷”
বিদ্যালয়খনৰ অধ্যক্ষ তিলক চন্দ্ৰ গোস্বামীয়ে তেখেতৰ বিদ্যালয়ত আদৰ্শ আশ্ৰয় শিবিৰ স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে৷
“মহিলা আৰু শিশুসকলে তেওঁলোকৰ বেছিভাগ সময় এই শিবিৰতে অতিবাহিত কৰে৷ আনহাতে বান কমাৰ পাছত পুৰুষসকলে কামৰ সন্ধান কৰে৷ মহিলা পৰিচালনা সমিতি গঠন কৰাৰ ফলত মহিলা বন্যাৰ্তসকলে উন্নত সুযোগ-সুবিধা লাভ কৰিব,” গোস্বামীয়ে কয়৷ তেওঁ লগতে কয় যে সহায়িকাসকলৰ আগ্ৰহ আৰু আন্তৰিকতাই প্ৰতিটো আশ্ৰয় শিবিৰত থকা ব্যক্তিসকলৰ সুবিধা নিশ্চিত কৰিছে৷
দুৰ্যোগৰ সময়ত শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হয়৷ বিশেষকৈ বানৰ সময়ত দীৰ্ঘদিন ধৰি বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে তেওঁলোকৰ বাৰ্ষিক পাঠ্যক্ৰম গভীৰভাৱে ক্ষতিগ্ৰস্ত হয়৷ এই শিবিৰসমূহে শিশুসকলৰ বাবে এক বন্ধুত্বপূৰ্ণ পৰিৱেশ সৃষ্টি কৰাৰ লগতে শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰা, পুষ্টিকৰ আহাৰ আৰু স্বাস্থ্যজনিত সেৱাসমূহৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷
পৰিৱেশৰ মুহূৰ্ত
“অত্যাৱশ্যকীয় সেৱাসমূহৰ উপলভ্যতা নিশ্চিতকৰণেৰে অসম চৰকাৰে প্ৰতিটো আশ্ৰয় শিবিৰত কেঁচুৱাক মাতৃদুগ্ধ পান কৰোৱাবলৈ বাধ্যতামূলকভাৱে এটি বিশেষ স্থানৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে,” ত্ৰিপাঠীয়ে কয়৷
যদিও ১৫৭টা ৰাজহ চক্ৰত আদৰ্শ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে, কিন্তু বৰ্তমান প্ৰায় বানৰ প্ৰভাৱত থকা ৫০টা চক্ৰতহে এই শিবিৰ কাৰ্যকৰী হৈ আছে৷ ইউনিচেফৰ স্বতন্ত্ৰ নিৰীক্ষকসকলে ইয়াৰ এক-তৃতীয়াংশ শিবিৰ পৰ্যবেক্ষণ কৰি অসম চৰকাৰক এক মূল্যাংকন প্ৰতিৱেদন আগবঢ়াব৷
বিঃদ্ৰঃ – জুন মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে শৰাইঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছিল৷ এই প্ৰতিৱেদন সেই সময়তেই প্ৰস্তুত কৰা হৈছিল৷ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত এতিয়া শিবিৰটো বৰ্তমান বন্ধ কৰি দিয়া হৈছে আৰু ইয়াত আশ্ৰয় লোৱা লোকসকল নিজ গৃহলৈ সুকলমে উভতি যাবলৈ সক্ষম হৈছে৷